বিৰোধী বিহীন ত্ৰিপুৰা চৰকাৰৰ আশাত বন্দী মুখ্যমন্ত্ৰী মানিক সাহা

বিৰোধী বিহীন ত্ৰিপুৰা চৰকাৰৰ আশাত বন্দী মুখ্যমন্ত্ৰী মানিক সাহা

ডিজিটেল ডেস্ক : ত্ৰিপুৰা বৰ্তমান বিজেপি শাসনাধিষ্ঠ চৰকাৰৰ নেতৃত্বত পৰিচালিত ৰাজ্য । লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা দিন । ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই বিৰোধীক কটাক্ষ কৰি কয় যে, ২০১৮ৰ নিৰ্বাচনতেই শোচনীয় অৱস্থা হৈছিল বিৰোধী দলসমূহৰ । ২০২৩ৰ নিৰ্বাচনৰ পাছত বিৰোধী বিহীন ত্ৰিপুৰাত শাসন চলাব বিজেপিয়ে ।

অৱশ্যে, ত্ৰিপুৰাত শেহতীয়াকৈ বৃদ্ধি পাইছে বাওঁপন্থী দল চি পি আই (এম)ৰ জনপ্ৰিয়তা । একেদৰেই নিজৰ স্থিতি সৱল কৰিছে তিপ্ৰা মথাৰো কাৰ্যকলাপ । সেই বাবেই এইবাৰৰ নিৰ্বাচন প্ৰয়োজনীয় হৈ পৰিছে বিজেপিৰ বাবে । যাৰ বাবেই নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ কেন্দ্ৰীয় দলৰ জ্যেষ্ঠ নেতা সকল যেনে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ সকলোৱে জনসভাত অংশ লৈছে ত্ৰিপুৰাত ।

এতিয়া বিৰোধী বিহীন ত্ৰিপুৰাত শাসন কৰাৰ আশাত বন্দী মুখ্যমন্ত্ৰী মানিক সাহা । প্ৰশ্ন হয় এখন ৰাজ্যত বিৰোধীৰ অস্তিত্ব নাথাকিলে কিদৰে সম্ভৱ হ'ব গণতান্ত্ৰিক শাসন । চৰকাৰৰ শুদ্ধ পদক্ষেপবোৰৰ সমৰ্থন কৰাৰ সৈতেই ভুলবোৰো আঙুলিয়াই দিবলৈ প্ৰয়োজন বিৰোধীৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in