মণিপুৰৰ ননেই জিলাত এন এছ চি এন-আই এমৰ দুজন কেডাৰক গুলীয়াই হত্যা

মণিপুৰৰ ননেই জিলাত এন এছ চি এন-আই এমৰ দুজন কেডাৰক গুলীয়াই হত্যা

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল সংবাদ বেকাজান : মণিপুৰৰ ননেই জিলাত এন এছ চি এন-আই এমৰ কেডাৰক গুলীয়াই হত্যা। জিলাখনৰ ৰেংপাঙত এটা ঘৰত শুই থকা অৱস্থাত এন এছ চি এন-আই এমৰ দুজন কেডাৰক জেড ইউ এফৰ কেডাৰে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

শুকুৰবাৰে পুৱা প্ৰায় ১:৪৫ বজাত ননে জিলাৰ খংছাং আৰক্ষী থানাৰ অধীনস্থ ৰেংপাঙত এন এছ চি এন-আই এমৰ দুজন কেডাৰক জেলিয়াংগ্ৰং ইউনাইটেড ফ্ৰণ্টে উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ পিচতে পুৱা প্ৰায় ৬:৩০ বজাত খংছাং থানাৰ এটা দলে সেই স্থানত উপস্থিত হয় আৰু এন এছ চি এন-আই এমৰ কেডাৰৰ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।

Also Read: বদৰপুৰত ভয়াৱহ অগ্নিকাণ্ড : ভস্মীভূত ৰবৰ গুদাম

manipur