Live Update: উত্তৰ পূবৰ ৩ ৰাজ্যৰ ফলাফল ঘোষণা, ত্ৰিপুৰাত বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা আৰু...

Live Update: উত্তৰ পূবৰ ৩ ৰাজ্যৰ ফলাফল ঘোষণা, ত্ৰিপুৰাত বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা আৰু...

উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্য, ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ডৰ নিৰ্বাচনী যুঁজৰ অন্ত পৰিলে। এতিয়া জনাদেশ মানি লোৱাৰ সময়।দীৰ্ঘদিনীয়া ৰাজনৈতিক সমীকৰণৰ ইতি পৰিছে। জনতাৰ আস্থা যিয়েই জয় কৰিলে তেওঁলোকৰ হাততেই ৰাইজে অৰ্পণ কৰিব ক্ষমতা। ই ভি এমত আবদ্ধ সকলোৰে ভাগ্য। নিৰ্বাচনী ফলাফল আনুষ্ঠানিক ঘোষণা নোহোৱা পৰ্যন্ত সংযুক্ত হৈ থাকক অসমীয়া প্ৰতিদিন ডিজিটেলৰ লগত। প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনাক দিয়াৰ দায়িত্ব আমাৰ। 

ত্ৰিপুৰা নিৰ্বাচনী ফলাফলঃ 

ত্ৰিপুৰাত মুঠ আসনৰ সংখ্যা ৩২ খন। ইয়াৰে বিজেপিয়ে ৩২ খন, চিপিআই(এম)য়ে ১১ খন, কংগ্ৰেছে ৩ খন, আইপিএফটিয়ে ১ খন আৰু তিপ্ৰ মথাই ১৩ খন আসন লাভ কৰিবলৈ সক্ষম হয়। ত্ৰিপুৰাত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়।

মেঘালয় নিৰ্বাচনী ফলাফলঃ 

মেঘালয়ত মুঠ আসনৰ সংখ্যা ৫৯। ইয়াৰে এনপিপিয়ে ২৬ খন, বিজেপিয়ে দুখন, তৃণমুল কংগ্ৰেছে ৫ খন, কংগ্ৰেছে ৫ খন, পিডিএফে২ খন, ইউডিপিয়ে ১১ খন, ভিপিপিয়ে খন, এইচ এছ পি ডি পিয়ে ২ খন আসন লাভ কৰিবলৈ সক্ষম হয়। মেঘালয়ত এন পি পিয়ে একক ভাৱে নিৰ্বাচন খেলিলেও বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ সম্পূৰ্ণ সম্ভাৱণা আছে।

নাগালেণ্ডৰ নিৰ্বাচনী ফলাফলঃ 

নাগালেণ্ডৰ মুঠ ৬০ খন আসনৰ এন ডি পি পিয়ে ২৫খম আসন, বিজেপিয়ে ১২ খন আসন লাভ কৰিবলৈ সক্ষম হয়। বাকী আসন কেইখন অন্য দলৰ হাতলৈ যায়। নাগালেণ্ডত বিজেপি আৰু এনডিপিপিৰ মিত্ৰজোঁট আছে।

মোডীক সম্বৰ্ধনা জনাব জ্যেষ্ঠ নেতাই 

উত্তৰ পূৰ্বাঞ্চলৰ দুই ৰাজ্য নাগালেণ্ড আৰু ত্ৰিপুৰাত বিজেপিৰ প্ৰদৰ্শনত আনন্দিত দলটোৰ নেতা, কৰ্মী। দুয়োখন ৰাজ্যত বিজেপিৰ এই সফলতাৰ বাবে আজি সন্ধিয়াৰ ভাগত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সম্বৰ্ধনা জনাব দলটোৰ জ্যেষ্ঠ নেতা সকলে।

