এটা ৱাৰ্ম ফিলিং ৰৈ গ'ল...

গুৱাহাটীৰ পৰা সাংবাদিক-লেখক বেদ মিশ্ৰৰ ফোন– ‘ভাইটি মই খবৰ পাইছোঁ৷ চি. এম. তহঁতৰ ঘৰলৈ ষোল্ল তাৰিখে যাব৷ তই যেনেতেনে সেই অনুষ্ঠানটোত থকা ভাল৷’
এটা ৱাৰ্ম ফিলিং ৰৈ গ'ল...

অতীত হৈ গ'ল এক অধ্যায়। ৰৈ গ'ল বহু সৃষ্টি। আজি তেখেতৰ অনুপস্থিতিত চৌদিশে তেখেতৰে চৰ্চা চলিছে। কবিতাইও আজি বেজাৰ কৰিছে। কিয়নো প্ৰিয় কবি গুচি গ'ল অজান মূলকলৈ। কবিতা থাকি গ'ল। তেখেতৰ পুত্ৰ অমিতাভ ফুকনে পিতৃ সন্দৰ্ভত এক লেখা লিখিছিল 'সাতসৰী' আলোচনীত। লিখাৰ শীৰ্ষ আছিল - 'এটা ৱাৰ্ম ফিলিং ৰৈ গ'ল'। সেই লেখাই আজি 'মোৰ মত' শিতানত প্ৰকাশ কৰি কাব্যঋষিলৈ জনোৱা হৈছে গভীৰ শ্ৰদ্ধাঞ্জলি...

''কি ফুল ফুটালা প্ৰাণত

ওঁঠত ফাটিল বাঁহী

ডালভৰা তৰাবোৰে ঘোপ মাৰি ধৰে চকু

বতাহজাক কোবাকুবি আহি যেন মোতে লুকায়

মই এতিয়া ক’ত মৰোঁ মই এতিয়া ক’ত মৰোঁ

গোন্ধ হৈ গধুলি জ্বলে মোৰ এই দেহৰ দানিত'' [‘গোলাপী জামুৰ লগ্ন’]

গুৱাহাটীৰ পৰা সাংবাদিক-লেখক বেদ মিশ্ৰৰ ফোন– ‘ভাইটি মই খবৰ পাইছোঁ৷ চি. এম. তহঁতৰ ঘৰলৈ ষোল্ল তাৰিখে যাব৷ তই যেনেতেনে সেই অনুষ্ঠানটোত থকা ভাল৷’

প্ৰায় হুকুমেই দিছিল দাদাই৷ ফোনটো অহাৰ সময়ত আমি আছিলো চাকৰিৰ খাতিৰত চাহ খেতিয়ক, উদ্যোগপতি সত্যজিৎ বৰদলৈৰ অসম-নাগালেণ্ড সীমান্তৰ মথুৰাপুৰৰ আৱাসত৷ সত্যজিৎ দাদাই লগে লগেই বেদদাৰ কথাত কথা মিলাই আমাক গুৱাহাটীলৈ পঠিওৱাৰ দায়িত্ব লৈ ৰে’লৰ টিকট কৰি দিলে৷

‘ৱাৰ্ম্‌, বেছ ৱাৰ্ম্‌, মন কৰিলিনে গোটেই সময়খিনি তেওঁ মোৰ হাতখনকে ধৰি থাকিল ৷ আঙুলিবোৰ মোহাৰিয়েই গোটেই সময়খিনি পাৰ কৰিলে ৷ ভাল পালোঁ– ‘এটা ৱাৰ্ম্‌ ফিলিং ৰৈ গ’ল ৷’

মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেউতাক লগ কৰি আমাৰ ঘৰৰ পৰা ওলাই যোৱা সময়ত দেউতাই এইদৰে কৈছিল– ‘তেওঁ বোধকৰো আমাৰ পৰিয়ালটোৰ কথা ভালদৰে জানে ৷ সেয়ে সকলোৰে লগত কথা পাতিছে, হাঁহিছে ৷ চাহো খালে ৷ মই বৰ ভাল পালোঁ ৷ ৱাৰ্ম্‌, বেছ ৱাৰ্ম্‌ ৷’

