প্ৰাক নিৰ্বাচনী হিংসা! দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ'ল নেতাৰ...

ত্ৰিপুৰাত চলিছে প্ৰাক নিৰ্বাচনী হিংসা। নিৰ্বাচন আয়োগে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতেই ত্ৰিপুৰাৰ ধলাই জিলাত এগৰাকী নেতাক আক্ৰমণ কৰা হয়।
প্ৰাক নিৰ্বাচনী হিংসা! দুৰ্বৃত্তৰ আক্ৰমণত  প্ৰাণ গ'ল নেতাৰ...

ডিজিটেল ডেস্ক: ত্ৰিপুৰাত চলিছে প্ৰাক নিৰ্বাচনী হিংসা। নিৰ্বাচন আয়োগে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতেই ত্ৰিপুৰাৰ ধলাই জিলাত এগৰাকী নেতাক আক্ৰমণ কৰা হয়। আঞ্চলিক দল টিআইপিআৰএ ওৰফে টিপ্ৰাহা ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅনেল এলায়েন্সৰ এজন ৪৪ বছৰীয়া স্থানীয় নেতা দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হয়।

এই ঘটনাৰ পাছতেই টিআইপিআৰএৰ নেতা সকলে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰি কয় যে বিজেপিৰ লোকে নেতা জনক হত্যা কৰিছে। অৱশ্যে এই কথা শাসকীয় দলটোৱে অস্বীকাৰ কৰে।

আৰক্ষীয়ে এই সন্দৰ্ভত কৈছে যে এই হত্যাকাণ্ড ৰাজনৈতিক কাৰণত নহ'বও পাৰে। বিত্তীয় বিবাদৰ দিশ এটাৰ বিষয়েও অৱগত হৈছে আৰক্ষী। এই সন্দৰ্ভত আৰক্ষীয়ে ৪ জনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন ২ জনৰ সন্ধানত আছে।

নিহত নেতা জনৰ নাম প্ৰাণজিৎ নমাসুধৰা। তেওঁক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

আৰু পঢ়ক: এটা ৱাৰ্ম ফিলিং ৰৈ গ'ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in