এভাৰেষ্ট আৰোহণৰ দক্ষতাও অসাৰ অৰুণাচলতঃ এবছৰে সন্ধানহীন দুই পৰ্বতাৰোহী...

এভাৰেষ্ট আৰোহণৰ দক্ষতাও অসাৰ অৰুণাচলতঃ এবছৰে সন্ধানহীন দুই পৰ্বতাৰোহী...
এভাৰেষ্ট আৰোহণৰ দক্ষতাও অসাৰ অৰুণাচলতঃ এবছৰে সন্ধানহীন দুই পৰ্বতাৰোহী...
Published on
Updated on

ডিজিটেল ডেস্কঃ ২০২২ চনৰ ১৭ আগষ্টৰ কথা আছিল সেয়া। অৰুণাচল প্ৰদেশৰ মাউণ্ট খ্যায়াৰী চাটাম অভিযানৰ বাবে গৈছিল পৰ্বতাৰোহী তাপী ম্ৰা আৰু নিকু ডাও। মাউণ্ট এভাৰেষ্ট জয় কৰা অভিজ্ঞতাৰে পুষ্ট তাপী ম্ৰা পৰ্বতাৰোহণত আছিল অতি দক্ষ।

সেই দক্ষতাৰ বাবেই তেওঁ হিমালয়ৰ মাউণ্ট এভাৰেষ্টকে ধৰি বিভিন্ন সৰু-বৰ শৃংগ আৰোহণ কৰাৰ উপৰিও আমেৰিকা, অষ্ট্ৰেলিয়া আদিৰ পৰ্বত আৰোহণ কৰিছে। এইগৰাকী তাপী ম্ৰাই ২০২২ৰ আগষ্টত আন এজন সহযোগী পৰ্বতাৰোহী নিকু ডাওৰ সৈতে অৰুণাচলৰ অতি দুৰ্গম খ্যায়াৰী চাটাম অভিযান আৰম্ভ কৰিছিল।

তেতিয়ালৈকে এই পৰ্বত আৰোহণ কৰি কোনেও সফলতা লাভ কৰা নাছিল। সেয়েহে মনত দুৰ্বাৰ হেঁপাহ আৰু বুকুত সাহাস বান্ধি অতি দুৰ্গম এই অভিযানৰ বাবে গৈছিল তেওঁলোক।

কিন্তু এভাৰেষ্ট আৰোহণৰ অভিজ্ঞতাও যেন কম আছিল এই অভিযানৰ বাবে। যাৰ বাবে ২০২২ ৰ ১৭ আগষ্টৰ পৰা অৰুণাচলৰ দুৰ্গম পৰ্বতত সন্ধানহীন হৈ পৰে তেওঁলোক। ২০২২ ত সন্ধানহীন হোৱা তাপী ম্ৰা আৰু নিকু ডাও সন্ধানহীন হোৱা এটা বছৰ সম্পূৰ্ণ হ'ল। কিন্তু আজিও উদ্ধাৰ নহ'ল তেওঁলোক দুয়ো।

এই এটা বছৰত কেইবাবাৰো চলিল উদ্ধাৰ অভিযান। ভাৰতীয় সেনা বাহিনীয়ে উদ্ধাৰ অভিযান চলাই ব্যৰ্থ হোৱাৰ পাছতো এই অভিযান অব্যাহত ৰাখিছে তাপী ম্ৰাৰ পৰিয়ালে। এৰি দিয়া নাই আশা।

এই পৰ্যন্ত ১ কোটি টকা তেওঁ ব্যয় কৰিছে তাপী ম্ৰাৰ ভগ্নিয়ে উদ্ধাৰ অভিযানত। তথাপিও নাই কোনো সম্ভেদ। অৰুণাচলৰ সেই দুৰ্গম অঞ্চলত এতিয়াও সন্ধানহীন হৈ আছে তাপী ম্ৰা আৰু নিকু ডাও।  

শেহতীয়াকৈ পুনৰ এই দুগৰাকী পৰ্বতাৰোহীৰ সন্ধানত নামিছিল ৩৪ গৰাকী উদ্ধাৰকাৰীৰ এটা দল। এই উদ্ধাৰকাৰী দলটোত আছে এভাৰেষ্ট আৰোহণকাৰী তাগীত সোৰাং,  টামে বাগাং, নেপালৰ এভাৰেষ্টাৰ গেজী শ্বেৰ্পা, এভাৰেষ্টাৰ ফুৰি শ্বেৰপা, পৰ্বতাৰোহী তৰু হাই,  তানা লুই, নিংচং ৰাভা,  মৰাৰ তমন ম্ৰা, সন্ধানহীন দুই পৰ্বতাৰোহীৰ পৰিয়ালৰ সদস্য আদি।