ডিচেম্বৰৰ ষোল্ল তাৰিখে পুৱা পাঁচ বজাত গুৱাহাটী ষ্টেচনত ৰে’লখনে আমাক নমাইছিল ৷ চকালগা বেগটো টানি কিছুদূৰ খোজেৰে গৈ ষ্টেচন চৌহদৰ বাহিৰত পৰ দি থকা অ’টো এখনত উঠি মালিগাঁৱৰ পেট্ৰল পাম্প চিটিবাছ ষ্টপ পালোঁগৈ ৷ পুনৰ বেগটোৰ চকা ঘূৰিল৷ বাছ ষ্টপৰ পৰা আমাৰ ঘৰলৈ যোৱা পথটোৰ মাজতে ৰে’লআলিটো থকাৰ বাবে সেইছোৱা বাট খোজেৰে যাব লাগে ৷ অৱশ্যে ঘৰলৈ মটৰগাড়ী অহাৰ অন্য এটা বাট আছে যদিও আমি সাধাৰণতে এই বাটেৰেই অহা-যোৱা কৰোঁ ৷ ঘৰ পোৱালৈ ঠিক এশ মিটাৰমান থকা সময়তে এগাড়ী টহলদাৰী আৰক্ষীয়ে আমাক সুধিলে– ‘আপুনি আহিবলগীয়া আছিল নেকি ডিব্ৰুগড়ৰ পৰা? আমাৰ মানুহ আপোনালোকৰ চৌহদতে আছে৷ আমি গৈছোঁ আৰু মানুহ আনিবলৈ ৷’

ঘৰৰ জপনাখন খুলিবলৈ ধৰোঁতেই কৰ্তব্যৰত এজন আৰক্ষীয়ে অতি বিনয়েৰে সুধিছিল– ‘ছাৰ, আহি পালেহি?’

এনে লাগিছিল যেন তেওঁৰ সৈতে মোৰ পৰিচয় বহু পুৰণি ৷ তেওঁলোকক দেখি বেয়াও লাগিছিল ৷ এই ঠাণ্ডাখন গোটেই ৰাতি গেৰেজটোতে বহি আমাৰ বাৰীখন, চৌহদটো পহৰা দিছিল ৷ ভালো লাগিছিল দেউতাৰ স্বীকৃতিৰ বাবেই এই সকলো আয়োজন ৷ ঘৰৰ মূল দুৱাৰখন প্ৰায় খোলাই আছিল ৷ মায়ে তেতিয়ালৈ শোৱাপাটী এৰিছিল ৷ লগত লৈ যোৱা বেগটো, জিতাই পঠিওৱা পিঠাৰ টোপোলাটো মায়ে ভালদৰে ছেনিটাইজাৰ মাৰি জোতাযোৰ বাহিৰতে থৈ ঘৰত প্ৰৱেশ কৰাৰ অনুমতি দিলে৷

‘দেউতাৰৰ ৰাতি টোপনি একেবাৰে হোৱা নাই৷ পুৱতি নিশা তিনিমান বজাৰ পৰাহে টোপনি গৈছে৷’ – মায়ে ক’লে ৷

দেউতা-মাহঁত আজিকালি আমাৰ কোঠাটোতে থাকে৷ মা শোৱা ডাঙৰ বিছনাখনতে অলপ বাগৰ সলাই সাতমান বজাত গা ধুই গোঁসাইসেৱা কৰি সাজু হ’লোঁ ৷ ইতিমধ্যে আৰক্ষীকে আদি কৰি বিভিন্ন চৰকাৰী বিষয়াৰে আমাৰ চোতাল ভৰি পৰিছে ৷ আমাৰ জ্যেষ্ঠ ভাতৃ ডাঃ জ্যোতিৰ্ময় ফুকনে তেওঁৰ দুহিতা [প্ৰজ্ঞাদ্যুতি]ৰ সহিতে ইতিমধ্যে আলহীৰ লঘু আপ্যায়নৰ ব্যৱস্থাত ব্ৰতী হৈছিল৷ আমি নিৰ্ধাৰণ কৰি দিয়া সময়মতে আমাৰ সহপাঠী বন্ধু ফটো সাংবাদিক অনুপম নাথে তাৰ সেই বিখ্যাত হাৱাইছেণ্ডেল, ইস্ত্ৰি নকৰা জধলা পেণ্টটোৰে, কান্ধত প্ৰকাণ্ড কেমেৰাটো লৈ ন বজাতে আমাৰ ঘৰ পালেহি ৷ আমি দুয়ো ৰ’দতে বহি আৰক্ষী বিষয়াসকলে বিচৰা কিছু ঘোষণাপত্ৰত পৰিয়ালৰ হৈ স্বাক্ষৰ কৰিছিলো; বিভিন্নজন আৰক্ষী তথা নিৰাপত্তাৰক্ষী বিষয়াৰ লগত কথা পাতিছিলো ৷ সুধিছিলো, জানিব বিচাৰিছিলো তেওঁলোকৰ অনুভৱ– অগতানুগতিক কৰ্তব্যত নিয়োজিত হোৱাৰ অনুভৱ; এজন সাহিত্যিকৰ ঘৰত আৰক্ষী বিষয়া হৈ নিৰাপত্তাৰ দায়িত্ব পালন কৰাৰ অনুভৱ ৷ এজনে কৈছিল– ‘এনেবোৰ কৰ্তব্যই আমাক ধন্য কৰে ৷ মহান ব্যক্তিৰ সংস্পৰ্শ আমাৰ বাবে বিৰল ৷ সেয়ে এনেবোৰ কৰ্তব্য পালনৰ বাবে আমিও মাজে-সময়ে উত্ৰাৱল হৈ পৰোঁ ৷ ইয়াৰ মাজতে বিচাৰি ফুৰোঁ এক বিৰল আনন্দ৷’

