ভূপেন বৰাক অঘৰী আখ্যা মন্ত্ৰী ৰণোজ পেগুৰ,বিধায়ক ৰূপজ্যোতিয়েও কৰিলে কটাক্ষ

ভূপেন বৰাক অঘৰী আখ্যা মন্ত্ৰী ৰণোজ পেগুৰ,বিধায়ক ৰূপজ্যোতিয়েও কৰিলে কটাক্ষ

ডিজিটেল সংবাদ,ওৰাং : ভূপেন বৰা অঘৰী। ঘৰ বিচাৰি ঘূৰি ফুৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক এইদৰে কটাক্ষ কৰে মন্ত্ৰী ৰণোজ পেগুৱে।

কাজিৰঙা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব বিচৰা ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ ইজনৰ পিছত সিজন নেতাই। মাজবাটত বিজেপিৰ সাংগঠনিক সভাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ভূপেন বৰাক অঘৰী আখ্যা দিলে।

বৰাৰ নাই নিজৰ স্থিতি, নিজ সমষ্টি বিহপুৰীয়াত ২৬০০ কংগ্ৰেছ কৰ্মী একেদিনাই বিজেপিত যোগদান কৰিলে। এতিয়া তেওঁৰ ঘৰ নাইকীয়া হৈছে। অঘৰী মানুহ য'ত ত'ত ঘৰ বিচাৰি ফুৰিছে বুলি কটাক্ষ কৰে ডাঃ ৰণোজ পেগুৱে।

আনহাতে কাজিৰঙাৰ পৰা ভূপেন বৰাই প্ৰতিদ্বন্দিতা কৰিলে কিমান ভোটত পৰাজিত হ'ব সেয়াও কৈ দিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। অতি কমেও ৫ লাখ ভোটত হাৰিব হেনো ভূপেন বৰা। এবাৰ - দুবাৰ নহয়, বাৰম্বাৰ হাৰা অলগৰ্ধক মানুহজন কাজিৰঙাৰ পৰা প্ৰতিদ্বন্দিতা কৰিলে ৰাজনৈতিকভাৱে মৃত্যু হ'ব ভূপেন বৰাৰ।

মাজবাটৰ দলীয় সভাত বৰাৰ বিৰুদ্ধে এইদৰে খঙত টিঙিৰিতুলা হোৱা দেখা গ'ল ৰূপজ্যোতি কুৰ্মীক। ইফালে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধেও আক্ৰমণাত্মক হৈ পৰে কুৰ্মী। বিজেপিৰ বিৰুদ্ধে দুৰ্নীতি মূল ইচ্ছু হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰাৰ পিছতে লুৰিণজ্যোতিক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰূপজ্যোতি কুৰ্মীয়ে।

সন্মুখত ২৪ লোকসভা নিৰ্বাচন। দৰং-ওদালগুৰি লোকসভা সমষ্টিত প্ৰত্যাহ্বান হিচাপে থিয় দিছে হাগ্ৰামাৰ বিপিএফ। সমষ্টিটোত বিপিএফে অকলে নিৰ্বাচন খেলাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে হাগ্ৰামাই। বিজেপিৰ বিৰুদ্ধে সমষ্টিটোত প্ৰতিষ্ঠান বিৰোধী ঢৌৱেও গা কৰি উঠিছে। তাৰ মাজতে সাংসদ দিলীপ শইকীয়াৰ প্ৰাৰ্থীত্বত অনিশ্চিয়তাই দেখা দিছে।

সমষ্টি পুনৰোদ্ধাৰৰ বাবে প্ৰতিদিনেই ৰথী-মহাৰথী‌য়ে চলাই আছে প্ৰচাৰ,কৰিছে ইটোৰ পিছত সিটো সাংগঠনিক সভা। ৰবিবাৰেও জিলাখনৰ মাজবাটত অনুষ্ঠিত সাংগঠনিক সভাত শিক্ষামন্ত্ৰী ৰণোজ পেগু, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ লগতে অংশ লয় সাংসদ দিলীপ শইকীয়াই।

দিলীপ শইকীয়াই দৰং-ওদালগুৰি সমষ্টি এৰি বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থীত্বৰ মন মেলাৰ খবৰ ওলাইছে। অৱশ্যে শইকীয়াই খবৰটো নস্যাৎ কৰি এয়া সংবাদ মাধ্যমৰ সৃষ্টি বুলি কয়। প্ৰাৰ্থীত্বৰ বিষয়টো দিলীপ শইকীয়াই কেন্দ্ৰীয় নেতৃত্ব আৰু ভগৱানৰ ওপৰতে এৰিছে বুলি মন্তব্য আগবঢ়ায়।

ভূপেন বৰাক অঘৰী আখ্যা মন্ত্ৰী ৰণোজ পেগুৰ,বিধায়ক ৰূপজ্যোতিয়েও কৰিলে কটাক্ষ
ছিপাঝাৰৰ নাৰিকলিত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in