/asomiyapratidin/media/media_files/2025/02/08/mAdeyCD7YXX7MrrjuiLi.png)
দীৰ্ঘ বিৰতিৰ অন্তত দিল্লীৰ বুকুত অৱশেষত পদুম ফুলিঁল। কেৱল কাম আৰু সততাৰ ৰাজনীতি কৰা বুলি নিজকে জাহিৰ কৰা আপক প্ৰত্যাখ্যান কৰিলে দিল্লীবাসীয়ে। ক্ষমতালিপ্সাত মগ্ন হৈ কেৱল কেজৰিৱালক আগত থৈ ৰাজনীতি কৰিবলৈ যোৱা আপে বৰ বেয়াকৈ মুখ থেকেচা থালে ২০২৫ৰ নিৰ্বাচনত। কিন্তু কেৱল দুৰ্বল ৰণনীতি, বিৰোধীৰ বিভাজনৰ বাবেই দিল্লীত আপৰ পৰাজয় হ’লনে? বিজেপিৰ হাতত আপ ধৰাশায়ী হোৱা ১২টা বিশেষ কাৰনক লৈ চয়নিকা শইকীয়াৰ এক বিশেষ প্ৰতিবেদন...
মাজত দীৰ্ঘ সময়ৰ বিৰতি। কিন্তু শক্তিশালীভাৱে পুনৰ দিল্লীৰ মছনদ দখল কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে। ২৭ বছৰৰ পাছত দিল্লীত পুনৰ প্ৰত্যাৱৰ্তন গেৰুৱা দলটোৰ। মুঠ ৭০খন আসনৰ ভিতৰত নিৰংকুশ সংগৰিষ্ঠতাৰে দিল্লীত চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি।
দিল্লীত এইবাৰৰ নিৰ্বাচনৰ ফলাফল আপৰ বাবে বৰ সন্তোষজনক নহব বুলি পূৰ্বৰে পৰাই ধাৰণা কৰা হৈছিল। কিন্তু অৰবিন্দ কেজৰিৱাল, মনীষ চিছোডিয়া, সত্যেন্দ্ৰ জৈনৰ দৰে আপৰ বাঘা বাঘা নেতাৰ যে লজ্জাজনক পৰাজয় হব সেয়া হয়তো কোনো ৰাজনৈতিক বিশ্লেষকে কল্পনা কৰা নাছিল।
শেষবাৰৰ বাবে ১৯৯৩চনত দিল্লীৰ শাসনৰ গাদীত বহিছিল বিজেপি। তেতিয়াৰ পৰাই বিজেপি দিল্লী দখলৰ বাবে চেষ্টা চলাই আহিছিল যদিও বাৰে বাৰে বিফল হৈছিল। দিল্লীত আপৰ অগ্ৰাসী ৰূপত বিগত প্ৰায় ১৫বছৰত বিজেপিৰ ভেটিঁ যথেষ্ট দুৰ্বল হৈ পৰিছিল। কিন্তু শেহতীয়াকৈ কেজৰিৱালৰ কৰ্মকাণ্ড আৰু আপৰ কিছু নীতি-নিয়মে বিজেপিক যেন দিছিল এক সুৰুঙা। আৰু সেই সুৰুঙাৰে প্ৰৱেশ কৰিয়েই ২০২৫ত মহাবিস্ফোৰণ ঘটালে বিজেপিয়ে।
ৰাজনীতিত প্ৰথম প্ৰৱেশৰ সময়ত কেজৰিৱালৰ সততা আৰু আত্মবিশ্বাসে সকলোকে মু্গ্ধ কৰিছিল। তেওঁৰ প্ৰতিটো ভাষণ অতি মনোযোগেৰে শুনিছিল সকলো চামৰ লোকে। কিন্তু লাহে লাহে তেওঁৰ ভাষণত কেৱল তেওঁ বাহিৰে বাকী বোৰ মূৰ্খ, অশিক্ষিত এনে কিছু ধাৰণা দিবলৈ যত্ন কৰিলে। তেওঁৰ সুবুদ্ধিত লাহে লাহে চতুৰালিয়ে ঠাই পালে, আত্মবিশ্বাস যেন ৰূপান্তৰিত হল অহংকাৰলৈ। এনে গুণবোৰৰ কথা সোঁৱৰি নিৰ্বাচনৰ ফলাফলৰ দিনটোত উচুপি উঠিল এসময়ৰ কেজৰিৱালৰ গুৰু আন্না হাজাৰে।
দিল্লীত বহুকেইটা বিশেষ কাৰনত আম আদমী পাৰ্টিয়ে মুখ থেকেচা খালে বুলি ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা হৈছে। তাৰ ভিতৰত প্ৰধান ১০টা কাৰনো চিহ্নিত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে-
১. কেজৰিৱালৰ অত্যাধিক ক্ষমতালিপ্সা...
