চাকমা-হাজং শৰণাৰ্থীঃ অৰুণাচল ৰক্ষা পৰিব, অসমৰ কি হ'ব?

CAA ৰ জৰিয়তে হেনো অসমত সংস্থাপিত কৰিব অৰুণাচলৰ চাকমা, হাজং শৰণাৰ্থীক
চাকমা-হাজং শৰণাৰ্থীঃ অৰুণাচল ৰক্ষা পৰিব, অসমৰ কি হ'ব?
চাকমা-হাজং শৰণাৰ্থীঃ অৰুণাচল ৰক্ষা পৰিব, অসমৰ কি হ'ব?

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ এক বক্তব্যত প্ৰকাশ পাইছে অৰুণাচলৰ চাকমা আৰু হাজং শৰণাৰ্থীক CAA ৰ জৰিয়তে সংস্থাপিত কৰিব অসমত। ইয়াৰ বিৰোধিতা কৰিছে অসমৰ দল, সংগঠনে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰিছে অজ্ঞতা। এই শৰণাৰ্থীসকলক কিয় অৰুণাচলৰ পৰা আঁতৰাব বিচৰা হৈছে, কেনেকৈ অসমত সংস্থাপিত কৰিব বিচৰা হৈছে এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

CAA ৰ জৰিয়তে অসমত সংস্থাপন দিয়া হ'ব অৰুণাচল প্ৰদেশত শৰণাৰ্থী হিচাপে বাস কৰি থকা প্ৰায় ৫ লাখ চাকমা আৰু হাজং জনগোষ্ঠীয় লোকক। অৰুণাচলৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰাৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ উপৰিও অসম জাতীয় পৰিষদে এই সিদ্ধান্তক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্টতাৰে উল্লেখ কৰিছে।

এনে প্ৰতিক্ৰিয়াৰ মাজতে অৱশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিৰেণ ৰিজিজুক এই বক্তব্যক অৰুণাচলৰ ৰাজনীতিৰ সৈতে জড়িত এক ৰাজনৈতিক বক্তব্য বুলিহে উল্লেখ কৰিছে। ড০ শৰ্মাই এই বিষয়ে কিৰেণ ৰিজিজুৱে অথবা কেন্দ্ৰীয় চৰকাৰে তেওঁৰ লগত কোনো কথা পতা নাই বুলিও উল্লেখ কৰিছে।   

কোন এই চাকমা, হাজংসকল? কেনেকৈ আহিল অৰুণাচললৈ?

অৰুণাচলত বাস কৰি থকা চাকমা আৰু হাজং জনগোষ্ঠীয় শৰণাৰ্থীসকলে বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰিছিল। ইয়াৰে চাকমাসকল বৌদ্ধ ধৰ্মত বিশ্বাসী আৰু হাজংসকল হিন্দু ধৰ্মত বিশ্বাসী।

এই দুই জনগোষ্ঠীৰ পূৰ্বৰ আবাসস্থলী আছিল বাংলাদেশৰ পাৰ্বত্য অঞ্চল চট্টগ্ৰাম আৰু ম্যানমাৰৰ লাগোৱাত। কিন্তু পৰৱৰ্তী সময়ত ধৰ্মীয় উৎপীড়নৰ বলি হৈ এই লোকসকলে চট্টগ্ৰাম এৰি পলায়ন কৰে।

তেতিয়াৰ পূব পাকিস্তান আৰু পৰৱৰ্তী সময়ৰ বাংলাদেশত এই লোকসকল ধৰ্মীয় উৎপীড়নৰ বলি হয়। ফলত তেওঁলোকে সীমান্ত অতিক্ৰম কৰি উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা কৰে। ইয়াৰে এটা বৃহৎ অংশই তেতিয়াৰ নেফা আৰু এতিয়াৰ অৰুণাচলত আশ্ৰয়গ্ৰহণ কৰাৰ বিপৰীতে এটা অংশই আকৌ পশ্চিমবংগত আশ্ৰয়গ্ৰহণ কৰে।

 ১৯৬৪ চনৰ পৰা এই চাকমা আৰু হাজংসকলে চট্টগ্ৰামৰ পৰা প্ৰব্ৰজন আৰম্ভ কৰিছিল। সেই সময়ৰ লুছাই হিলছ আৰু এতিয়াৰ মিজোৰাম হৈ তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল। ১৯৬৪ চনত এই প্ৰব্ৰজনকাৰী চাকমা আৰু হাজংসকলৰ জনসংখ্যা আছিল মাত্ৰ কেইবা হাজাৰমান। কিন্তু বৰ্তমান এইসকল লোকৰ জনসংখ্যা কেইবা লাখৰ ঘৰলৈ বৃদ্ধি হৈছে।

