/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/469ac5d5-0b08-49be-87e5-ac5aea06af8f/nagaland.jpg)
ডিজিটেল সংবাদ, ৱাখা : নাগালেণ্ড বিধানসভাৰ দুগৰাকী বিধায়ক ক্ৰমে — টি ইয়াংচেও চাংটাম আৰু থংৱাং কন্যাকে পদত্যাগ পত্ৰ দাখিল কৰিছে। ৬০ নং পুংগ্ৰো-কিফিৰে বিধানসভা সমষ্টিৰ নিৰ্দলীয় বিধায়ক চাংটাম এন এল এৰ উপ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ বিপৰীতে কন্যাক ৪৬ নং মন টাউন বিধানসভা সমষ্টিৰ পৰা নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ টিকটত নিৰ্বাচিত হৈছিল ।
মঙলবাৰে ৰাজ্যিক ডি আই পি আৰৰ জৰিয়তে জাৰি কৰা এক অধিসূচনাত এন এল এৰ সচিবালয়ে জনাইছে যে এন এল এৰ অধ্যক্ষই ৩০ জানুৱাৰীৰ বিয়লিৰ পৰা কাৰ্যকৰী হোৱাকৈ ত্ৰয়োদশ এন এল এৰ সদস্যপদৰ পৰা পদত্যাগ গ্ৰহণ কৰে লগে লগেই আসন কেইখন খালী হৈ পৰিছে ।
আৰু পঢ়ক : ১০৬ মিলিয়নত চেলছিলৈ এঞ্জো ফাৰ্নাণ্ডেজ