মণিপুৰ নিয়ন্ত্ৰণ কৰিবলৈ শ্ৰীনগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ৰাকেশ বলৱালক দায়িত্ব...

মণিপুৰ নিয়ন্ত্ৰণ কৰিবলৈ শ্ৰীনগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ৰাকেশ বলৱালক দায়িত্ব...
মণিপুৰ নিয়ন্ত্ৰণ কৰিবলৈ শ্ৰীনগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ৰাকেশ বলৱালক দায়িত্ব...

ডিজিটেল সংবাদ বেকাজানঃ শুকুবাৰৰ পৰা মণিপুৰত নতুনকৈ সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ নিয়ন্ত্ৰণত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে। নতুনকৈ উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি শ্ৰীনগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ৰাকেশ বলৱালক মণিপুৰলৈ পঠিয়াইছে।

উল্লেখযোগ্য যে যোৱা ৬ জুলাই মাহত নিৰুদ্দেশ হোৱা দুজন ছাত্ৰৰ নৃশংস হত্যাকাণ্ডক লৈ ছাত্রৰ প্ৰতিবাদ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। এই ছাত্রসকলক ৰাইজে সমৰ্থন দিয়াত অধিক হিংসাত্মক হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি।

বৃহস্পতিবাৰে মণিপুৰ বিজেপিৰ ৰাজ্যিক সভাপতি শাৰদা দেৱীৰ বাসগৃহত আক্ৰমণ কৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ পাছত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বাসগহতো নিশা দুই বজা পৰ্যন্ত আক্ৰমণৰ চেষ্টা চলায়। আজিও এন বীৰেন সিঙৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে।

ইতিমধ্যে উত্তেজিত জনতাই বিজেপিৰ কাৰ্যালয় জ্বলাই দিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে জম্মু-কাশ্মীৰত কৰ্মৰত হৈ থকা ২০১২ বেচৰ আই পি এছ মণিপুৰ কেডাৰৰ বিষয়া বলৱাল আজি মণিপুৰলৈ প্ৰেৰণ কৰে।

ভাৰত চৰকাৰৰ উপ-সচিবৰ নিৰ্দেশ অনুসৰি আই পি এছ বলৱালক মণিপুৰলৈ ঘূৰাই পঠিওৱা হৈছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰস্তাৱৰ পিছতে এই নিৰ্দেশৰ প্ৰতিলিপি জিএনএছৰ হাতত আছে।

ইফালে আজিৰ পুৱালৈকে মণিপুৰত ছাত্ৰ দুজনৰ মৃত্যুক লৈ হিংসাত্মক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ইম্ফল পশ্চিমৰ উপাযুক্তৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰাৰ লগতে দুখন চাৰিচকীয়া বাহন জ্বলাই দিয়ে। বৃহস্পতিবাৰে নিশা উৰিপক, য়াইস্কুল, ছাগোলবণ্ড, আৰু তেৰাত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষৰ ফলত নিৰাপত্তাৰক্ষীয়ে একাধিক ৰাউণ্ড কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰি ৰাইজক ছত্ৰভংগ দিবলৈ বাধ্য হয়।

মণিপুৰ নিয়ন্ত্ৰণ কৰিবলৈ শ্ৰীনগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ৰাকেশ বলৱালক দায়িত্ব...
বীৰেন সিঙৰ চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি অভিনেতা ৰাজকুমাৰ কাইকুৰ পদত্যাগ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in