এইলোকসকলে পূৰ্বে তিব্বতী ভাষাত কথা-বতৰা পাতিছিল যদিও বৰ্তমান তেওঁলোকে চট্টগ্ৰামৰ ভাষাই ব্যৱহাৰ কৰে। ইন্দো, তিব্বতীয় জনগোষ্ঠীয় হাজংসকল বহু পূৰ্বৰে পৰা অসম, মেঘালয়ত বাস কৰি আহিছে। বাংলাদেশত প্ৰায় ৫০ হাজাৰ লোক আছে। ১৯৬৪ ৰ পৰা ১৯৬৯ লৈ চট্টগ্ৰাম পাহাৰীয়া অঞ্চলৰ পৰা ২,৭৪৮ টা পৰিয়ালৰ ১৪,৮৮৮ জন চাকমা-হাজং শৰণাৰ্থী অৰুণাচলৰ ছাংলাং জিলাৰ বৰডুমচা আৰু পাপুম পাৰে জিলাৰ কোকিলাত আশ্ৰয় গ্ৰহণ কৰিছিল। বৰ্তমান এই লোকসকলৰ জনসংখ্যাই লাখৰ ঘৰ অতিক্ৰম কৰিছে।

১৯৯০ চনৰ পৰাই অল অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ ইউনিয়নে চাকমা, হাজংৰ বিৰুদ্ধে কৰি আহিছে প্ৰতিবাদ

১৯৯০ চনৰ পৰাই চাকমা আৰু হাজংসকলক অৰুণাচলৰ পৰা বিতাৰিত কৰি আন ক'ৰবালৈ স্থানান্তিৰ কৰাৰ দাবী কৰি আহিছে। ৰাজ্যখনত এই শৰণাৰ্থীসকলৰ বিৰুদ্ধে কেইবাটাও গণ আন্দোলন সংঘটিত হৈছে।

সংগঠনটোৱে অৰুণাচলত এই লোকসকলৰ সংস্থাপনৰ বিৰোধীতা কৰি কৈ আহিছে তেওঁলোক ভাৰতীয়ৰ বিৰোধী নহয়। কিন্তু চাকমা আৰু হাজংসকলক সেই ৰাজ্যত সংস্থাপিত কৰাৰ বিৰোধী। কিয়নো এইসকলে ৰাজ্যখনৰ জনগাঁথনিত প্ৰভাৱ পেলাব।

উচ্চতম ন্যায়ালয়তো উঠিছিল এইসকলৰ প্ৰসংগ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০১৫ চনতেই চাকমা আৰু হাজংসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ এক নিৰ্দেশ প্ৰদান কৰিছিল। অৱশ্যে অৰুণাচল প্ৰদেশৰ তদানীন্তন চৰকাৰে এই ৰায় পুনৰ বিবেচনা কৰিবলৈ উচ্চতম ন্যায়ালয়ত পুনৰ আবেদন কৰিছিল। উচ্চতম ন্যায়ালয়ে অৰুণাচল চৰকাৰৰ এই আবেদন খাৰিজ কৰে। ২০১৫ চনত উচ্চতম ন্যায়ালয়ে চাকমা আৰু হাজংসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল যদিও এই পৰ্যন্ত অৱশ্যে এই নিৰ্দেশনা কাৰ্যকৰী কৰিব পৰা নাই।

উল্লেখ্য যে, ১৯৮০ চন পৰ্যন্ত চাকমা আৰু হাজংসকলে ভাৰতীয় লোকৰ দৰেই ৰেচন কাৰ্ড, চাকৰি আৰু অন্যান্য সুবিধা লাভ কৰিছিল। কিন্তু ১৯৯০ ৰ দশকত তেওঁলোকৰ পৰা এই অধিকাৰসমূহ কাঢ়ি লোৱা হয়। তেওঁলোকক অবৈধ বাসিন্দা বুলি চিহ্নীত কৰা হয়।