নৱ গঠিত ভি পি পিৰ চমক

মেঘালয়ৰ নৱগঠিত ৰাজনৈতিক দল ভইচ অফ পিপল পাৰ্টি (ভি পি পি)য়ে আজি ঘোষিত নিৰ্বাচনী ফলাফল অনুসৰি চাৰিখন আসন লাভ কৰিবলৈ সক্ষম হৈছে। দলটোৱে মেঘালয়ৰ মুঠ ১৮ খন আসনত প্ৰতিদ্বন্দিতা আগবাঢ়াই ৪ খন আসন দখল কৰিছে।

দলটোৰ প্ৰেক্ষেপিত প্ৰাৰ্থী এডেলবাৰ্ট নংৰুমে নৰ্থ শ্বিলং সমষ্টিত, এৰ্ডেণ্ট মিলাৰ বাছায়াওমোইট নংক্ৰেম সমষ্টিত, ব্ৰাইটষ্টাৰৱেল মাৰ্বানিয়াঙে মাওলাই সমষ্টিত আৰু হেভিং ষ্টোন খাৰপ্ৰানে মাওৰিংকনেং সমষ্টিত বিজয় সাব্যস্ত কৰিছে। ।

খাৰপ্ৰানে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী ইউ ডি পিৰ ড০ অ' এছ জিৰৱাক ১২৪২ টা ভোটত পৰাজিত কৰিছে। তেওঁ ১১৪২৪ টা ভোট লাভ কৰাৰ বিপৰীতে জিৰৱায়ে ১০, ১৮২ টা ভোট লাভ কৰিছে।

আঞ্চলিক দলৰ উত্থান

আত্মপ্ৰকাশ কৰিয়েই বৃহৎ শক্তি হিচাপে পৰিগণিত হৈছে তিপ্ৰা মথা পাৰ্টী। মুঠ ৪২ খন আসনত প্ৰতিদ্বন্দিতা আগঢ়াই এই পৰ্যন্ত ১২ খন আসনত বিজয় সাব্যস্ত কৰাৰ লগতে আন এখন আসনত আগবাঢ়ি আহিছে।

তিপ্ৰা মথাই পূৰ্বে ত্ৰিপুৰাক ধাৰাবাহিক ভাৱে শাসন কৰা বাওঁ দলকো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। চি পি আই (এম) এ এই পৰ্যন্ত ৯ খন আসন লাভ কৰিছে। অন্য ২ খন আসনত আগবাঢ়ি আছে।

মুঠ ৫১ বাৰ উত্তৰ পূবলৈ আহিছে নৰেন্দ্ৰ মোডী

পুনৰবাৰ নাগালেণ্ডৰ শাসন এন ডি পি পি আৰু বিজেপিৰ দখললৈ যোৱাটো নিশ্চিত হৈছে। ৬০ খন আসনৰ ভিতৰত ইতিমধ্যে বিজেপিয়ে ১১ খন আৰু এন ডি পি পিয়ে ২১ খন আসনত বিজয় সাব্যস্ত কৰি ক্ষমতা দখলৰ বাবে প্ৰয়োজনীয় মেজিক নাম্বাৰ ৩১ অতিক্ৰম কৰিলে।

দল দুটাৰ আসনৰ সংখ্যা আৰু অধিক হোৱাটো নিশ্চিত। আনহাতে প্ৰথম বাৰৰ বাবে নাগালেণ্ডে এগৰাকী মহিলা বিধায়ক লাভ কৰিছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে নাগালেণ্ডে পালে এগৰাকী মহিলা বিধায়ক।

এই সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ নলিন কোহলীয়ে কৈছে, বিজেপিয়ে নাগালেণ্ডত ইমান ভাল প্ৰদৰ্শন কৰাৰ কাৰণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "এক্ট ইষ্ট" নীতি।

তেওঁ কয়, প্ৰধানমন্ত্ৰী মোডীয়ে ৫১ বাৰ উত্তৰ-পূবলৈ গৈছে। তেওঁৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী সকলে উত্তৰ পূব ভ্ৰমণ কৰাৰ সংখ্যা একত্ৰিত কৰিলেও এই সংখ্যা স্পৰ্শ কৰিব নোৱাৰে।