আমাক তেওঁলোকৰ এই কথা-বাৰ্তাই এক অনাবিল সন্তুষ্টি দিছিল ৷ ভাল লাগিছিল ভাবি, এতিয়াও আমি বিচাৰি ফুৰা মাটিৰ মানুহবোৰ বিচাৰি পাওঁ চৰকাৰী যন্ত্ৰৰ মাজতো ৷

‘চেৰী’ৰ ডিঙিত চেইনডাল নামমাত্ৰহে লগাই থৈছিল হাবিলদাৰ ৰতন কুমাৰে [ছদ্মনাম]৷ সি উপস্থিত সকলোকে পৰীক্ষা কৰি আমাৰ ঘৰৰ চাৰিওফালে বহুবাৰ পৰিভ্ৰমণ কৰি আমাৰ কাষতে বহিছিল ৷ ৰতনদাক সুধিছিলো কি নাম, কি প্ৰজাতিৰ ৷ ৰতনদাই কৈ গৈছিল ৷ মাজে মাজে ‘চেৰী ছীট, চেৰী ছীট’ বুলি কওঁতে আমি ৰগৰ কৰি সুধিছিলো– ‘দাদা চেৰীয়ে অসমীয়া বুজি নাপায় নেকি?’

তেখেতৰ উত্তৰলৈ নৰৈ এইবাৰ ভিতৰত সোমালো মাৰ মাত শুনি ৷ ‘দেউতাৰ উঠিছে, তোক বিচাৰিছে৷’

কোঠাৰ ভিতৰত পৰিচৰ্যাকাৰীজনে চকীখনতে দেউতাক বহাই মুখখন ধুৱাই দিয়াৰ ব্যৱস্থা কৰিছিল৷

‘বাঃ তই আহি গ’লি, ঠিক ঠিক৷ গোটেই ৰাতি আহি আছ ন/ ইহঁতবোৰ ভালে আছেনে? আজি আমাৰ ঘৰত কিবা এটা আছে বুলি শুনিছোঁ ৷ কথাটো কি?’

মই ক’লোঁ– ‘কিয় দেউতা, আজি দেখোন হিমন্ত বিশ্ব শৰ্মা আহিব আপোনাক লগ পাবলৈ৷’

দেউতাই ক’লে – ‘অ’ ৰিতুয়ে কৈছিল৷ কিয় আহিব?’

মই ক’লোঁ– ‘আপুনি যে জ্ঞানপীঠ পুৰস্কাৰৰ বাবে মনোনীত হৈছে তাৰ বাবে শুভেচ্ছা জনাব আৰু আপোনাৰ স্বাস্থ্যৰ বুজ ল’ব৷’

‘অ’ হয় নেকি/ ভাল ভাল৷ বৰ ভাল৷ মই বাহিৰতে বহোঁ নেকি?’

