/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3a900514-866b-4df5-902f-567b295bef58/dhokuakhana_26.jpg)
দুই শ্ৰমিকৰ অকাল বিয়োগঃ গোগামুখ থানাত বিদ্যুৎ বিভাগৰ গোচৰ...
ডিজিটেল সংবাদ ঢকুৱাখনা: ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰি বৰালি চাপৰি লালুকী জান অঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ ঘিলামৰাৰ দুগৰাকী নিৰীহ ব্যক্তিৰ মৃত্যুৰ ঘটনাত আজিও শোকস্তব্ধ ঘিলামৰা । শুকুৰবাৰে বিয়লি জলজীৱন মিছনৰ আঁচনি ৰূপায়নৰ লগত সংগতি ৰাখি এটা বিদ্যুৎ বিভাগৰ খুঁটা স্থাপন কৰিছিল ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নী গাঁওৰ মুকুল চাংমাই (৩৬) আৰু টেঙা আম মাজগাওঁৰ কুশল চুতীয়া(৩৩)ই।
এনেতে ওপৰেদি যোৱা ১১ হাজাৰ কেভিৰ বিদ্যুৎ পৰিবাহী তাঁৰত খুঁটাটো সংযোগ হোৱাৰ ফলত খুঁটাৰ ভিতৰত থকা লোৰে বিদ্যুৎ প্ৰবাহ হৈ দুয়োগৰাকী ব্যক্তিৰ অকাল বিয়োগ ঘটে।পৰৱৰ্তী সময়ত গোগামুখ আৰক্ষীৰ সহযোগিতাত দুয়োগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি শনিবাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ।
শনিবাৰে বিয়লি শোকাকূল পৰিবেশত দুয়োগৰাকী দুৰ্ভগীয়া বিদ্যুৎ কৰ্মীৰ শেষকৃত্য সম্পন্ন কৰা হয়। ইপিনে শুকুৰবাৰে সংঘটিত এই মৰ্মান্তিক ঘটনা সন্দৰ্ভত অসম শক্তি বিতৰণ কোম্পানীৰ ঘিলামৰা উপ সংমণ্ডলৰ সহকাৰী অভিযন্তাই গোগামুখ থানাত শনিবাৰে এক গোচৰ ৰুজু কৰিছে ।
এজাহাৰত বিভাগীয় বিষয়াগৰাকীয়ে বৰালি চাপৰিৰ এই বিদ্যুৎ সংযোগ আঁচনিৰ কাম কৰিবলৈ বিভাগৰ পৰা কোনো আগতীয়া অনুমতি নোলোৱা অথবা অৱগতকৰণ নকৰা বুলি স্পষ্টভাৱে ব্যক্ত কৰিছে। এইক্ষেত্ৰত এই নিৰীহ বিদ্যুৎ কৰ্মী দুজনক জলজীৱন আঁচনিৰ ঠিকাদাৰ শিৱ প্ৰদাদ বৰুৱাই অকাল মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।
আঁচনিখনৰ ৰূপায়ণৰ সৈতে প্ৰত্যক্ষভাবে জড়িত ঘিলামৰা বালিয়নী গাঁওৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তথা উপ ঠিকাদাৰ শিৱ প্ৰসাদ বৰুৱাই ঘিলামৰাৰ দুয়োগৰাকী কৰ্মীক ঘৰৰ পৰা নি এই কামত জড়িত কৰাইছিল। কিন্তু এই কামৰ পূৰ্বে বিদ্যুৎ সেৱা কৰ্তনৰ কোনো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰি অবিবেচকী ঠিকাদাৰ বৰুৱাই দুয়োজন নিৰীহ শ্ৰমিকৰ প্ৰাণে মৰাত জড়িত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ঘিলামৰাৰ হাটে-বাটে ।
জনামতে বিদ্যুৎ বিভাগৰ অনুমতি সাপেক্ষে বিভাগীয় ঠিকাদাৰৰ জৰিয়তে এনে কাম সম্পন্ন কৰিব লাগে। কিন্তু বাস্তৱত সেয়া কৰা নাছিল এইজন ঠিকাদাৰে। কোনো ধৰণৰ কামৰ চুক্তি নকৰাকৈ এই দুই বিদ্যুৎ কৰ্মীক সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত এই কাম কৰিবলৈ নি অকাল মৃত্যুক সাৱটি লবলৈ বাধ্য কৰিলে এইজন ঠিকাদাৰে।
এই সন্দৰ্ভত ঘিলামৰা বিদ্যুৎ উপ-সংমণ্ডলৰ তৰফৰ পৰা তদন্ত কৰাৰ পাছত শনিবাৰে গোচৰ ৰুজু কৰিছে গোগামুখ আৰক্ষী থানাত। গোচৰত বিদ্যুৎ বিভাগে এই কামৰ কৰাৰ পূৰ্বে বিদ্যুৎ বিভাগৰ পৰা কোনো ধৰণৰ আগতীয়া অনুমতি অথবা অৱগত কৰা নাছিল বুলি স্পষ্ট কৰি দিয়াত বেপৰোৱা ঠিকাদাৰ বৰুৱাৰ দায়িত্বহীন আচৰনেই কাল হোৱাটো স্পষ্ট হৈ ধৰা দিছে। এই ক্ষেত্ৰত আৰক্ষীৰ তদন্ত নিৰপেক্ষ হলে ঘটনাৰ সতে জড়িত অবিবেচকী চক্ৰটোৱে আইনগত শাস্তি পোৱাৰ সম্ভাৱনা প্ৰকট ।
Also Read: ২৮ লাখ টকাৰ বাজেট, ৩০০ৰো অধিক মৃণ্ময় মূৰ্তিৰে মঙলদৈৰ শ্রীশ্রী কৃষ্ণ ৰাসোৎসৱৰ ব্যাপক প্রস্তুতি...