দুৰ্নীতিমুক্ত সমাজ আৰু দেশৰ কথা কৈ শাসনৰ বাঘজৰী লোৱা কেজৰিৱালৰ ক্ষমতাকেন্দ্ৰিক লিপ্সা ইমানেই বৃদ্ধি পালে যে, ক্ষমতাৰ আগত তেওঁ যেন একোৱেই চিন্তা কৰিব নোৱাৰা হ’ল। জেইলত থকা সময়তো মুখ্যমন্ত্ৰীত্বৰ চকীখন খামুচি ধৰি থাকি কেজৰিৱালে সেই ক্ষমতালিপ্সাৰ যেন প্ৰমাণহে দিছিল। ৰাজনীতিৰ ইতিহাসত দেশত জেইললৈ যোৱাৰ পাছত মুখ্যমন্ত্ৰীত্ব ধৰি ৰখাৰ কোনো নজিৰ নাই। আনহে নালাগে তেওঁ হেমন্ত চোৰেন, লালু প্ৰসাদ যাদৱৰ দৰে ৰাজনৈতিক নেতাই জেইললৈ যোৱাৰ পাছতে এৰিছিল মুখ্যমন্ত্ৰীৰ চকী। কিন্তু কেজৰিৱালে যেন এৰিব পৰা নাছিল মুখ্যমন্ত্ৰী পদৰ মোহ! দিল্লীৰ সচেতন নাগৰিকে হয়তো কেজৰিৱালৰ এই গতিবিধিও নীৰৱে লক্ষ্য কৰিছিল। তাৰ প্ৰতিদান নিৰ্বাচনী ফলাফলত হাতে হাতে পালে কেজৰিৱালে।
২. দুৰ্নীতিৰ বিৰোধিতা কৰি দুৰ্নীতিৰ বোকাতেই লুতুৰি-পুতুৰি হ’ল আপ...
দিল্লীৰ সৰ্ববৃহৎ সুৰা কেলেংকাৰীত সাঙুৰ খাইছিল আপৰ কেইবাজনো শীৰ্ষ নেতাৰ নাম। এই গোচৰত তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’দিয়া, ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক। এই নেতাসকলে জামিন লাভ কৰিছে যদিও তেওঁলোকৰ ভাৱমূৰ্তি বিনষ্ট যে হৈছিল তাৰ প্ৰমাণ ওলাল এই নিৰ্বাচনী ফলাফলত। আনহতে নিৰ্বাচনত পৰাজয় হোৱাৰ পাছত দিল্লীৰ সচিবালয়ত আপৰ নেতা-মন্ত্ৰীৰ হুৱা দুৱা লগা কাৰ্যই এনে বহু অভিযোগৰ যেন সত্যাতা প্ৰমাণ কৰিলে। দুৰ্নীতি বিৰোধী আন্দোলনৰ পৰা জন্ম হোৱা আম আদমি পাৰ্টিয়ে নিজৰ দলত লগা দুৰ্নীতিৰ ক'লা দাগ আঁতৰাবলৈ সক্ষম নহ'ল।
৩. কেজৰিৱালৰ ‘আইনাৰ মহল’...
