দুই মহিলাসহ মিজোৰামত তিনিগৰাকী ভুৱা DRI বিষয়া গ্ৰেপ্তাৰ...

দুই মহিলাসহ মিজোৰামত তিনিগৰাকী ভুৱা DRI বিষয়া গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
দুই মহিলাসহ মিজোৰামত তিনিগৰাকী ভুৱা DRI বিষয়া গ্ৰেপ্তাৰ...

দুই মহিলাসহ মিজোৰামত তিনিগৰাকী ভুৱা DRI বিষয়া গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ শিলচৰ: নিজকে ৰাজহ চোৰাংচোৱা সঞ্চালক চমুকৈ ডি আৰ আইৰ বিষয়া হিচাপে পৰিচয় দি মিজোৰামত গ্ৰেপ্তাৰ হ'ল তিনি গৰাকী ভুৱা ‍DRI বিষয়া। অভিযোগ অনুসৰি, নিজকে ডি আৰ আইৰ বিষয়া বুলি দাবী কৰি দুগৰাকী ভুৱা বিষয়াই যোৱা ১৮ চেপ্তেম্বৰত চাম্পাইৰ খানকাউন আৰক্ষী চেক গেটত যান-বাহন পৰীক্ষা কৰিছিল ।

Advertisment

বৃহস্পতিবাৰেও‌ অনুৰূপ ভাবে যান-বাহন পৰীক্ষাৰ অজুহাতত এগৰাকী মহিলাক ধন দাবী কৰিছিল ভুৱা DRI বিষয়া কেইগৰাকীয়ে। ধন আদায় নিদিলে তেওঁক গ্ৰেপ্তাৰৰ‌ ভয় দেখুৱা হৈছিল।

পিছত অভিযোগৰ ভিত্তিত চাম্পাই আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি শেষত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে দুগৰাকী ভুৱা DRI বিষয়াক। তদন্তত আন এজন‌ সহযোগীৰ নাম পোহৰলৈ অহাত তেওঁকো গ্ৰেপ্তাৰ কৰা হয়।

অৰ্থাৎ তিনিও গৰাকীকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই তিনিওগৰাকী ভুৱা বিষয়াৰ ভিতৰত দুগৰাকী মহিলাও আছে। ধৃত লোক কেইগৰাকী- নিউ চম্পাইৰ লালথাৰজেলি , চম্পাই কহৰাৱটৰ পি বি ৰোজামলিয়ানী আৰু জনী লালথলা মুৱানা বুলি সদৰি কৰিছে আৰক্ষীয়ে।

তেওঁলোকৰ পৰা দুখন ভুৱা DRI Identify কাৰ্ডো জব্দ কৰা হৈছে। এই সংক্ৰান্তত চম্পাই থানাত U/S 468/385/419/170/34 IPCৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে।

Also Read: ঢকুৱাখনাত প্ৰশাসনৰ চুলাই ভাতী উচ্ছেদ অভিযান...

মিজোৰাম