/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b9f8b39c-bb88-4bf9-8080-5e882a1d2576/congress_bjp.jpg)
ত্ৰিপুৰাত বিজেপি আৰু কংগ্ৰেছে ভংগ কৰিলে নিৰ্বাচন আচৰণ বিধি ! আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী...
ডিজিটেল ডেস্কঃ অন্ত পৰিল ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ব্যাপক বিক্ষিপ্ত ঘটনাৰে ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচন অন্ত পৰিল যদিও শেষ হোৱা নাই বিতৰ্ক।
অভিযোগ-প্ৰতি অভিযোগেৰে এতিয়াও ত্ৰিপুৰাৰ ৰাজনৈতিক আকাশ-বতাহ গৰম হৈ আছে। তাৰ মাজতে আকৌ নিৰ্বাচন আয়োগে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।
দল দুটাৰ বিৰুদ্ধে উত্থাপন হৈছে নিৰ্বাচন আচৰণ বিধি উলংঘনৰ অভিযোগ। ভোটগ্ৰহণ চলি থকাৰ মাজতে কংগ্ৰেছ আৰু বিজেপিয়ে ৰাইজক টুইটাৰৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱাৰ বাবেই দল দুটাৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।
জাননীখনত কোৱা হৈছে যে, বিজেপি আৰু কংগ্ৰেছে ১৯৫১ চনৰ ৰিপ্ৰেজেনটেশ্যন অফ দ্যা পিপল এক্টৰ ১২৬ (১) (বি) ধাৰা ভংগ কৰিছে। উল্লেখ্য যে, আইনখনৰ এই ধাৰা অনুসৰি ভোটগ্ৰহণ হৈ থকাৰ সময়ত ভিডিঅ’, টেলিভিশ্যন বা আন মাধ্যমৰ জৰিয়তে যিকোনো নিৰ্বাচনী বিষয় জনসাধাৰণ আগত প্ৰদৰ্শন কৰাটো গ্ৰহণ যোগ্য নহয় ৷
আয়োগে কংগ্ৰেছ আৰু বিজেপিক ১৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছ।
Also Read: বিক্ষিপ্ত ঘটনাৰে সমাপ্ত হ'ল ত্ৰিপুৰাৰ নিৰ্বাচনঃ EVM ত বন্দী ২৫৯ প্ৰাৰ্থীৰ ভৱিষ্যত...