মিজোৰামত নিৰ্মীয়মাণ ৰে'লৱে দলং খহি অতি কমেও ৪০ জন শ্ৰমিকৰ মৃত্যু !

মিজোৰামত নিৰ্মীয়মাণ ৰে'লৱে দলং খহি অতি কমেও ৪০ জন শ্ৰমিকৰ মৃত্যু !

author-image
Asomiya Pratidin
New Update
মিজোৰামত নিৰ্মীয়মাণ ৰে'লৱে দলং খহি  অতি কমেও ৪০ জন শ্ৰমিকৰ মৃত্যু !

মিজোৰামত নিৰ্মীয়মাণ ৰে'লৱে দলং খহি অতি কমেও ৪০ জন শ্ৰমিকৰ মৃত্যু !

ডিজিটেল ডেস্কঃ মিজোৰামত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন নিৰ্মীয়মাণ ৰে'লৱে দলং খহি পৰাৰ ফলত অতি কমেও ৪০ জনকৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

Advertisment

২৩ আগষ্ট, বুধবাৰে মিজোৰামৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ নিলগৰ ছাইৰাং অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা। স্থানীয় আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি পুৱা ১০ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত ১৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও উদ্ধাৰ কৰিব পৰা নাই বহু শ্ৰমিকক। জানিব পৰা মতে য়ং মিজু এছচিয়েশ্যনৰ ছাইৰাং ব্ৰাঞ্চে উদ্ধাৰ অভিযান চলাই আছে।

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা এই ৰে'লৱে দলংখন ভাৰতীয় ৰে'লৱেৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীক সংযোগ কৰাৰ ব্যয়বহুল প্ৰকল্পৰ আধাৰত নিৰ্মাণ কৰি থকা হৈছিল। যোৱা কিছু বছৰ ধৰি অতি বিপদসংকুল ভাৱে এই ৰে'লৱে দলংখন নিৰ্মাণ কৰি থকা হৈছিল।

দুৰ্ঘটনা সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে উত্তৰ পূৱ ৰে'লৱেৰ ফালৰ পৰা আনুষ্ঠানিক ভাৱে কোনো কথা কোৱা হোৱা নাই। এই সন্দৰ্ভত উত্তৰ পূৱ ৰে'লৱেৰ মুখ্য জনসম্পৰক্ষী বিষয়া সব্যশাচী দেয়ে এই দুৰ্ঘটনাৰ আঁৰৰ কাৰণ, হতাহতিৰ সংখ্যা সকলো তথ্য এতিয়াও শুদ্ধকৈ দিবা পৰা অৱস্থাত নাই বুলি জনাইছে। তেওঁ পৰৱৰ্তী সময়তহে এই বিষয়ে সংবাদ মাধ্যমৰ আগত সবিশেষ অৱগত কৰিব পাৰিব বুলি জনাইছে।

Also Read: এভাৰেষ্ট আৰোহণৰ দক্ষতাও অসাৰ অৰুণাচলতঃ এবছৰে সন্ধানহীন দুই পৰ্বতাৰোহী...

দুৰ্ঘটনা মিজোৰাম