মই ক’লোঁ– ‘এতিয়া যাব নালাগে ৷ আপুনি ভাগৰি যাব ৷ তেখেত এঘাৰ বজাতহে আহিব ৷ ককাইদেৱে আপোনাক সময়মতে বাহিৰলৈ লৈ যাব৷’

অগ্নিনিৰ্বাপক বাহিনীৰ লোকে মোক বিচৰাত মই ওলাই আহিলো ৷ তেওঁলোকে কেইটামান ফায়াৰ এষ্টিংগুইছাৰ লগত লৈ আহিছিল ৷ সুধিছিল কোন ঠাইত মুখ্যমন্ত্ৰী বহিব ৷ দেখুৱাই দিয়াত সেই কোঠাটোৰ কিছু নিলগতে তেওঁলোকে অৱস্থান কৰিছিল ৷ কেইবাজনো তেজাল সুঠাম আৰক্ষীয়ে এ কে ফৰ্টী ছেভেন ৰাইফল আৰু এম পি ফাইভ কে মেচিন-পিষ্টল লৈ আমাৰ চৌহদ ঘেৰি পেলাইছিল ৷ ওচৰৰ অট্টালিকাবোৰৰ ছাদৰ ওপৰতো কেইবাজনেও অৱস্থান কৰি চাৰিওপাশে¸ তীক্ষ্ণ দৃষ্টি ৰাখিছিল ৷ এজন আৰক্ষীয়ে বাকচ এটাত ভৰাই অনা এটা সামগ্ৰী দেখি প্ৰশ্ন কৰাত তেখেতে কৈছিল– ‘এইটো নন লুনিয়াৰ মেটেল-ডিটেক্টৰ৷’

মা আৰু আমাৰ চিকিৎসক বৌ সুৰভি চলিহাক লগ লগাই দিছিলো ফুড ছেফ্‌টি অফিচাৰজনৰ লগত ৷ তেখেতে জানিব বিচাৰিছিল মুখ্যমন্ত্ৰীক আপ্যায়নৰ বাবে কিদৰে ব্যৱস্থা কৰিছে ৷

পাৰ্থসাৰথি মহন্তইও ফোনতে ক’লে, ‘মই এয়াৰপোৰ্টত চি এম ছাৰক ৰিছিভ কৰিব আহিছোঁ ৷ ইয়াৰ পৰা ওলালেই ফোন কৰিম ৷’

লোকনিৰ্মাণ বিভাগৰ বিষয়াজনে এইবাৰ আমাৰ ঘৰটো নিৰীক্ষণ কৰি সুধিলে – ‘চি এম ছাৰ চাগৈ মানুহ বহা কোঠাটোতে বহিব ৷ নহয়নে?’

তেখেতৰ কথাত হয়ভৰ দিয়াৰ পাছত এখিলা চৰকাৰী কাগজ উলিয়াই আমাৰ পৰা স্বাক্ষৰ গ্ৰহণ কৰি কৈছিল– ‘ফৰ্মেলেটিজৰ কাৰণে আমিও আহিব লাগে ৷ ফিটনেছ ডিক্লেয়াৰ কৰিব লাগে ৷ কি কৰিব, চৰকাৰী নিয়ম ৷’

উপায়ুক্ত পল্লৱলোচন ঝাই জানিব বিচাৰিছিল আমাৰ জ্যেষ্ঠ ভাতৃ জ্যোতিৰ্ময় ফুকনৰ ক’ভিড বুৰঞ্জী– কেতিয়া গৈছিল, ক’ত আছিল, আৰ. টি. পি. চি. আৰ. নিগেটিভ হোৱা কিমান দিন হ’ল ৷ মই তেওঁক চিনাকি দিছিলোঁ ৷ তেওঁ তৎক্ষণাত চিনি পালে আৰু পৰিয়ালৰ লগতে দেউতাৰ স্বাস্থ্যৰ খবৰ ল’লে ৷

তেতিয়া সময় এঘাৰ বাজোঁ বাজোঁ ৷ আমাৰ ঘৰৰ চৌহদৰ বাহিৰত সংবাদ মাধ্যমৰ লোকে ভিৰ কৰিছিল ৷ আমাৰ অনুমতি লৈ আৰক্ষীৰ লোকে সেই সময়খিনিত সকলো লোকৰ প্ৰৱেশ আমাৰ ঘৰৰ চৌহদত নিষিদ্ধ কৰিছিল ৷ আমি পৰিয়ালৰ সাতজন মানুহ, দুজন পৰিচৰ্যাকাৰী আৰু বন্ধু অনুপমৰ বাহিৰে কোনো লোক চৌহদৰ ভিতৰত নথকাৰ এখন ঘোষণাপত্ৰতো আমাৰ পৰা স্বাক্ষৰ গ্ৰহণ কৰিছিল আৰক্ষীয়ে ৷