তেওঁ পুনৰ কয়, আমি ঘাইপথ উন্নত কৰিছো আৰু উত্তৰ-পূবৰ লোকসকলৰ ওচৰত আঁচনিসমূহ উপনীত হোৱাটো নিশ্চিত কৰিছো।"

মুখ্যমন্ত্ৰী নেফিও ৰিঅ'ৰ বিজয় 

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিও ৰিঅ'য়ে বিজয় সাব্যস্ত কৰিছে। এন ডি পি পিৰ নেতাজনে উত্তৰ আঁগামি-২ বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰতিদ্বন্দি চেইভিলি চাচুক ১৫,৮২৪ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে।

তৃণমূলৰ নেতা মুকুল চাংমা পৰাস্ত

মেঘালয়ৰ তিক্ৰিকিল্লা সমষ্টিত পৰাস্ত তৃণমূল কংগ্ৰেছৰ নেতা ড০ মুকুল চাংমা। এন পি পি প্ৰাৰ্থী জিমি দি চাংমাৰ হাতত পৰাস্ত হয় নেতাজন। প্ৰায় ৬ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত নেতাজন।

বিজেপি কাৰ্যালয়ত বিজয় উৎসৱ

ত্ৰিপুৰাত বিজপিয়ে এই মুহূৰ্তলৈকে ২২ খন আসনত বিজয় সাব্যস্ত কৰিছে বিজেপিয়ে। এতিয়াও দলটো ১১ খন আসনত আগবাঢ়ি আছে। দলটোৰ এনে প্ৰদৰ্শনত সকলো উৎফুল্লিত হৈ পৰিছে। ধাৰণা কৰা হৈছে মেজিক নাম্বাৰ ৩১ বিজেপিয়ে অকলেই দখল কৰিব।

নাগালেণ্ড বিজেপি সভাপতিৰ জয়

নাগালেণ্ড বিজেপিৰ ৰাজ্যিক সভাপচি টেমজেন ইমনা আলং পুনৰ বাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে। নিৰ্বাচনৰ পূৰ্বে তেওঁ পৰিছিল এন এছ চি এন (আই এম)ৰ ৰোষত। সংগঠনটোৱে টেমজেন ইমনা আলঙক ভোটদান নকৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁক ভোটদান কৰিলে শাস্তি দিয়া হ'ব বুলিও ঘোষণা কৰিছিল।

মেঘালয়ৰ ওলাল ১৬ খন আসনৰ ফলাফল

মেঘালয়ত তৃণমূল কংগ্ৰেছে ১ খন, এইছ এছ পি ডি পিয়ে ১খন, নিৰ্দলীয়ই ২ খন, কংগ্ৰেছে ১ খন, এন পি পিয়ে ৫ খন, ইউ ডি পিয়ে ৫ খন, ভি পি পিয়ে ১ খন আসনত বিজয় সাব্যস্ত কৰিছে।

২৪ খন আসনৰ ফলাফল ওলাল নাগালেণ্ডত

৬০ খন আসনৰ নাগালেণ্ড বিধানসভাত এই মুহূৰ্তলৈকে মুঠ ২৪ খন আসনৰ ফলাফল ওলাইছে। বিজেপিয়ে ৪ খন, নিৰ্দলীয়ই ৩ খন, লোক জনশক্তি পাৰ্টীয়ে ১ খন, এন পি পিয়ে ২ খন, কংগ্ৰেছে ১খন, এন ডি পি পিয়ে ১১ খন আসন আৰু ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াই ২ খন আসনত বিজয় সাব্যস্ত কৰিছে।

ত্ৰিপৰা মথাৰ দখলত ৭ খন আসন

তিপ্ৰা মথাই এই মুহূৰ্তলৈ ৭ খন আসন দখল কৰিছে। দলটো আন ৫ খন আসনত আগবাঢ়ি আছে। দলটোৱে অতি কমেও ১০ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

