অশান্ত মণিপুৰঃ কাৰ্ফিউৰ মাজতে সহস্ৰাধিক লোকে জ্বলালে মন্ত্ৰীৰ বাসগৃহ...

অশান্ত মণিপুৰঃ কাৰ্ফিউৰ মাজতে সহস্ৰাধিক লোকে জ্বলালে মন্ত্ৰীৰ বাসগৃহ...

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ মে' মাহৰ পৰা উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে চুবুৰীয়া ৰাজ্য মণিপুৰত । ৰাজ্যখনৰ দুটাকৈ ফৈদৰ মাজত অব্যাহত আছে সংঘাত । দুই ফৈদৰ মাজত জনজাতিকৰণক লৈ হোৱা সংঘাটে অস্থিৰ কৰি ৰাখিছে ৰাজ্যখনক । এই লৈ ইতিমধ্যেই ৰাজ্যখনত কাৰ্ফিউ জাৰি কৰা হৈছে। কাৰ্ফিউৰ মাজতে বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ।

কালি নিশা কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত সহস্ৰাধিক লোকে জুই লগাই দিয়ে । খবৰ অনুসৰি ইম্ফলস্থিত ঘৰত দুস্কৃতিকাৰীয়ে জুই লগাই দিয়াৰ সময়ত ঘৰত নাছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । দুস্কৃতিকাৰীয়ে মন্ত্ৰীগৰাকীৰ বাসগৃহত আক্ৰমণ কৰাৰ সময়ত ৯ জন ব্যক্তিগত নিৰাপত্তাৰক্ষী, ৫ জন নিৰাপত্তাৰক্ষী আৰু ৮ জন অতিৰিক্তৰক্ষী কৰ্তব্যত নিয়োজিত আছিল যদিও আক্ৰমণকাৰীক প্ৰতিহত কৰিবলৈ ব্যৰ্থ হয় ।

নিৰপত্তৰক্ষীসকলে কয় যে, আক্ৰমণকাৰী অত্যাধিক হোৱাৰ বাবেই প্ৰতিহত কৰাত ব্যৰ্থ হৈছিল নিৰাপত্তাৰক্ষীসকল । আক্ৰমণৰ সময়ত আক্ৰমণকাৰীসকলে চাৰিওফালৰ পৰাই পেট্ৰ'ল বোমা নিক্ষেপ কৰিছিল । উল্লেখ্য যে এইবাৰেই প্ৰথম নহয় ইয়াৰ পূৰ্বেও মে' মাহত মন্ত্ৰীগৰাকীৰ বাসগৃহ আক্ৰমণ কৰিছিল দুষ্কৃতিকাৰীয়ে ।

অশান্ত মণিপুৰঃ কাৰ্ফিউৰ মাজতে সহস্ৰাধিক লোকে জ্বলালে মন্ত্ৰীৰ বাসগৃহ...
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ৪ আহত ১জন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in