পুনৰ পাৰ্থদাৰ ফোন– ‘অমিতাভ আমি ওলাইছোঁ ৷ দহ মিনিটত পামগৈ ৷’

দেউতা তেতিয়াও কোঠাৰ ভিতৰতে আছিল ৷ এটা কোঠাৰ পৰা আনটো কোঠালৈ যাবলৈ প্ৰায় সাতৰ পৰা দহ মিনিট সময় লাগে ৷ ককাইদেৱে লাহে লাহে দেউতাক আমাৰ বহা কোঠাটোলৈ উলিয়াই লৈ আহিল; ছোফাখনৰ একাষত তেখেতক বহুৱাই দিলে ৷ বন্ধু অনুপমৰ হাত কঁপিল ৷ চকু সেমেকিল ৷ আঁতৰৰ পৰা মাটিত পৰি দীঘলীয়াকৈ এটা সেৱা কৰিলে দেউতাক ৷ দেউতাই হয়তো মণিব পৰা নাছিল কোন সেয়া ৷ মই ক’লোঁ– ‘দেউতা এয়া অনুপম ৷ আপোনাৰ ছাত্ৰ ৷ আপোনাৰ মনত পৰেনে অনুপমৰ দেউতাক আপোনাৰ কটন কলেজৰ সহপাঠী আছিল ৷ আপোনাৰ বন্ধু যতীন চন্দ্ৰ নাথ/ সেই যে বকো কলেজৰ প্ৰিঞ্চিপাল আছিল ৷’

দেউতাই মূৰ দুপিয়াই ক’লে, ‘পাইছোঁ পাইছোঁ৷’

[ক্লিক্‌ ক্লিক্‌ ক্লিক্‌৷]

‘ছাৰ এইফালে চাওক৷’ [ক্লিক্‌ ক্লিক্‌ ক্লিক্‌৷]

‘আকৌ এবাৰ৷ বাইদেউ ইয়াতে বহকচোন ৷ ছাৰৰ হাতখনৰ ওপৰত হাতখন থৈ দিয়ক৷’

[ক্লিক্‌ ক্লিক্‌ ক্লিক্‌৷]

আমি ভাবিছিলো দেউতাই অনুপমৰ ফৰমাইছ আমনি পাব ৷ কিন্তু আচৰিত/ সি বিচৰা ধৰণেই দেউতাই ভংগিমা দিছিল ৷

প্ৰথমখন ইণ্টাৰচেপ্টৰ চাইৰেনটো বজাই আমাৰ পদূলিত ৰোৱাৰ লগে লগেই ককাইদেউৰ নিৰ্দেশ শুনি মই আগবাঢ়ি গৈছিলো। মুখ্যমন্ত্ৰী মহোদয়ক জপনামুখৰ পৰা আগবঢ়াই আনিবলৈ– ‘দাদা পালেহি৷ মই অমিতাভ ৷’

সদাবিৰাজমান সেই হাঁহিটো মাৰি মোক ক’লে– ‘মই তোমাক চিনি পাওঁ নহয় ৷ পাৰ্থই প্ৰায় কয় তোমাৰ কথা ৷ তোমাৰ লিখাৰ কথা ৷ ছাৰ ভালে আছে নহয়?’

আমাৰ লগত কথা পাতি চিৰিকেইটা বগাই আহোঁতেই লগত অহা সকলো পালি-পহৰীয়াক নঙলামুখতে ৰ’বলৈ ইংগিতেৰে নিৰ্দেশ দিয়া আমি দেখিছিলো ৷ কি এক বিৰল ব্যক্তিত্ব।

‘খুৰী ভালে আছে?’