দিল্লীত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বিষয়টো বিজেপিয়ে দীৰ্ঘদিন ধৰি চৰ্চাত ৰাখিছে। বিজেপিয়ে মুখ্যমন্ত্ৰীৰ বাসগৃহক ‘আইনাৰ মহল’ আখ্যা দিছিল। চলিত বৰ্ষৰ ৩ জানুৱাৰীত অশোক বিহাৰত আয়োজিত এক কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে, "মই এটা আইনাৰ মহল নিৰ্মাণ কৰিব পাৰিলোহেঁতেন, কিন্তু মোৰ সপোন আছিল যে দেশবাসীয়ে স্থায়ী ঘৰ লাভ কৰক।" অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণৰ নামত কোটি কোটি টকা খৰচ কৰা বুলি বিজেপিয়ে ধাৰাবাহিকভাৱে অভিযোগ উত্থাপন কৰি আহিছে। বিজেপিৰ এই অভিযোগ খণ্ডন কৰাত ব্যৰ্থ হৈছিল আপ। বিজেপিয়ে চলোৱা এই প্ৰচাৰেও নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলালে বুলি ৰাজনৈতিক বিশ্লেষক সকলে কব খোজে।
৪. জনতাৰ দুদৰ্শাৰ প্ৰতি পিঠি! আপৰ দায়িত্বহীন মনোভাৱ...
আম আদমী পাৰ্টি চৰকাৰৰ দিনত দিল্লীৰ বহু অঞ্চলত নাগৰিক সুবিধাৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছিল। আপে কৈছিল যে, পৌৰ নিগম বিজেপিৰ নিয়ন্ত্ৰণত আছে, সেয়েহে নাগৰিক সুবিধাৰ প্ৰতি গুৰুত্ব দিবলৈ আপ অক্ষম। কিন্তু নিগমৰ নিৰ্বাচনতো জয়ী হৈছিল আম আদমী পাৰ্টি। ইয়াৰ পিছতো নাগৰিকৰ অৱস্থা উন্নত নহ’ল। নলাবোৰ ওফন্দি উঠিছিল, লেতেৰা নলাৰ পানী বাট-পথেৰে বৈ যোৱাত চৰম অসুবিধাৰ সন্মুখীন হৈছিল দিল্লীবাসী। নাগৰিক সুবিধা, পথৰ দুৰৱস্থা এই দিশ সমূহত গুৰুত্ব আৰোপ নকৰা আপে বহু কেইটা এনে সমষ্টিত পৰাজয় বৰণ কৰিলে।
৫. খোৱা পানীক লৈ বিজেপিয়ে কৰা তৈয়াৰ সবল ৰণনীতি...
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অৰবিন্দ কেজৰিৱাল দিল্লীৰ ৰাজেন্দ্ৰ নগৰৰ ডি ডি এ ফ্লেটত উপস্থিত হৈছিল। ফ্লেটৰ টেপ খুলি পানী সেৱন কৰিছিল কেজৰিৱালে। ইয়াৰ জৰিয়তে তেওঁ দেখুৱাবলৈ চেষ্টা কৰিছিল যে দিল্লী জল ব’ৰ্ডে বিশুদ্ধ পানী যোগান ধৰে। ইয়াৰ লগে লগে আপক লক্ষ্য কৰি লয় বিজেপিয়ে। বিভিন্ন স্থানৰ লেতেৰা পানীৰ তথ্য পোহৰলৈ আনে বিজেপিয়ে। লগতে খোৱা পানীৰ বিষয়টোক নিৰ্বাচনৰ সময়ত আপৰ বিৰুদ্ধে ব্যৱহাৰ কৰাক সফল হয় বিজেপি।
৬. আম আদমী পাৰ্টি হৈছে এক দুৰ্যোগ...