১৯৯৬ ৰ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে এক গোচৰৰ ৰায়ত কৈছিল, অৰুণাচল প্ৰদেশৰ ৰাজ্য, অৰুণাচল প্ৰদেশে নিশ্চিত কৰিব যে, ৰাজ্যখনৰ ভিতৰত বাস কৰা প্ৰতিজন চাকমাৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতা সুৰক্ষিত থাকে আৰু চাকমাসকলৰ জীৱন আৰু স্বাধীনতা সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় অৰ্ধসামৰিক বাহিনী বা আৰক্ষী বাহিনীৰ সেৱা গ্ৰহণ কৰি অল অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ ইউনিয়নৰ দৰে সংগঠনে তেওঁলোকক বলপূৰ্বক উচ্ছেদ বা বিতাড়িত কৰাৰ যিকোনো প্ৰচেষ্টা প্ৰত্যাহাৰ কৰিব।

চাকমা, হাজংসকলে সলনি কৰিব অৰুণাচলৰ জনবিন্যাস

অৰুণাচলত বৰ্তমান বাস কৰি থকা লাখৰো অধিক চাকমাসকলক যদিহে অৰুণাচলত নাগৰিকত্ব প্ৰদান কৰা হয় তেন্তে সমগ্ৰ অৰুণাচলৰ জনবিন্যাস সলনি হৈ পৰিব। সমান্তৰালকৈ অৰুণাচলৰ অৰ্থনীতিত ইয়াৰ প্ৰভাব পৰিব।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বহু কেইখন বৈঠকত মিলিত হৈছে। এই বৈঠকসমূহত অৰুণাচল চৰকাৰে স্পষ্টতাৰে জনাইছে তেওঁলোকৰ স্থিতি। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে চাকমা আৰু হাজংসকলক অৰুণাচলৰ নাগৰিকত্ব প্ৰদান কৰিলে জনবিন্যাস আৰু অৰ্থনীতি সলনি হ'ব বুলি কেন্দ্ৰক অৱগত কৰাৰ লগতে এই সিদ্ধান্তই অৰুণাচলত অশান্তিৰ সৃষ্টি হব বুলিও আশংকা প্ৰকাশ কৰিছিল।

পেমা খাণ্ডুৱে ৰাজনাথ সিং গৃহমন্ত্ৰী হৈ থকাৰ সময়তে কেন্দ্ৰক জনাইছিল এই লোকসকলক যদিহে নাগৰিকত্ব দিয়া হয় তেন্তে ১৮৭৩ চনৰ বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেচন এক্টৰ দুই আৰু সাত নম্বৰ ধাৰা অমান্য কৰা হ'ব। ইয়াত উল্লেখ আছে অৰুণাচলৰ ভূমিপুত্ৰ উপজাতিৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বহিৰাগতসকলক ইয়াত ভূমিৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, সাংবিধানিক অধিকাৰ প্ৰদান কৰা নহ'ব। প্ৰশাসনৰ অনুমতি অবহিনে বহিৰাগতই অৰুণাচলৰ সীমান্তৰ ভিতৰতো প্ৰৱেশ কৰিব নোৱাৰিব।

CAA ৰ জৰিয়তে দিব নাগৰিকত্ব, সুৰক্ষিত অৰুণাচল প্ৰদেশ

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে উল্লেখ কৰা মতে অৰুণাচলৰ এই চাকমা আৰু হাজং শৰণাৰ্থীসকলক CAA ৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰা হ'ব। তেওঁলোকক অৰুণাচলৰ পৰিৱৰ্তে অসমত সংস্থাপিত কৰা হ'ব। ইয়াৰ আঁৰৰ কাৰণ কি?

দৰাচলতে CAA কাৰ্যকৰী হ'লেও CAA ৰ আওঁতাৰ পৰা বাহিৰত আছে অৰুণাচলকে ধৰি উত্তৰ পূৰ্বঞ্চালৰ কেইবাখনো ৰাজ্য। সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনস্থ ৰাজ্যসমূহক CAA ৰ পৰা বাহিৰত ৰখা হৈছে। ইয়াৰোপৰি যিসমূহ ৰাজ্যত আন্তঃৰাজ্যিক পাৰপত্ৰ বা ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে সেই ৰাজ্যসমূহত কাৰ্যকৰী নহয়।

