ত্ৰিপুৰাত পুনৰ হ'ব বিজেপিৰ চৰকাৰ ! তিপ্ৰা মথাও হ'ব বিৰোধী...

ত্ৰিপুৰাত পুনৰ হ'ব বিজেপিৰ চৰকাৰ ! তিপ্ৰা মথাও হ'ব বিৰোধী...
ত্ৰিপুৰাত পুনৰ হ'ব বিজেপিৰ চৰকাৰ ! তিপ্ৰা মথাও হ'ব বিৰোধী...

ডিজিটেল ডেস্কঃ ৬০ খন আসনৰ ত্ৰিপুৰা বিধানসভাত এইবাৰ পুনৰ বিজেপিৰ দখললৈ যোৱাৰ পথত। এই পৰ্যন্ত বিজেপি ৩১ খন আসনত আগবাঢ়ি আছে।

ৰাজ্যখনত চি পি এমকে ধৰি বাওঁ দলসমূহ ১৮ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত এই পৰ্যন্ত কংগ্ৰেছে এখনো আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা তিপ্ৰা মথাই ১০ খন আসনত অগ্ৰগতি লাভ কৰিছে। উল্লেখ্য যে ত্ৰিপুৰা বিধানসভাত মুঠ আসনৰ সংখ্যা ৬০ খন। সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ৩১ খন আসনৰ।

ইফালে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বে দলটোৱে আজি ত্ৰিপুৰাৰ আগৰতলাস্থিত তেওঁলোকৰ কাৰ্যালয়ত পূজা, অৰ্চনা কৰিছিল। ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজিব ভট্টাচাৰ্যই ৰাজ্যখনত দলটো পুনৰ ক্ষমতালৈ উভতি অহাৰ ওপৰত আস্থা প্ৰকাশ কৰিছিল।

তেওঁ এই সন্দৰ্ভত কয়, "আমি আজি দলীয় কাৰ্যালয়ত পূজা কৰিছো আৰু মাতা ত্ৰিপুৰেশ্বৰীৰ আশীৰ্বাদ লৈছো। ত্ৰিপুৰাত বিজেপি ক্ষমতালৈ ঘূৰি আহিব। আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিম।" ভট্টাচাৰ্যই সংবাদ সংস্থা এএনআইক কয়।

উল্লেখ্য যে, ত্ৰিপুৰা বিধানসভাৰ মুঠ আসনৰ সংখ্যা ৬০ খন। বিজেপিয়ে এই ৬০ খন আসনতে প্ৰতিদ্বন্দিতা কৰিছে। এতিয়াও ৰাজ্যখনত ভোটগণনা অব্যআহত আছে। দলটোৱে ৪০ খন আসনত অগ্ৰগতি লাভ কৰিছে।

ত্ৰিপুৰাত পুনৰ হ'ব বিজেপিৰ চৰকাৰ ! তিপ্ৰা মথাও হ'ব বিৰোধী...
Live Update: উত্তৰ পূবৰ ৩ ৰাজ্য কাৰ দখললৈ? ভোট গণনাৰ A to Z খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in