ত্ৰিপুৰাত বিজেপিয়ে পালে ১৫ খন আসন

ত্ৰিপুৰা বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ৩১ খন আসন। বিজেপিয়ে এই মুহূৰ্তলৈ লাভ কৰিলে ১৫ খন আসন। দলটো আগবাঢ়ি আছে আন ১৮ খন আসনত। অৰ্থাত বিজেপি মুঠ ৩৩ খন আসনত অগ্ৰতি লাভ কৰিছে।

নাগালেণ্ডে পালে প্ৰথমগৰাকী মহিলা বিধায়ক

ৰাজ্যগঠন হোৱা ৬০ বছৰ সম্পূৰ্ণ হ'ল। এই ৬০ বছৰত নাগালেণ্ড বিধানসভাত নাছিল এগৰাকীও মহিলা বিধায়ক। কিন্তু এইবাৰ ভংগ হ'ল এই ৰেকৰ্ড। নাগালেণ্ডে এইবাৰ লাভ কৰিলে প্ৰথমগৰাকী মহিলা বিধায়ক। বিজেপিৰ সহযোগী এন ডি পি পিৰ প্ৰাৰ্থী হেকানি জাখালুৱে ডিমাপুৰ-৩ আসনত জয়লাভ কৰিছে। পেছাগত ভাৱে তেওঁ এগৰাকী অধিবক্তা।

মেঘালয়ত পৰাস্ত হ'ল কনৰাড চাংমাৰ ভাতৃ

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভাতৃ জেমছ চাংমা পৰাস্ত হৈছে। ৰাজ্যখনত এই পৰ্যন্ত কংগ্ৰেছ ১ খনত, টি এম চি ১খনত, এন পি পি ৫ খনত, ইউ ডি পি ২ খনত বিজয়ী হৈছে।

বিজেপিয়ে মানি ল'ব তিপ্ৰা মথাৰ সকলো দাবী। মাত্ৰ...

বিজেপিয়ে তিপ্ৰা মথাৰ সকলো দাবী মানি ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু তিপ্ৰা মথাৰ গ্ৰেটাৰ তিপ্ৰা লেণ্ডৰ দাবী কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰিছে।

তিপ্ৰা মথাই পালে ২ খন আসন

প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা তিপ্ৰা মথাৰ ২ জন প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। দলটো মুঠ ১২ খন আসনত আগবাঢ়ি আছে।

ত্ৰিপুৰাত জয় সাব্যস্ত কৰিলে বিজেপিৰ মানিক সাহাই

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ পূৰ্বেই নিৰ্বানচত জয়ী হোৱাৰ সম্ভাৱনা সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছিল । নিৰ্বাচনত বিজেপি পুনৰ এবাৰ জয়ী হৈ শাসনলৈ অহাৰ কথাও ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । মানিক সাহাৰ সেই ভৱিষ্যৎ বাণী সচা প্ৰামণিত হোৱাৰ দিশে । ইতিমধ্যে জয় লাভ কৰিলে মানিক সাহাই, বিজেপিও এক সুস্থিৰ অগ্ৰগতিত । তেনেস্থলত ত্ৰিপুৰাত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাতো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

মেঘালয়ত দুখন আসনত এন পি পিৰ বিজয়

মেঘালয়ত এন পি পিয়ে লাভ কৰিলে ২ খন আসন। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি আন ২১ খন আসনত আগবাঢ়ি আছে এন পি পি। আনহাতে ইউ ডি পি আগবাঢ়ি আছে ৯ খন আসনত। সেইদৰে তৃণমূল কংগ্ৰেছ, বিজেপি ৫ খনকৈ আসনত এইছ এছ পি ডি পি ২ খন আসনত, নিৰ্দলীয় ৩ খন আসনত, কংগ্ৰেছ ৪ খন আসনত, পি ডি এফ ২ খন আসনত, ভি পি পি ৪ খন আসনত আগবাঢ়ি আছে।