দিল্লীত এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম আদমী পাৰ্টিক ‘দুৰ্যোগ’বুলি অভিহিত কৰি বহু অভিযোগ উত্থাপন কৰে। লগে লগে বিজেপিৰ প্ৰতিজন সৰু-বৰ নেতাই আপক দুৰ্যোগ বুলি অভিহিত কৰি দিল্লীবাসীৰ মনত আপৰ বিৰুদ্ধে কেবাটাও প্ৰশ্ন উত্থাপন কৰে। বিজেপিয়ে আপৰ বাবেই দিল্লীত বহু উন্নয়নমূলক কাম হোৱা নাই বুলি এক ধাৰণাৰ সৃষ্টি কৰিছিল। এই ধাৰণাকে আকৌ সত্য প্ৰমাণিত কৰি আপে কৈছিল যে, দিল্লীত আপ শাসনত থকাৰ বাবেই বিজেপিয়ে বহু কামৰ পৰা বঞ্চিত কৰে। এনে পৰোক্ষ-প্ৰত্যক্ষ অভিযোগ-প্ৰতিভিযোগত সুফল লাভ কৰিছিল বিজেপিয়ে
৭. বিজেপিৰ দীৰ্ঘম্যাদী ৰণনীতি
দিল্লী নিৰ্বাচনৰ বাবে বিজেপিয়ে বহু আগৰ পৰাই কৌশল ৰচনা কৰিছিল। দিল্লীৰ বস্তি অঞ্চল, দলিত, পিছপৰা শ্ৰেণী আৰু অন্যান্য আঞ্চলিক আৰু জাতিগত গোটৰ সৈতে সম্পৰ্ক স্থাপন কৰি বিজেপিৰ নেতা-কৰ্মীয়ে বহু দিনৰ পৰা নিজকে সম্প্ৰসাৰণ কৰি আহিছে। এই কামৰ বাবে বিজেপিয়ে বহিৰাগতৰ সহায়ো লৈছিল। এইসকল লোকে কোনো ধৰণৰ কোলাহল নোহোৱাকৈ নিজৰ কাম কৰি গৈছিল। ফলস্বৰূপে দিল্লীৰ বস্তিবোৰত আপৰ এটা শক্তিশালী ভোট বেংক আছিল যদিও আম আদমী পাৰ্টিয়ে নিজৰ ভোট বেংক ৰক্ষা কৰিব নোৱাৰিলে।‘জাহা ঝুগ্গী, ৱাহি মকান’ৰ দৰে আঁচনিৰে দিল্লীৰ মচনদ নিজৰ অধীন কৰিবলৈ সক্ষম হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
৮. বিজেপিলৈ আৰ এছ এছ ৰ সমৰ্থন
ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এক সংযুক্ত সংগঠন। নিৰ্বাচনৰ সময়ত আৰ এছ এছে পৰ্দাৰ আঁৰত থাকিয়ে বিজেপিক সহায় কৰি আছিল। এই নিৰ্বাচনত আৰ এছ এছৰ স্বেচ্ছাসেৱক আৰু প্ৰচাৰকসকলে বিজেপিৰ সপক্ষে অহৰহ কাম কৰিছিল। নিৰ্বাচনৰ বহু পূৰ্বৰ পৰাই বিজেপিত হাত উজান দিছিল আৰ এছ এছে।
৯. বিজেপিৰ শক্তিশালী আৰু নিকা ভাৱমূৰ্তিৰ প্ৰাৰ্থী
প্রার্থী বাছনি কৰাৰ ক্ষেত্রত বিজেপিয়ে অতি সাৱধানতা অৱলম্বন কৰিছিল ৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলৰ শক্তিশালী নেতাসকলক চয়ন কৰিছিল। প্ৰবেশ বাৰ্মা, ৰমেশ বিধুৰি, দুষ্যন্ত গৌতমৰ দৰে নেতাক প্ৰাৰ্থী হিচাপে আগবঢ়াই দিয়াতো আছিল ৰণনীতিৰ এক অংশ । বিজেপিৰ প্ৰতিগৰাকী শক্তিশালী প্ৰাৰ্থীয়ে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে যদিও প্রার্থী বাছনিৰ সাৱধানতাই দলৰ নেতা-কৰ্মীৰ শেষত এটা ভাল বাৰ্তা দিলে। সবল ব্যক্তিত্বৰ গৰাকী প্ৰৱেশ বাৰ্মাৰ দৰে নেতাক কেজৰিৱালৰ বিৰুদ্ধে থিয় কৰাই বিজেপিয়ে যি ৰণনীতি প্ৰস্তুত কৰিছিল সেয়া আছিল অনবদ্য
১০. লোকসভা নিৰ্বাচনৰ ফলাফল আৰু বিজেপিৰ কুছকাৱাজ...
