/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1b3f9488-abcd-449b-b552-14a4ef750874/162.jpg)
ডিজিটেল ডেস্ক : আৰম্ভ হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন সপ্তাহৰ ষষ্ঠ সংস্কৰণ। অৰুণাচল প্ৰদেশৰ ইটানগৰৰ চহৰৰ জোলাঙৰ কোৰো হাপ্পা নদী দ্বীপত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। ৰাজ্যখনৰ হস্তশিল্পসমূহ প্ৰদৰ্শন কৰা আৰু শিল্পীসকলক এখন মঞ্চ দিয়াৰ বাবেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ১৯ নৱেম্বৰ দেওবাৰৰ পৰা আৰম্ভ কৰা হৈছে শিল্পী আন্দোলন কাৰ্য্যসূচী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/71808f65-be6a-4362-99bc-1676374d9447/403999183_925183518963592_2564063402165306217_n.jpg)
তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানৰ সামৰণি পৰিব ২১ নৱেম্বৰত। মূলতঃ ফেশ্বন ক্ষেত্ৰখনৰ সৈতে জড়িতসকলৰ উদ্দেশ্যে শীৰ্ষক কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। যাতে অৰুণাচল প্ৰদেশৰ পৰম্পৰাগত আৰু সাংস্কৃতিক একতা সংৰক্ষণ কৰিব পৰা যায়। ইয়াৰোপৰি দিব্যাংগ শিল্পীসকলে যাতে নিয়োগৰ সুবিধা লাভ কৰে।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। তেওঁক সংগ দিয়ে মন্ত্ৰী তথা অনুষ্ঠানটোৰ মুখ্য পৃষ্ঠপোষক টেচি কাচো, নয়মাৰ কাৰবাক,পাচং দৰ্জী চোনাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/052985fe-f114-48c7-b13b-7174eadd6ed3/404024652_925183538963590_4768305533009135535_n.jpg)
অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ দিব্যাংগ শিপিনী আৰু বিকলাঙ্গ শিল্পীসকলক শক্তিশালী কৰাৰ বাবে এটা বেচৰকাৰী সংগঠন আগবাঢ়ি আহে। সংগঠনটোৱে হস্তশিল্পীসকলৰ দক্ষতা বৃদ্ধি কৰি বিভিন্ন সা-সুবিধা কৰি দিয়াৰ লগতে নিয়োগ নিশ্চিয়তা প্ৰদান কৰা কথা উল্লেখ কৰে।
Also Read: ভূপেন বৰাক অঘৰী আখ্যা মন্ত্ৰী ৰণোজ পেগুৰ,বিধায়ক ৰূপজ্যোতিয়েও কৰিলে কটাক্ষ