ত্ৰিপৰা মথাৰে আলোচনা বিজেপিৰ

ঘনে ঘনে সলনি হৈছে দৃশ্যপট। ত্ৰিপুৰাত বিজেপি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে যদিও ৰিক্স ল'ব বিচৰা নাই দলটোৱে। সেয়ে তিপ্ৰা মথা পাৰ্টীৰ লগত মিত্ৰতা স্থাপনৰ প্ৰস্তাৱ আগবাঢ়াইছে বিজিপেয়। আজিয়েই দলটোৰ সৈতে বিজেপিৰ নেতৃত্ব আলোচনাত বহাৰ কথা। অৱশ্যে এয়া আনুষ্ঠানিক তথ্য নহয়।

নাগালেণ্ডত কংগ্ৰেছৰ সফলতা

১১ বজালৈকে এখনো আসনত আগবাঢ়িব নোৱাৰা কংগ্ৰেছে নাগালেণ্ডত অৱশেষত এখন আসনত আগবাঢ়িবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ টিজিট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীজন আগবাঢ়ি আছে।

মেঘালয়ত আগবাঢ়িছে এন পি পি

শাসনাধিস্ত এন পি পি এই মুহূৰ্তলৈ ২৪ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত কংগ্ৰেছ ৬ খন, টি এম চি ৫ খন, বিজেপি ৬ খন আৰু অন্যান্য ১৮ খন আসনত আগবাঢ়ি আছে।

নাগালেণ্ডত অপ্ৰতিৰোধ্য নেডা

নাগালেণ্ডত অপ্ৰতিৰোধ্য হৈ পৰিছে নেডা। নেডাৰ অংশীদাৰ বি জে পি আৰু এন ডি পি পিৰ মিত্ৰজোঁট ৪১ খন আসনত আগবাঢ়ি আছে। এন পি এফ আগবাঢ়ি আছে ৪ খন আসনত। আৰু অন্যান্য আগবাঢ়ি আছে ১৫ খন আসনত। নাগালেণ্ডত কংগ্ৰেছ এখনো আসনত এই মুহূৰ্তলৈ আগবাঢ়িব পৰা নাই।

ত্ৰিপুৰাত আগবাঢ়ি আকৌ আগবাঢ়িছে বিজেপি 

পুৱাৰে পৰা সঘনে সলনি হৈছে ত্ৰিপুৰাৰ ভোটগণনাৰ দৃশ্যপট। পুনৰ বিজেপি ৩১ খন আসনত আগবাঢ়িছে। ইয়াৰ বিপৰীতে বাওঁ আৰু কংগ্ৰেছ দলৰ মিত্ৰজোঁটে ১৬ খন আসনত আগবাঢ়ি আছে। তিপ্ৰামথা আগবাঢ়ি আছে ১২ টা সমষ্টিত। অন্যান্য আগবাঢ়ি আছে এটা সমষ্টিত।

পৰিয়ালসহ পিতৃৰ সমাধিস্থলত কনৰাড চাংমা

ভোটগণনা অব্যাহত থকাৰ মাজতে আজি নিজ পিতৃৰ সমাধিস্থলত গৈ উপস্থিত হ'লগৈ কনৰাড চাংমা।

জমি উঠিছে ত্ৰিপুৰাৰ ৰাজনীতি 

ত্ৰিপুৰাত কোনে মাৰিব শেষ হাঁহি? এই প্ৰশ্নৰ উত্তৰ এতিয়া সহজ হৈ থকা নাই। কিয়নো পুৱাৰে পৰা ত্ৰিপুৰাত বিজেপি আগবাঢ়ি আছিল যদিও এতিয়া বিজেপিৰ প্ৰায় দুৰ্বল হৈ আহিছে। শক্তিশালী হৈ আছে বাওঁদল। এই মুহূৰ্তত ত্ৰিপুৰাত বিজেপি ২২ খন আসনত আগবাঢ়ি আছে। পুৱাৰ ভাগত এই সংখ্যাই ৩১ ৰ সীমা অতিক্ৰম কৰিছিল। এই মুহূৰ্তত ৰাজ্যখনত কংগ্ৰেছ আৰু বাওঁ দলৰ মিত্ৰজোঁটে বিজেপিক অতিক্ৰম কৰি ২৪ খন আসনত আগবাঢ়ি আছে। আনহাতে তিপ্ৰা মথা আগবাঢ়ি আছে ১৩ খন আসনত।

কনৰাড চাংমাৰ এন পি পিয়ে ক্ষমতা দখল কৰিব যদিহে...