‘খুৰা কেনে আছে? মোক চিনি পাইছে নে? মই হিমন্ত ৷’

দেউতাই ক’লে– ‘পাইছোঁ পাইছোঁ ৷ তোমাৰ খবৰ লৈ থাকোঁ ৷ তোমাক মানুহে ভাল পাইছে ৷ তুমি পাৰিবা ৷ বহুত ভাল কাম কৰিব পাৰিবা ৷’

দেউতাক হাতত এপাচি গোলাপ তুলি দি বহু সময় হাতখন ধৰি আছিল ৷ মোহাৰি দিছিল ৷ দেউতায়ো খেপিয়াইছিল তেখেতৰ হাতখনলৈ ৷ স্পৰ্শ কৰিব বিচাৰিছিল সেই উমাল ব্যক্তিত্ব৷ দেউতাৰ স্বাস্থ্যৰ কথা ককাইদেৱে তেখেতক সবিশেষ অৱগত কৰিছিল ৷ মায়ে ধন্যবাদ যাচিছিল ককাইদেউক চৰকাৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ দেউতাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বদলি কৰি অনাৰ বাবে ৷ তেখেতে কৈছিল– ‘খুৰী এতিয়া আপুনি একো চিন্তা নকৰিব ৷ ডাঙৰ ল’ৰা লগতে থাকিব ৷ আৰু আমিও আছোঁ ৷ মাথোঁ ছাৰ ভালে থাকক ৷ ছাৰৰ যত্ন লওক ৷ ছাৰৰ সৰ্বতোপ্ৰকাৰে যত্ন লওক৷’

মুখ্যমন্ত্ৰী মহোদয়ে দেউতাক সুধিছিল– ‘খুৰা আপুনি গম পাইছেনে আপোনাক যে ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ সাহিত্যৰ পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে?’

দেউতাই মূৰ দুপিয়ালে, ‘শুনিছোঁ ৷ ইহঁতে কৈছে৷’

দেউতাই পুনৰ ক’লে– ‘তোমাক মোৰ বহুত কথা ক’বলগীয়া আছে ৷ আজি এটা ক’ম ৷ বাকীবোৰ কাইলৈ ক’ম ৷ এই যে মানুহগৰাকী দেখিছা দুলু, মোৰ পৰিবাৰ, তেওঁ মোৰ লগতে অনবৰত লাগি থাকে৷ তেওঁৰ স্বাস্থ্যটো লৈ মই অলপ উদ্বিগ্ন৷’

মুখ্যমন্ত্ৰী মহোদয়ে একেষাৰতে ক’লে– ‘আজিৰ পৰা খুৰীৰ স্বাস্থ্যৰো দায়িত্ব আমাৰ চৰকাৰৰ ৷ আপুনি কোনো চিন্তা নকৰিব ৷ মাথোঁ ভালদৰে খোৱাবোৱা কৰক ৷ আপুনি ভাল হৈ উঠিব৷’

‘ধন্যবাদ’– দেউতাই ক’লে, ‘তোমাৰ মনত আছেনে তুমি যে তোমালোকৰ পৰিয়ালৰ এটা লাইব্ৰেৰীলৈ এবাৰ মোক লৈ গৈছিলা ৷ কেনে আছে তেখেতসকল?’

মুখ্যমন্ত্ৰীয়ে ক’লে– ‘ভালে আছে খুৰা সকলো ৷’

পুনৰ ক’লে মাক– ‘বাঃ/ খুৰাৰ মে’মৰী একদম ইনটেক্ট হৈ আছে৷ ইমান পুৰণা কথা মনত আছে। মই বৰ ভাল পালোঁ ৷ আমাক যে খুৰাই মনত ৰাখিছে৷’

মায়ে এখন গামোচাৰে তেখেতক আদৰণি জনাইছিল ৷ আৰু আমি তেখেতৰ হাতত তুলি দিছিলো দেউতালৈ লিখা এশ এখন পত্ৰৰ সংকলন পত্ৰগুচ্ছ আৰু আমাৰ দুখন কিতাপ ৷ ওচৰতে থকা ককাইদেউক তেওঁ ক’লে– ‘স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক কৈ থোৱা হৈছে ৷ কিবা দৰকাৰ হ’লে লগে লগে যোগাযোগ কৰিব৷’

আমাকো ক’লে, ‘অমিতাভ লগ পাম৷’

চিৰিয়েদি নামি যাওঁতে তেখেতৰ লগত যোৱা এজন বিষয়াক কিতাপ তিনিখন দি কৈছিল– ‘মোৰ ঘৰৰ লাইব্ৰেৰীটোত থ’ব লাগে ৷ মই পঢ়িম ৷’

