ইম্ফলত অপহৃত চাৰি কুকি ব্যক্তিৰ দুজনৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ...

ইম্ফলত অপহৃত চাৰি কুকি ব্যক্তিৰ দুজনৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ...
ইম্ফলত অপহৃত চাৰি কুকি ব্যক্তিৰ দুজনৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ...

ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত হৈ উঠা মণিপুৰৰ ইম্ফলত উদ্ধাৰ হৈছে এগৰাকী মহিলা আৰু এজন পুৰুষৰ মৃতদেহ। ইয়াৰে এজনৰ দুয়োখন হাত পিঠিৰ পিছফালে বান্ধি থোৱা আছে। গুলীৰে তেওঁৰ মূৰত আঘাত কৰাত মূৰ উৰি গৈছে।

ইয়াৰে মহিলাগৰাকীৰ মৃতদেহ মঙ্গলবাৰে নিশা উদ্ধাৰ কৰা হৈছিল আৰু পুৰুষজনৰ মৃতদেহ একেটা দিনতে উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে এই দুই ব্যক্তিৰ মৃতদেহ চিনাক্ত কৰাৰ চেষ্টা কৰিছে।

উল্লেখ্য যে, মঙ্গলবাৰে মঙলবাৰে নিশা পূব ইম্ফলৰ তখোক মাপাল মাখা অঞ্চলত এজন ৪০ বছৰীয়া ব্যক্তিৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয়। কেইঘণ্টামানৰ পিছত, বুধবাৰে টাইৰেনপোকোপি অঞ্চলত এগৰাকী মধ্যবয়স্ক মহিলাৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয়। মহিলাগৰাকীক মূৰত গুলীয়াই হত্যা কৰা হৈছে।

ইয়াৰ পাছতে আৰক্ষীয়ে ৰুজু কৰিছে হত্যাৰ গোচৰ। শেহতীয়াকৈ পশ্চিম ইম্ফলৰ কাংচুপ অঞ্চলৰ পৰা চাৰিজন লোক সন্ধানহীন হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, উদ্ধাৰ কৰা মহিলাগৰাকী চাৰিজন পুৰুষৰ ভিতৰত এগৰাকী হ'ব পাৰে।

মণিপুৰত অলপতে দুজন শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত পুনৰ বৃদ্ধি হৈছিল উত্তেজনা। ছাত্ৰ দুজনক অপহৰণ কৰি হত্যা কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। পৰৱৰ্তী সময়ত দুয়োজনৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত ইম্ফলত এক উত্তেজনাৰ পৰিৱেশ সৃষ্টি হৈছে।

মণিপুৰৰ বিভিন্ন ঠাইত এতিয়াও মাজে মাজে অস্থিৰতাৰ ঘটনা ঘটি আছে। মঙলবাৰেও, কাংচুপ অঞ্চলত কেইবাটাও সংঘৰ্ষ হৈছিল। আৰক্ষীৰ সৈতে সংঘৰ্ষত ৯ জন লোক আহত হৈছিল। তেওঁলোকৰ মাজত দুজন আৰক্ষী আছিল।

দুয়োটা মৃতদেহ উদ্ধাৰক লৈ ইম্ফলত পুনৰ অস্থিৰতা আৰম্ভ হৈছে। এই অস্থিৰ পৰিৱেশ প্ৰতিহত কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে। উল্লেখ্য যে, ৰাজ্যখনত ইণ্টাৰনেট সেৱা সহজলভ্য হৈ নথকাত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সংঘটিত ঘটনাৰ খবৰবোৰ পোহৰলৈ পলমকৈ আহি আছে যদিও ৰাজ্যখনত যে প্ৰতিদিনেই উত্তেজনাই বিৰাজ কৰিছে সেয়া নিশ্চিত।

ইম্ফলত অপহৃত চাৰি কুকি ব্যক্তিৰ দুজনৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ...
চালকৰ সুৰাপান! পথ দুৰ্ঘটনাত আহত বিধায়ক তেৰচ গোৱালাৰ লগতে তেওঁৰ দেহৰক্ষী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in