মেঘালয়ত ক্ষমতা দখলৰ বাবে প্ৰয়োজন ৩১ খন আসনৰ। অৰ্থাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ৩১ খন আসন। কিন্তু এইবাৰ মেঘালয়ত কোনো এটা দলেই সংখ্যা গৰিষ্ঠতা অৰ্জন কৰিব নোৱাৰাটো প্ৰায় নিশ্চিত। এক্সিট প'লেও সেই কথাকেই কৈছিল।

বৰ্তমানলৈকে মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনাৰ গতি পৰ্যবেক্ষণ কৰি এটা কথা স্পষ্ট হৈছে যে, মেঘালয়ত কনৰাড চাংমাই পুনৰ চৰকাৰে গঠন কৰিবলৈ তেওঁক প্ৰয়োজন হ'ব আন দলেৰে মিত্ৰতা। এই মুহূৰ্তলৈকে দলটোৱে ২০ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

নাগালেণ্ড বিজেপিৰ

৬০ খন আসনৰ নাগালেণ্ড বিধানসভা পুনৰবাৰ বিজেপি মিত্ৰজোঁটৰ হাতলৈ যোৱাটো নিশ্চিত। নাগালেণ্ডত এই পৰ্যন্ত বি জি পি মিত্ৰজোঁট ৫০ খনৰো আসনত আগবাঢ়ি আছে। এন পি এফ আগবাঢ়ি আছে ৬ খন আসনত আৰু কংগ্ৰেছ মাত্ৰ ১ খন আসনত আগবাঢ়ি আছে।

মেঘালয়ত কনৰাড চাংমাৰ মুখত দেখা গৈছে হাঁহি

৬০ খন আসনৰ মেঘালয় বিধানসভাত এই পৰ্যন্ত কনৰাড চাংমা নেতৃত্বাধীন এন পি পিয়ে ১৬ খন আসনত আগবাঢ়ি আছে। আনহাতে ৰাজ্যখনত বিজেপি ৮ খন আসনত আগবাঢ়ি আছে। সেইদৰে কংগ্ৰেছ ৯ খন আৰু তৃণমূল কংগ্ৰেছ ১৬ খনকৈ আসনত আগাবাঢ়ি আছে।

ত্ৰিপুৰাত বিজেপিৰ বিজয় নিশ্চিত !

৬০ খন আসনৰ ত্ৰিপুৰা বিধানসভাত এইবাৰ পুনৰ বিজেপিৰ দখললৈ যোৱাৰ পথত। এই পৰ্যন্ত বিজেপি ৩১ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত চি পি এমকে ধৰি বাওঁ দলসমূহ ১৮ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত এই পৰ্যন্ত কংগ্ৰেছে এখনো আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা তিপ্ৰা মথাই ১০ খন আসনত অগ্ৰগতি লাভ কৰিছে।

বিজেপি অফিচত পূজা, অৰ্চনা

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বে দলটোৱে আজি ত্ৰিপুৰাৰ আগৰতলাস্থিত তেওঁলোকৰ কাৰ্যালয়ত পূজা, অৰ্চনা কৰিছিল। ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজিব ভট্টাচাৰ্যই ৰাজ্যখনত দলটো পুনৰ ক্ষমতালৈ উভতি অহাৰ ওপৰত আস্থা প্ৰকাশ কৰিছিল।

তেওঁ এই সন্দৰ্ভত কয়, "আমি আজি দলীয় কাৰ্যালয়ত পূজা কৰিছো আৰু মাতা ত্ৰিপুৰেশ্বৰীৰ আশীৰ্বাদ লৈছো। ত্ৰিপুৰাত বিজেপি ক্ষমতালৈ ঘূৰি আহিব। আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিম।" ভট্টাচাৰ্যই সংবাদ সংস্থা এএনআইক কয়।

প্ৰথমবাৰলৈ কোনো মহিলা প্ৰতিনিধি লাভ কৰিব নেকি নাগালেণ্ডে ?