কেৱল নিৰ্বাচনৰ পূৰ্বে নহয় দিল্লীৰ গাদীৰ বাবে বহু আগৰ পৰাই সাজু হৈছিল বিজেপি। ২০২১ চনতেই বিজেপিয়ে দিল্লীত নিৰ্বাচন সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছিল। দলটোৰ নেতাসকলে যিকোনো বিষয় লৈ প্ৰতিদিনে ৰাজপথত সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছিল। ইয়াৰ সুফল তেওঁলোকে লোকসভা নিৰ্বাচনত পাইছিল। দিল্লীৰ সাতখন আসনৰ আটাইকেইখন আসনতে জয়ী হৈছিল বিজেপি। আম আদমী পাৰ্টি আৰু কংগ্ৰেছে একেলগে লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়া পাছতো নিৰ্বাচনত বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল বিজেপি। লোকসভা নিৰ্বাচনৰ প্ৰত্যক্ষ প্ৰভাৱ বিধানসভা নিৰ্বাচনৰ ফলাফলত পৰিলক্ষিত হয়।
১১. মধ্যবিত্ত শ্ৰেণীক সমৰ্থন...
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল। আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃহৎ পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ১ ফেব্ৰুৱাৰীত দাখিল কৰা বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰিও তেওঁ মধ্যবিত্ত শ্ৰেণীৰ বাবে বহু সংস্কাৰৰ কথা ঘোষণা কৰিছিল। ৰাজনৈতিক বিশ্লেষকসকলে কয় যে চৰকাৰৰ এই ঘোষণাসমূহে মধ্যবিত্ত শ্ৰেণীৰ মাজত বিজেপিৰ ভাবমূৰ্তি সলনি কৰাত সহায় কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে, দিল্লীৰ মধ্যবিত্ত শ্ৰেণী আৰু চৰকাৰী কৰ্মচাৰীক লৈ আপৰ এটা শক্তিশালী ভোট বেংক আছিল।
১২. বিৰোধীৰ বিভাজন, বিজেপিৰ লাভ
সৰ্বশেষত সকলোৱে জনা এটা প্ৰধান কাৰন হৈছে বিৰোধী দলৰ নেতাসকলক আকোঁৰগোজ স্থিতি। কাৰোৰেই এৰি দিয়া মনোভাৱ নাছিল। কংগ্ৰেছ, আপ, সমাজৱাদী পাৰ্টিৰ দৰে দল একলগ হৈ যদি যুজিঁলে হেতেন, নিশ্চয় দিল্লী আজি বিৰোধী শক্তিৰ হাততেই থাকিলহেতেন। ২০২৫ৰ নিৰ্বাচনত বিজেপিয়ে ৪৫.৬৬শতাংশ ভোট লাভ কৰাৰ বিপৰীতে আপে লাভ কৰিছে ৪৩.৫৫শতাংশ ভোট। কংগ্ৰেছে লাভ কৰিছে ৬.৩৫শতাংশ ভোট। জে ডি ইউৰ দৰে দলে লাভ কৰিছে .৯৮শতাংশ ভোট। বিৰোধীৰ এই ভোট যদি একলগ হলহেতেন, তেন্তে দিল্লীৰ ফলাফলৰ প্ৰেক্ষাপট আজি বহুখিনি সলনি হলহেতেন। ইয়াৰোপৰি আপৰ প্ৰায়বোৰ নেতা ৩০০ৰ পৰা ২০০০ৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছে। গতিকে এই ক্ষেত্ৰত বিৰোধীয়ে ভালকৈ ৰণনীতি প্ৰস্তুত কৰাৰ অৱকাশ আছিল।
সেয়া যি কি নহলেওঁ, ২০২৫ৰ দিল্লী নিৰ্বাচনে দেশৰ ৰাজনীতিত দিলে বহু ইংগিত। কথা আৰু কামৰ মাজত আকাশ-পাতাল পাৰ্থক্য থাকিলে জনতাই যে বাৰে বাৰে সুযোগ নিদিয়ে সেই বাৰ্তাও দিলে দিল্লীবাসীয়ে। সকলোবোৰ মিলাই দিল্লীত দুটা দশকৰ পাছত শাসনৰ গাদীত বহিবলৈ সাজু বিজেপি। গেৰুৱাময় হোৱা দিল্লীত এতিয়া আপ বহিব বিৰোধী আসনত..