ডিজিটেল সংবাদ ইটানগৰঃ বিদ্যালয়ৰ হোষ্টেলৰ ২১ গৰাকী নাবালক-নাবালিকা শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধৰ অৰুণাচল প্ৰদেশৰ এজন জঘন্য অপৰাধীক ন্যায়ালয়ে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে আৰু এই কাৰ্যত সহযোগ কৰা দুজনকৈ শিক্ষকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিছে।
অৰুণাচল প্ৰদেশৰ চি-য়মি জিলাৰ মনিগঙৰ এখন চৰকাৰী আবাসিক বিদ্যালয়ৰ হোষ্টেল ৱাৰ্ডেন য়ুমকেন বাগ্ৰাই কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক কেইবাবছৰ ধৰি যৌন নিৰ্যাতন চলোৱাৰ লগতে ধৰ্ষণৰ চেষ্টা কৰি আহিছিল। ২০২২ চনত এজন অভিভাৱকে তেওঁৰ যমজ কন্যা দুগৰাকীক য়ুমকেনে চলাই অহা যৌন নিৰ্যাতনৰ সন্দৰ্ভত জিলাখনৰ মনিগং থানাত এজাহাৰ দিয়ে।
আৰক্ষীৰ তদন্তত চৰকাৰী বিদ্যালয়খনত হোষ্টেল ৱাৰ্ডেনৰ এই জঘন্য কাণ্ডৰ অনেক দিশ পোহৰলৈ আহে। এই ঘটনা পোহৰলৈ অহাৰ পাছত আন ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়েও য়ুমকেনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে।
অৰুণাচল প্ৰদেশ চৰকাৰে পাছত গোচৰটো অপৰাধ শাখালৈ হস্তান্তৰিত কৰি এছ আই টি গঠন কৰে। এছ আই টিৰ তদন্তত এই ঘটনাত সহযোগ কৰা আন চাৰিজন লোকৰ নাম পোহৰলৈ আহে।
বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক ছিংটুং য়ৰপেন আৰু হিন্দি শিক্ষক মাৰবং ঙমডিৰ এই যৌন নিৰ্যাতনৰ ঘটনাত জড়িত বুলি প্ৰমাণিত হয়। যোৱা মংগলবাৰে য়ুপিয়া বিশেষ POCSO আদালতে পাঁচজন অভিযুক্তৰ তিনিজনক দোষী সাব্যস্ত কৰে।
আন দুজন অভিযুক্ত ডেনিয়েল পাৰ্টিন আৰু টাজুং য়াৰপেনক দোষমুক্ত কৰে। উল্লেখ্য যে য়ুমকেন বাগ্ৰাই ২০১৪ চনৰ পৰাই মনিগঙৰ চৰকাৰী আবাসিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল।
নিচাজাতীয় আৰু টোপনী যোৱা দ্ৰব্য সেৱন কৰিবলৈ দি য়ুমকেনে অসৎ কামনা চৰিতাৰ্থ কৰিছিল। ইয়াৰ ভিতৰত ১৪গৰাকী ছাত্ৰী আৰু ৭জন ছাত্ৰ কামনাৰ বলি হৈছিল।
স্থানীয় লোকৰ ভাষ্য অনুসৰি এই সংখ্যা অধিক হোৱাৰ সম্ভাৱনাই অধিক। বহু নিৰ্যাতিতই মুখলজ্জাৰ বাবেই আৰক্ষীৰ তদন্তত সহযোগ নকৰিলে। বিশেষ POCSO আদালতৰ বিশেষ ন্যায়ধীশ জাৱেপলু চায়ে মঙ্গলবাৰে দোষী সাব্যস্ত কৰি তিনিওজন অপৰাধীৰ শাস্তি ঘোষণা কৰি আজি এজনক মৃত্যুদণ্ড আৰু আনদুজনক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে।
উল্লেখ্য যে তিনিজন অভিযুক্ত অপৰাধীৰ মাৰবম ঙমডিৰ এগৰাকী মহিলা শিক্ষয়িত্ৰী। এই গোচৰটোত তদন্ত কৰা ক্ৰাইম ব্ৰাঞ্চৰ তদানিন্তন আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে এক বিবৃতিত ন্যায়পালিকাৰ এই ক্ষীপ্ৰ আৰু উচিত বিচাৰৰ বাবে আদালতক ধন্যবাদ জ্ঞাপন কৰিছে।