ইতিহাস ৰচনা হ'ব নেকি নাগালেণ্ডত ? হয়তো প্ৰথমবাৰলৈ কোনো মহিলা জনপ্ৰতিনিধি লাভ কৰাৰ দিশে ৰাজ্যখন । ইয়াৰ পূৰ্বে নাগালেণ্ডৰ ইতিহাসত বিধানসভালৈ নিৰ্বাচিত হৈ অহা নাছিল কোনো মহিলা জনপ্ৰতিনিধি । অৱশ্যে লোকসভাৰ সাংসদ হিচাপে ইয়াৰ পূৰ্বে নিৰ্বাচিত হৈছিল মহিলা প্ৰতিনিধি । এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ হেখানি জাখালু, ৰ'জী থম্পচন, চালহৌটোৱোনৌ আৰু কাহুলি চেমাৰ ওপৰত...

ত্ৰিপুৰা আৰু নাগালেণ্ডত অগ্ৰগতি বিজেপিৰ, মেঘালয়ত কনৰাড চাংমাৰ দলে লাভ কৰিছে অগ্ৰগতি

পোষ্টেল যোগে অহা ভোটসমূহৰ গণনা প্ৰায় শেষ হোৱাৰ উপক্ৰম । ক্ষন্তেক সময় পাছতেই আৰম্ভ হ'ব ই ভি এমৰ ভোট গণনা । বৰ্তমানলৈ নাগালেণ্ড আৰু ত্ৰিপুৰাত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ক্ৰমে ৪০ খন আৰু ৩৭ খন আসনত । আনহাতে, মেঘালয়ত অগ্ৰগতি লাভ কৰি শীৰ্ষত আছে এন পি পি ২৪ খন আসনত ।

আৰম্ভ হ'ল ভোটগণনা প্ৰক্ৰিয়া, কোনে লাভ কৰিব মেজিক নাম্বাৰ...

৬০ খন আসনৰ বাবে হোৱা যুঁজত সকলোৰে চকু মেজিক নাম্বাৰ লৈ । এই মেজিক নাম্বাৰ হৈছে ৩১ খন আসন । কোনে লাভ কৰিব মেজিক নাম্বাৰ আৰু গঠন কৰিব চৰকাৰ । সেই লৈ এতিয়া চৌদিশে অলীক কল্পনা জল্পনা চলা দেখা গৈছে তিনিওখন ৰাজ্যতেই । অপেক্ষা মাথো ফলাফল ঘোষণালৈ...

হিংসাত্মক ঘটনাৰ সমাহাৰঃ নাগালেণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ল নিৰ্বাচন

৬০ খন আসনৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ এইবাৰৰ যুঁজ মুখ্যতঃ তিনিকোণীয়া। বিজেপি নেতৃত্বাধীন নেডা, কংগ্ৰেছ আৰু নাগা পিপলছ ফ্ৰণ্টৰ মাজত এই যুঁজ। ৰাজ্যখনত নেডাৰ অংশীদাৰ দুটা দল।

বিজেপি আৰু নেশ্যনেল ডেমক্ৰেটিক প্ৰগেছিভ পাৰ্টী। দুয়োটা দলে আসন বুজাবুজিৰে বিজেপিয়ে ২০ খন আসনত আৰু এন ডি পি পিয়ে ৪০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে।