মুখ্যমন্ত্ৰী মহোদয় আমাৰ চৌহদৰ পৰা ওলাই যোৱাৰ পাছতেই [দেউতাৰ লগত জ্ঞানপীঠ বঁটা ঘোষণাৰ পাছত প্ৰথমবাৰৰ বাবে] সংবাদ মাধ্যমে কিছু সময় মত বিনিময় কৰিছিল৷ দেউতাই ভাষাটোৰ কথা কৈছিল, নৈবোৰৰ কথা কৈছিল, নৈবোৰৰ পাৰৰ মানুহৰ কথা কৈছিল, অসমৰ অপৰূপ সৌন্দৰ্যৰ কথা কৈছিল– কথাবোৰ কৈ থাকোঁতে আমি দুয়ো ভাতৃয়ে দেউতাক ধৰি আছিলো ৷ ভুলকৈ কোৱা দুই-এটা কথা ককাইদেৱে শুধৰাই দিছিল৷ তেওঁলোকক দেউতাই কৃতজ্ঞতাও জনাইছিল ৷ সকলোকে বিদায় দিয়াৰ পাছত ককাইদেৱে দেউতাক চোতালখনত কিছুপৰ বহাই দিছিল ৷ বহু কাকূতি-মিনতি কৰাৰ পাছত কোনোমতে অলপ সময়ৰ বাবে দেউতাৰ মাফলাখন খুলি ফটো তোলাৰ সুবিধা কৰি দিছিল বন্ধু অনুপমক৷

[ক্লিক্‌ ক্লিক্‌ ক্লিক্‌৷]

‘বন্ধু হৈ গ’ল৷ আজি মোৰ জীৱন ধন্য৷ বিচৰা ধৰণেই পালোঁ কেইটামান দুৰ্দান্ত শ্বট্‌৷’

যাওঁতে কাণে কাণে বন্ধুৱে কৈ থৈ গ’ল– ‘তুমি কিন্তু ফটোবোৰ বিলাই নুফুৰিবা ৷’

বৌ ডাঃ সুৰভি চলিহাই ইতিমধ্যে প্ৰাঞ্জলক কৈ থৈছে আমাক চাৰে পাঁচ বজাত অ’টোৰিক্সাৰে ৰে’ল ষ্টেচনত থৈ আহিবলৈ ৷ বৌৰ কথা শুনি দেউতাৰ কাষতে এঘুমটি মাৰি চাৰে চাৰি বজাত সাৰ পালোঁ৷ কাপোৰ-কানি সামৰি কেইখনমান পত্ৰগুচ্ছ বান্ধোতেই দেউতাই মাত লগালে– ‘তই যাবি নেকি আজি? কাইলৈ আকৌ আহিবি ৷ মই শুনিছো কাইলৈ হেনো আমাৰ ইয়াত কিবা অনুষ্ঠান আছে৷ বহুত মানুহ আহিব৷ কি বা অনুষ্ঠান মই নাজানো৷ ৰিতুক সুধিবিচোন ৷’

মই ক’লোঁ– ‘দেউতা কাইলৈ কোনো অনুষ্ঠান নাই৷ ইয়াৰ পাছত এটা ডাঙৰ অনুষ্ঠান হ’ব৷ আপোনাক পুৰস্কাৰ প্ৰদানৰ অনুষ্ঠান ৷ আপুনি বক্তৃতাটো লাহে লাহে সাজু কৰক৷’

‘অ’, স্পিচ্ছ ৰেডী আছে৷ ষ্ট’ৰী টাইপ কৰিম৷ মই অলপ কাম কৰি থৈছোঁ৷ তোক দেখাম ৷ হৈ যাব৷ তই আহি গলি– বাহ্‌/ গোটেই ৰাতি আহি আছ ন’? ঠিক আছ তই৷’ –হাঁহি এটা মাৰি ক’লে৷

‘আই অ’ দেহি’– মায়ে চকুপানী টুকি ক’লে ৷ আমাৰো চকু সেমেকিল৷

ৰাতি হ’লেই মই নৈখনৰ

পাৰলৈ যাওঁ

সিপাৰৰ পৰা আহি থকা নাওখন

হঠাৎ মোৰ চকুত ডুব যায়

পানীৰ মাজত

আন্ধাৰৰ পানীত ওপঙি ৰয়

নাৱৰ ছৈত ওলমি অহা

ধিপ্‌ধিপ্‌ এটি পোহৰ

লঙ্গৰ এডাল ডিঙিত ওলোমাই

ঘৰলৈ ওভতোঁ

সেইদৰে ৰাতি পুৱায়

আকৌ সেইদৰেই ৰাতি হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in