প্ৰতিজোপা গছ,অতিথিশালাত আৰি দিছে পৰিৱেশ তথা প্লাষ্টিক বিৰোধী সজাগতা বাণী...

প্ৰতিজোপা গছ,অতিথিশালাত আৰি দিছে পৰিৱেশ তথা প্লাষ্টিক বিৰোধী সজাগতা বাণী...

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাত এজন যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ পৰিৱেশ সংৰক্ষণ আৰু সজাগতা তথা প্লাষ্টিক বৰ্জনৰ বাবে অহৰহ কষ্ট কৰি আহিছে এজন বিশেষ যুৱকে ৷ সম্পুৰ্ণ একক প্ৰচেষ্টাত এজন যুৱকে কাজিৰঙাত কিছু দিনৰ পুৰ্বে আৰম্ভ কৰা বাহঁৰ চুঙা,বাহঁৰ গ্লাছে এতিয়া যথেষ্ট সমাদৰ লাভ কৰিছে কাজিৰঙাত ৷

কেৱল ইমানতেই সীমাবদ্ধ নাথাকি এতিয়া কাজিৰঙাৰ প্ৰতিজোপা গছ,অতিথিশালাত আৰি দিছে পৰিৱেশ সজাগতা তথা প্লাষ্টিক বিৰোধী সজাগত বাণী ৷কাজিৰঙাৰ চন্দন নাথ নামৰ যুৱকজনৰ পদক্ষেপক শলাগ লৈছে সকলোৱে৷

উল্লেখ্য যে বিগত কেইবা বছৰৰে পৰা কাজিৰঙালৈ অহা প্ৰতিজন পৰ্যটকক প্লাষ্টিকৰ বটলৰ সলনি বাঁহৰ চুঙাত খোৱাপানীৰ ব্যৱস্থা কৰি দি এক আদৰ্শ দেখুৱাইছিল যুৱকজনে ৷ যাৰ বাবে ইণ্ডিয়া বুক,এছিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হৈছে যুৱকজনৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্লাষ্টিকৰ পানীৰ বটল সম্পুৰ্ণ নিষিদ্ধ ঘোষণা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে অহা দেশী-বিদেশী পৰ্যটকৰ লগতে জীপচি ড্ৰাইভাৰেও উদ্যানৰ ভিতৰলৈ নিব নোৱাৰে যিকোনো এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ৷ গতিকে কাজিৰঙা জীপ ছাফাৰী সংস্থাৰ সদস্য চন্দন নাথে বাহঁৰ চুঙাত খোৱা পানী লৈ পৰ্যটকক যোগান ধৰি আহিছে বিশুদ্ধ খোৱা পানী ৷ নিজৰ জীপছী গাড়ী খনৰ লগতে ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে পৰ্যটক কঢ়িয়াই নিয়া আন জীপছী গাড়ী সমূহতো যোগান ধৰি আহিছে বাঁহৰ চুঙা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in