নাগা পিপলছ ফ্ৰণ্টে ২২ খন আসনত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে ২৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে। উল্লেখ্য যে, ৰাজ্যখনত ২৭ ফেব্ৰুৱাৰীতেই আটাইকেইটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ভোটগ্ৰহণৰ সময়ত হোৱা বিক্ষিপ্ত ঘটনাৰ বাবে ৪ টা সমষ্টিত ১ মাৰ্চত পুনৰ ভোট গ্ৰহণ কৰিবলগীয়া হয়। নিৰ্বাচনী সমীক্ষা অনুসৰি ৰাজ্যখনত নেডাই চৰকাৰ গঠন কৰিব।

১৬ ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল ত্ৰিপুৰা নিৰ্বাচন

ঠায়ে ঠায়ে নিৰ্বাচনী হিংসাৰ মাজেৰে ১৬ ফেব্ৰুৱাৰীত সমাপ্ত হোৱা ত্ৰিপুৰা নিৰ্বাচনত অভিলেখ সংখ্যক ৮১.১০ শতাংশ ভোটদান সাব্যস্ত হৈছিল। ৬০ খন আসনৰ ত্ৰিপুৰা বিধানসভাৰ যুঁজখন মূলতঃ তিনিকোণীয়া।

বিজেপি, তিপ্ৰা মথা চিপিআই(এম), কংগ্ৰেছ আৰু অন্যান্য কেইবাটাও দলৰ মিত্ৰজোঁট। অৱশ্যে তৃণমূল কংগ্ৰেছ আৰু চি পি আই (এম এল) এল ৰ মিত্ৰজোঁটেও ইয়াত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ যথেষ্ট স্থল আছে।

ৰাজ্যখনত বিজেপিয়ে অকলেই ৬০ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে তিপ্ৰামথাই ৪২ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। চি পি আই (এম) ৪৩ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ লগতে কংগ্ৰেছে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ১৩ খন আসনত।

মিত্ৰজোঁটেৰ অংশীদাৰ চি পি আই, আৰ এছ পি, এ আই এফ বি আৰু নিৰ্দলীয়ই এখনকৈ আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। আনহাতে তৃণমূল কংগ্ৰেছ আৰু চি পি আই (এম এল)এৰ মিত্ৰজোঁটে ২৯ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

ইয়াৰ ভিতৰত টি এম চিয়ে ২৮ খন আসন আৰু চি পি আই (এম এল) এয়ে ১খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। নিৰ্বাচনী সমীক্ষা অনুসৰি ৰাজ্যখনত বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰিব বুলি কোৱা হৈছে যদিও এই দাবীক নস্যাত কৰিছে তিপ্ৰা মথা, কংগ্ৰেছ আদিয়ে।

২৭ মেঘালয়ত সম্পন্ন হৈছিল শান্তিপূৰ্ণ নিৰ্বাচন

২১.৬ লাখ ভোটাৰ থকা মেঘালয়ৰ বিধানসভা নিৰ্বাচনত এইবাৰ ৰেকৰ্ডসংখ্যক ৮৫.২৫ শতাংশ ভোটদান সাব্যস্ত হয়। এইবাৰ মেঘালয়ত বিজেপিয়ে প্ৰথমবাৰৰ বাবে অকলেই ৬০ খন আসনতেই প্ৰাৰ্থীত্ব আগবঢ়াইছিল।

আনহাতে শাসনাধিস্ত এন পি পিয়ে ৫৭ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে। মেঘালয়ত অতি শক্তিশালী ৰূপত এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে পূৰ্বৰ মুখ্যমন্ত্ৰী মুকুল চাংমা নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে।

দলটোৱে ৫৬ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আনহাতে কংগ্ৰেছে ৬০ খনত আৰু ইউ ডি পিয়ে ৪৬ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ৰাজ্যখনত একক ভাৱে কোনো এটা দলেই যে চৰকাৰ গঠন কৰিব নোৱাৰে সেয়া ইতিমধ্যে সমীক্ষাত প্ৰকাশ পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in