/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0ff16168-efcd-4395-a27b-0b94afa39818/AP_FOR_WEB_biren_singh_.jpg)
আকৌ জ্বলিছে মণিপুৰঃ শীতল মগজুৰে মেইটেইক 'যুদ্ধ' জয়ৰ আহ্বান মুখ্যমন্ত্ৰীৰ !
ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। শুকুৰবাৰে গভীৰ নিশা কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত পুনৰ সংঘটিত হয় সংঘৰ্ষ। এই সংঘৰ্ষত প্ৰাণ গ'ল এজন কুকি গাওঁৰক্ষীৰ। আনহাতে নিখোঁজ হৈ আছে একাধিক মেইটেই সম্প্ৰদায়ৰ লোক।
স্থানীয় সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ২ বজাত বিষ্ণপুৰৰ সীমা অতিক্ৰম কৰি মেইটেইসকলৰ এটা বাহিনীয়ে স্বংয়ক্ৰিয় অস্ত্ৰ লৈ জোপি গাওঁ আক্ৰমণ কৰে। সেই সময়ত সতৰ্ক হৈ থকা জোপি গাঁৱৰ কুকি গাওঁৰক্ষীসকলেও তেওঁলোকৰ এই আক্ৰমণত বাধা প্ৰদান কৰে। ফলত দুয়ো পক্ষৰ গুলীয়াগুলীত খুপিংথাং নামৰ এজন গাওঁৰক্ষী নিহত হয়।
মেইটেইসকলৰ এই দলটোৱে কুকি গাওঁখন জ্বলাই দিয়াৰ উদ্দেশ্যৰে আহিছিল বুলি জানিব পৰা গৈছে। ইফালে এই আক্ৰমণত জড়িত থকা একাংশ মেইটেই লোক এতিয়াও সন্ধানহীন বুলি জানিব পৰা গৈছে।
সন্ধানহীন হোৱা এই লোকসকলৰ সন্ধানত পুনৰ এটা বৃহৎ দল গঠন কৰি অভিযান আৰম্ভ কৰিছে। এনে পৰিস্থিতিত জিলাখনত আৰু অধিক জটিল পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।
ইফালে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ভাষণৰ এটা ভিডিঅ' মুকলি কৰি কুকিৰ যুটীয়া মঞ্চ আই টি এল এফে কয় যে, বীৰেন সিঙে তেওঁৰ ভাষণত স্পষ্টকৈ কৈছিল তেওঁ কেৱল মেইটেইৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে কাম কৰি আছে আৰু জনজাতীয় লোকসকলৰ বিৰুদ্ধে যুঁজ দি আছে।
আই টি এল এফে কয়, "মুখ্যমন্ত্ৰীৰ দৰে সাংবিধানিক পদত অধিষ্ঠিত কোনোবাই ৰাজ্যখনৰ সকলোকে সমানে চোৱাচিতা কৰা আৰু সুৰক্ষা দিয়াটো তেওঁৰ কৰ্তব্য। কিন্তু বীৰেন সিঙে পোনপটীয়াকৈ এটা গোটক সুৰক্ষা দিবলৈ আৰু আন এটাক ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে। এনে এজন ব্যক্তিক তৎক্ষণাৎ মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰাই দিয়া উচিত।''
উল্লেখ্য যে, এই ভিডিঅ'ত শুনা গৈছে এন বীৰেন সিঙে কৈছে, মই ১০ বছৰ আগতেই জানিছিলো, এই সংঘৰ্ষ হ'বই। সেয়ে ৰাজ্য আৰু মেইটেইসকলক ৰক্ষা কৰিবলৈকে ৰাজনীতিত অংশগ্ৰহণ কৰিলো। এই সংঘৰ্ষক যুদ্ধ বুলি উল্লেখ কৰি তেওঁ কয়, সামাজিক মাধ্যমত চিঞঁৰি নহয়, শীতল মগজুৰে পৰিকল্পনা কৰি যুদ্ধ জয় কৰিব লাগিব।
আই টি এল এফে কয়, এজন মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক সংঘৰ্ষক যুদ্ধ বুলি ব্যাখ্যা কৰিছে। নিজৰ ৰাজ্যবাসীৰ বিৰুদ্ধে শীতল মগজুৰে যুদ্ধজয়ৰ কথা কৈছে। স্বাধীনতাৰ পাছত দেশত এনে ঘটনা নজিৰবিহীন। সেয়ে পৃথক প্ৰশাসনেই জনজাতীয় লোকসকলৰ ৰক্ষাৰ একমাত্ৰ উপায়।
আনহাতে মণিপুৰ চৰকাৰৰ অংশীদাৰ তিনি কুকি বিধায়কে তেওঁলোকৰ চৰকাৰী পদৰ পৰা অব্যাহতি লৈছে। সেই পদত নাগা আৰু মেইটেই বিধায়কক নিযুক্তি দিয়া হৈছে। বিজেপিৰ দুই মন্ত্ৰীসহ ৭ কুকি বিধায়ক আৰু আন দলৰ ৩ কুকি বিধায়কে যৌথভাৱে পৃথক কুকি প্ৰশাসনিক এলাকাৰ দাবী উত্থাপন কৰিছে।
Also Read: দুই শ্ৰমিকৰ অকাল বিয়োগঃ গোগামুখ থানাত বিদ্যুৎ বিভাগৰ গোচৰ...