/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-26/ys1nrf6c/silapathar-26.jpg)
চিলাপথাৰৰ ডিমৌত বিটুমিন প্ৰকল্প স্থাপনৰ বিৰুদ্ধে ৰাজহুৱা সভা...
ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ অসম- অৰুণাচলৰ প্ৰদেশৰ সীমান্তৰ ডিমৌত এটা বিটুমিন প্ৰকল্প স্থাপন কৰাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ প্ৰদূষণবিহীন স্বাস্থ্যকৰ স্থান ৰূপে পৰিচিত ডিমৌ নদীৰ পাৰৰ এই স্থানত এনে এক প্ৰকল্প স্থাপন কৰাৰ ঘোৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে।
ৰাইজৰ অজ্ঞাতে আলকটৰা-শিলৰ বিটুমিন প্লান্ত স্থাপন কৰি পৰিবেশ দূষিত কৰাৰ আশংকাত অতংকিত হৈ পৰিছে ৰাইজ। বিগত এটা সপ্তাহৰ পৰা আৰম্ভ হোৱা প্ৰকল্পৰ পৰা দিবা নৈশে নিৰ্গত ক'লা দূষিত ধোঁৱাই ছানি ধৰিছে অঞ্চলটোৰ আকাশ।
একেদৰে উৎকট দুৰ্গন্ধই অতিষ্ঠ কৰি তুলিছে অঞ্চলবাসীক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকে বনভোজ খাবলৈ আহে এই স্থানত। এই মনোৰম স্থানতে আছে কেইবাখনো গাঁও,বিদ্যালয়ৰ লগতে আছে যুৱ প্ৰজন্মই অনুশীলন কৰা খেলপথাৰ।
এই নৈপৰীয়া স্থানত স্থাপিত প্ৰকল্পৰ পৰা ভয়ংকৰ ৰোগৰো আশংকা কৰিছে স্থানীয় ৰাইজে। প্ৰকল্পটো তৎকলে উঠাই নিয়াৰ দাবীত বুধবাৰে অনুষ্ঠিত হ'ল এক বিশাল ৰাজহুৱা সভা।
কেৱল মুনাফাৰ স্বাৰ্থ আগত ৰাখি জনস্বাস্থ্যৰ প্ৰতি প্ৰবল ভাবুকি অনা কাৰ্য ৰাইজে কেতিয়াও সমৰ্থন নজনায় বুলি সকীয়াই দিয়ে। বিষয়টো শীঘ্ৰে নিষ্পত্তিৰ দাবীত আজি প্ৰশাসনৰ ওচৰত ৰাইজে স্মাৰক পত্ৰও প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-26/xyf1j4qh/6df7d7c4-b2cf-4ac0-9130-342ce90b95f7.jpg)
Also Read: বঢ়মপুৰৰ বৰবাৰীত শিক্ষানুষ্ঠানৰ সন্মুখতে দশম শ্ৰেণীৰ ছাত্ৰক লোহাৰ ৰ'ডৰে প্ৰহাৰ