/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/nagaon-theft-newsmain-face-news-111-acfb478a-c202-4e62-b075-befa4b5e3f16.jpg)
গহনাৰ দোকানত চাঞ্চল্যকৰ চুৰি কাণ্ড...
ডিজিটেল ডেস্কঃ পুনৰ নগাঁৱত সংঘটিত হ'ল এক চুৰি কাণ্ড। নগাঁৱৰ বেবজীয়া চাৰিআলিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ চুৰিকাণ্ড।
চুৰিকাণ্ড সংঘটিত হোৱা ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ নাম নাথ জুৱেলাৰ্ছ। জানিব পৰা মতে নাথ জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী বিজু দেৱ নাথে পানী আনিবলৈ যোৱাৰ সময়তেই সংঘটিত হৈছে এই চুৰিকাণ্ড।
বিজু দেৱ নাথে প্ৰকাশ কৰা অনুসৰি কেইবালক্ষাধিক টকাৰ সোণৰ গহনা আৰু নগদ ধন লৈ গৈছে চোৰে। ঘটনা সন্দৰ্ভত বেবজীয়া আৰক্ষীক অৱগত কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
ক্লিক কৰি পঢ়কঃ ধুবুৰী আইন মহাবিদ্যালয়ত উত্তেজনাঃ আৰক্ষী মোতায়েন...