/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/64aed849-dacd-4271-ab3f-262f895e0d79/AP_FOR_WEB_1.jpg)
ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই মণিপুৰ। দুুই মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰা ঘটনাই দেশক বিশ্ববাসীৰ সন্মুখত লজ্জিত কৰিছে। ইয়াৰ মাজতে মণিপুৰৰ পৰা আন এক জঘন্য ঘটনা পোহৰলৈ আহিছে।
৪ মে'ত দুই মহিলাক বিবস্ত্ৰ কৰি ৰাজপথত ঘূৰোৱা হৈছিল । উক্ত দিনাই বা তাৰ এদিন পাছত আন এক জঘন্য ঘটনা সংঘটিত হৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, দুগৰাকী যুৱতীক প্ৰথমে দলবদ্ধ ধৰ্ষণ আৰু পাছত হত্যা কৰা হৈছিল। আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগ অনুসৰি কাংপোকপি জিলাত এই ঘটনা সংঘটিত হৈছিল।
দলবদ্ধ ধৰ্ষণ আৰু হত্যা কৰা যুৱতী দুজনৰ বয়স আছিল ২১ আৰু ২৬ বছৰ। তেওঁলোক দুয়োগৰাকীয়ে ইম্ফল পূব জিলাৰ কুনুং মামাং অঞ্চলৰ এখন কাৰ চাৰ্ভিছ কেন্দ্ৰত কাম কৰিছিল।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, মহিলা দুগৰাকী কাম কৰি থকা অৱস্থাত একাংশলোকে তেওঁলোকক আক্ৰমণ কৰিছিল। সেই আক্ৰমণকাৰী দলটোত মহিলাও আছিল। একাংশলোকে দুই যুৱতীক এটা কোঠাৰ ভিতৰলৈ লৈ গৈছিল আৰু কিছু সময় পাছত মৃতদেহ বাহিৰত পেলাই দিছিল। মৃতদেহ কেইটাৰ কাপোৰ ফটা আৰু শৰীৰত তেজৰ চেকুৰা আছিল। তেওঁলোকৰ চুলিও কাটি দিয়া হৈছিল।
এই ঘটনাৰ বিৰুদ্ধে কোনোৱে মাত মাতিবলৈ সাহস কৰা নাছিল। অৱশেষত সাহস গোটাই এগৰাকী যুৱতীৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছিল। কিন্তু আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত কোনো মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। মণিপুৰ বৰ্তমান বহু ধৰ্ষণ, হত্যা, লুট পাটৰ স্থান হৈ পৰিছে।
ভুক্তভোগী যুৱতী এগৰাকীৰ মাতৃৰ ভাষ্য অনুসৰি তেওঁ যেতিয়া জীয়েকলৈ ফোন কৰি আছিল তেতিয়া এগৰাকী মহিলাই তেওঁৰ ফোন ৰিচিভ কৰিছিল। আৰু কৈছিল- ছোৱালীৰ মৃত্যু নে জীৱন বিচৰা? লগে লগে ফোনটো কাটি দিছিল মহিলাগৰাকীয়ে।
তাৰপাছতে আহিছিল অনাকাংশিত খবৰ। যুৱতীগৰাকীৰ মাতৃৰ মতে উক্ত ঘটনাত একাংশ মহিলাইও লগ দিছিল। তেওঁলোকে ধৰ্ষণ আৰু হত্যাৰ বাবে সমৰ্থন কৰিছিল। মণিপুৰ এতিয়া নৰক হৈ পৰিছে। কেতিয়া জনতাই এই নৰকৰ পৰা পৰিত্ৰাণ পাব সেয়া অনুমান লগাব নোৱাৰি।
Also Read: অশান্ত মণিপুৰত সেনা-কুকি উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীত নিহত ৩