Advertisment

অশান্ত মণিপুৰত সেনা-কুকি উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীত নিহত ৩

তীব্ৰ গুলীচালনাৰ ফলত তিনিজন সন্দেহযুক্ত কুকি উগ্ৰপন্থী নিহত হোৱাৰ লগতে এজন আহত হোৱা বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
অশান্ত মণিপুৰত সেনা-কুকি উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীত নিহত ৩

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বেকাজানঃ বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাই আৰক্ষী থানাৰ অন্তৰ্গত টৰবুং অঞ্চলত নিৰাপত্তা বাহিনী, গাঁৱৰ স্বেচ্ছাসেৱক আৰু কুকি উগ্ৰপন্থীৰ মাজত হোৱা তীব্ৰ গুলীচালনাৰ ফলত তিনিজন সন্দেহযুক্ত কুকি উগ্ৰপন্থী নিহত হোৱাৰ লগতে এজন আহত হোৱা বুলি জানিব পৰা গৈছে। শনিবাৰে গভীৰ নিশা আৰম্ভ হোৱা গুলীচালনা দেওবাৰৰ পুৱালৈকে চলি আছিল বুলি সূত্ৰই জনায়।

Advertisment

সূত্ৰ অনুসৰি দেওবাৰে পুৱতি নিশা প্ৰায় ৪ বজাৰ ওচৰত কুকি উগ্ৰপন্থীৰ গুলীত আঘাত পোৱা এগৰাকী মহিলাও ইম্ফলৰ ৰাজ মেডিচিটিত চিকিৎসাধীন হৈ আছে। আহত লোকজন কোৱাকটা ৱাৰ্ড নং ১ৰ এজন এম ডি গ্ৰাফাৰৰ পত্নী ২৪ বছৰীয়া ছেইনাজ বুলি চিনাক্ত কৰা হৈছে।

কুকি উগ্ৰপন্থী অঞ্চলৰ সমীপত ৰখাই থোৱা আছাম ৰাইফলছৰ এখন বুলেট প্ৰুফ বাহনও কুকি উগ্ৰপন্থীৰ ফালৰ পৰা বোমা বিস্ফোৰণত ধ্বংস হয়। এই ঘটনাত এ আৰৰ একাংশ লোকো আহত হ’ব পাৰে বুলি সূত্ৰই জানিবলৈ দিয়ে। শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত বিদ্যালয়খন খালী কৰাৰ পিছত কুকি উগ্ৰপন্থীয়ে নিজৰ অঞ্চলৰ ভিতৰৰ টৰবুঙত এখন বিদ্যালয় জ্বলাই দিয়ে বুলি সূত্ৰটোৱে কয় আৰু বিদ্যালয়খনৰ কাষ চাপিবলৈ চেষ্টা কৰাৰ সময়ত উগ্ৰপন্থীয়ে দশম বেটেলিয়নৰ বিএছএফৰ জোৱান আৰু মহিলাসকলৰ ফালে বন্দুকৰ গুলীচালনা কৰে।

এই আক্ৰমণত বিএছএফৰ জোৱানসকলে প্ৰতিশোধ লোৱাৰ বিপৰীতে ১৬-কুমাওন ৰেজিমেণ্টেও বিএছএফক সহায় কৰিবলৈ অঞ্চলটোলৈ ততাতৈয়াকৈ উপস্থিত হয়। পিছত নিশা প্ৰায় ৯ বজাত গাঁৱৰ স্বেচ্ছাসেৱকসকলেও বন্দুকৰ যুঁজত যোগদান কৰে বুলি সূত্ৰই জনায়। কাংভাই ফালৰ পৰা কুকি উগ্ৰপন্থীৰ সৈতে অহা একাংশ মহিলাই দুয়োপক্ষৰ পৰা বন্দুকৰ যুঁজ বন্ধ কৰিবলৈ মাইকত চিঞৰিছিল যদিও এই ঘোষণা অসাৰ হৈ পৰাত গুলীয়া গুলিত ৰক্তাক্ত হৈ পৰে।

ফলত তিনিজন কুকি উগ্ৰপন্থীৰ মৃত্যু হোৱাৰ দাবী কৰা হৈছে। কুকিৰ ফালৰ পৰা হঠাতে গুলী চালনাত লগে লগে দুই মিনিটমানৰ পিছত এখন এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয় আৰু এম্বুলেন্সখন যোৱাৰ লগে লগে তেওঁলোকে পুনৰ আক্ৰমণ অব্যাহত ৰাখে বুলি সূত্ৰই জনায়। দেওবাৰে পুৱা প্ৰায় ১:৩০ বজাত কুকি উগ্ৰপন্থীয়ে ৯ নং ফৌগাকচাও ইখাই আৱাং লেইকাই ৱাৰ্ডত ১০টা মৰ্টাৰ শ্বেল গুলীয়াই আক্ৰমণ অব্যাহত ৰাখিছে।

তিনিটা বোমা বিস্ফোৰণত ব্যৰ্থ হোৱা বুলি তেওঁলোকে জনায়। দেওবাৰে পুৱা প্ৰায় ২ বজাত আৰ পি জি ৩ ব্যৱহাৰ কৰি টৰবুং ছাবাল লেইকাইত নিয়োজিত ১৬ কুমাওন ৰেজিমেণ্টৰ ফালে পুনৰ গুলীচালনা কৰে উগ্ৰপন্থীয়ে। দেওবাৰে পুৱা প্ৰায় ৪ বজাত টৰবুঙত নিয়োজিত ১৯৩ বিএন ডি-কয় যে উগ্ৰপন্থীয়ে চিআৰপিএফলৈ লক্ষ্য কৰি মৰ্টাৰ শ্বেল চলাই থাকে। এই ঘটনাৰ পাছত মণিপুৰৰ আইন শৃংখলা অধিক অৱনতি ঘটনাৰ লগতে ৰাজ্য খনলৈ শান্তি ঘূৰি অহাতো অধিক জটিল হৈ পৰিছে।

Also Read: সাঁতোৰ সন্থা চৰাইদেউ জিলা সমিতি গঠন

manipur