সেই অনুসৰি ষষ্ঠ অনুসূচীৰ অধীনস্থ মেঘালয়, ত্ৰিপুৰা, মিজোৰামত কাৰ্যকৰী নহয় CAA। অসমৰ বি টি আৰ, কাৰ্বি আংলং আদি ষষ্ঠ অনুসূচীৰ অধীনস্থ অঞ্চল কেইটাতো কাৰ্যকৰী নহয় CAA। অৰুণাচলত যিহেতু ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা গতিকে CAA ৰ পৰা এই ৰাজ্যখনো সুৰক্ষিত। চাকমা আৰু হাজং সকলক সেয়ে CAA ৰ অধীনত নাগৰিকত্ব প্ৰদান কৰিলেও অৰুণাচলত কৰিব নোৱাৰিব। সেয়ে অৰুণাচলৰ পৰিৱৰ্তে অসমত তেওঁলোকক সংস্থাপিত কৰাৰ কথা কোৱা হৈছে।

অসমকো ইনাৰ লাইন পাৰ্মিট দিয়াৰ দাবী দীৰ্ঘদিনীয়া

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও যোৱা ৪৫ বছৰে অসমক আন্তঃৰাজ্যিত পাৰপত্ৰ দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। যদিহে অসমক এই ব্যৱস্থা প্ৰদান কৰিলে হয় তেন্তে CAA ৰ বিৰুদ্ধে অসমৰ ৰাইজে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহ'ল হয়।

অসমত চাকমা, হাজং শৰণাৰ্থীসকলক সংস্থাপিত কৰিব বুলি চৰ্চা চলাৰ সময়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কৈছে- কিৰেণ ৰিজিজু ডাঙৰীয়াই এটা বিবৃতিযোগে প্ৰকাশ কৰিছে যে, অৰুণাচলত বসাবস কৰা চাকমা আৰু হাজং জনগোষ্ঠীয় মানুহবিলাকক অৰুণাচলত কোনো কাৰণতে নাগৰিকত্ব প্ৰদান কৰা নহয়। যিহেতু ৰাজ্যখনত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে।

'কা' কাৰ্যকৰী কৰিলেও ইনাৰ লাইন পাৰ্মিট থকাৰ বাবেই সেই বাংলাদেশৰ শৰণাৰ্থীক তাত নাগৰিকত্ব প্ৰদান কৰিব পৰা নাযাব বা নাগৰিকত্ব প্ৰদান কৰা নহ'ব, এই কথাটো স্পষ্টভাৱে কৈছে। তাৰ লগে লগে এই কথাও সংযোগ কৰিছে যে, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা কৰিছে, সেই যি ৫/৬ লাখ চাকমা, হাজং জনগোষ্ঠীয় মানুহ, এই মানুহবিলাকক অসমত নাগৰিকত্ব প্ৰদান কৰা হ'ব। এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছো।

তেওঁ কোনো কাৰণে এই বক্তব্য আৰু ষড়যন্ত্ৰ মানি নলয় বুলি হুংকাৰ দিয়াৰ লগতে অসমক আন্তঃৰাজ্যিক পাৰপত্ৰ বা ইনাৰ লাইন পাৰ্মিত প্ৰদান কৰিবলৈহে জোৰ দিয়ে। তেওঁ কয়, কোনো কাৰণতে আমি তেওঁলোকৰ সেই বক্তব্য বা ষড়যন্ত্ৰ মানি নলও। তাৰ পৰিৱৰ্তে আমি এই কথাহে কৈছোঁ অসমতো ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে।যিটো কথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা ৪৫ বছৰে কৈ আহিছোঁ।অসমত ইনাৰ লাইন পাৰ্মিট যদি প্ৰৱৰ্তন হ'লহেতেন নিশ্চিতভাৱে অৰুণাচলৰ স্থায়ী মানুহখিনি আজি যেনেদৰে সুৰক্ষিত, তাৰ ভূমি পুত্ৰসকল যেনেদৰে সুৰক্ষিত আমি অসমৰ ভূমিপুত্ৰসকলো আজি তেনেদৰে সুৰক্ষিত হ'লোহেতেন। সেয়েহে আমি অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰ অনতিবিলম্বে প্ৰৱৰ্তন কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ।   

চাকমা-হাজং শৰণাৰ্থীঃ অৰুণাচল ৰক্ষা পৰিব, অসমৰ কি হ'ব?
চাকমা আৰু হাজং শৰনাৰ্থীক অসমত নাগৰিকত্বঃ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, AJYCP ৰ পুনৰ আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in