এই উদ্ধাৰকাৰী দলটোৱে অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ মাউণ্ট খ্যায়াৰী চাটামত চলাইছিল অভিযান। কিন্তু এবছৰৰ পাছত চলোৱা এই অভিযানো পূৰ্বৰ দৰেই ব্যৰ্থ হ'ল। উদ্ধাৰকাৰী দলটোৰ বহু কেইজন সদস্যও এই উদ্ধাৰ অভিযানৰ সময়ত হৈ পৰিল অসুস্থ।

উল্লেখ্য যে, এই উদ্ধাৰকাৰী দলটোৱে যোৱা ৪ আগষ্টত পূৱ কামেং জিলাৰ অন্তিমখন গাঁৱত উপস্থিত হৈছিলগৈ। ইয়াৰ পাছত ১৪ আগষ্টত বেছ কেম্পত উপস্থিত হৈ অভিযান আৰম্ভ কৰিছিল। কিন্তু প্ৰতিকূল বতৰৰ বাবে এই উদ্ধাৰ অভিযান আধাতে সামৰি পুনৰবাৰ নিৰশ হৈ উভতি আহে তেওঁলোক।

ইফালে এই উদ্ধাৰ অভিযানত ভাৰতীয় সেনাৰ বিমানৰ সহায় লোৱা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে মিছামাৰী সেনা ঘাটিৰ পৰা পূৱ কামেং জিলাৰ চেপাত উপস্থিত হ'ব পৰাকৈ হেলিকপ্টাৰ পঠিয়াব নোৱাৰিলে। তেজপুৰৰ পৰাও সেনাই প্ৰতিকুল বতৰৰ বাবেই প্ৰেৰণ কৰিব নোৱাৰিলে হেলিকপ্টাৰ।

ইফালে প্ৰতিকূল বতৰ সমান্তৰালকৈ উদ্ধাৰকাৰী দলটোৰ মাজত প্ৰয়োজনীয় ৰেচন আৰু ঔষধৰো নাটনি হয়। অতি দুৰ্গম হিচাপে পৰিচিত এই মাউণ্ট খ্যায়াৰী চাটামত এতিয়া প্ৰচণ্ড হিমবাহ আৰু হিমস্খলন অব্যাহত আছে। যাৰ বাবে উদ্ধাৰ অভিযান চলাব নোৱাৰিলে।

এই সন্দৰ্ভত এক সংবাদ মাধ্যমৰ আগত তাপী ম্ৰাৰ ভগ্নীয়ে কয়, সেনা বাহিনীয়ে উদ্ধাৰ অভিযান সমাপ্ত কৰাৰ পাছত তেওঁলোকে নিজাববীয়াকৈ উদ্ধাৰ অভিযান চলায়। তেওঁলোকে নিজাববীয়াকৈ চলোৱা এই উদ্ধাৰ অভিযানত ১ কোটি টকা ব্যয় কৰিছে।

তেওঁলোকে এই উদ্ধাৰ অভিযান জুলাই মাহতে আৰম্ভ কৰাৰ কথা আছিল যদিও শ্বেৰপা নোপোৱাৰ বাবেই উদ্ধাৰ অভিযান আগষ্ট মাহলৈ পিছুৱাই দিবলগীয়া হয়।উল্লেখ্য যে, ২০২২ ৰ আগষ্টত সন্ধানহীন হোৱা এই দুই পৰ্বতাৰোহীৰ সন্ধানত ধাৰাবাহিক ভাৱে উদ্ধাৰ অভিযান অব্যাহত আছে।

প্ৰথমে ভাৰতীয় সেনাৰ সহায়ত উদ্ধাৰ অভিযান চলাইছিল যদিও ছপ্টেম্বৰ মাহত এই অভিযান চৰকাৰে বন্ধ কৰে আৰু সেনাৰ সহায়ত চলা এই অভিযান ব্যৰ্থ হয়। পৰৱৰ্তী সময়ত অক্টোবৰ মাহত পৰিয়ালৰ ফালৰ পৰা চলোৱা উদ্ধাৰ অভিযানত এই দুই নিৰুদ্দিষ্ট পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

এভাৰেষ্ট আৰোহণৰ দক্ষতাও অসাৰ অৰুণাচলতঃ এবছৰে সন্ধানহীন দুই পৰ্বতাৰোহী...
নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ৰাজ্যজুৰি কৰ্মচাৰীৰ কর্মবিৰতিলৈ আপৰ পূৰ্ণ সমর্থন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in