সুস্থিৰ হৈছে মণিপুৰৰ পৰিস্থিতি : নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি লোৱা ২৪৭ অস্ত্ৰ উদ্ধাৰ

চুৰাচান্দপুৰ, কাংপকপি, টেঙনৌপাল, ইম্ফল, ননে আৰু সেনাপতি জিলাৰ পৰা মুঠ প্ৰায় ৬০০০ লোকক নিৰাপদ পথ প্ৰদান কৰা হৈছে। বৰ্তমানলৈকে ২৬ হাজাৰৰো অধিক লোকক খালি কৰোৱা হৈছে
সুস্থিৰ হৈছে মণিপুৰৰ পৰিস্থিতি : নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি লোৱা ২৪৭ অস্ত্ৰ উদ্ধাৰ

ডিজিটেল সংবাদ,বেকাজান : মণিপুৰত শেহতীয়াকৈ সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰথম দুদিনত বিভিন্ন থানা আৰু ৰাজ্যিক নিৰাপত্তা বাহিনীৰ ইউনিটৰ পৰা জনসাধাৰণে কাঢ়ি নিয়া প্ৰায় ২৪৭টা অস্ত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। পাহাৰ আৰু উপত্যকা দুয়োটা অঞ্চলতে বিভিন্ন আৰক্ষী থানা আৰু ৰাজ্যিক নিৰাপত্তা ইউনিট পৰা দুস্কৃতিকাৰীয়ে হিংসাত্মক কাণ্ডৰ প্ৰথম দুদিনতে বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ লুটি লৈ গৈছিল।

অস্ত্ৰ লুটৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ ৰাজ্যখনৰ আৰক্ষী অধীক্ষক পি ডাউংগেলে সংবাদমেলৰ জৰিয়তে জনসাধাৰণক আইনী পৰিণতিৰ পৰা হাত সাৰিবলৈ অস্ত্ৰসমূহ ঘূৰাই দিবলৈ আহ্বান জনায়। ইয়াৰ পাছতে বহুলোকে এই পৰ্যন্ত মুঠ ২৪৭ টা অস্ত্ৰ আৰু ৪৬৭৯ টা গোলা-বাৰুদ আত্মসমৰ্পণ কৰিছে ।

কাঢ়ি লোৱা অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ ঘূৰাই দিবলৈ চৰকাৰৰ আবেদন পুনৰবাৰ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক সকীয়াই দিয়ে যে অতি সোনকালে কাঢ়ি লোৱা অস্ত্ৰ-শস্ত্ৰসমূহ আত্মসমৰ্পণ কৰিব লাগিব নহ’লে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যখনক বিধ্বস্ত কৰা হিংসাত্মক কাণ্ডৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে এতিয়ালৈকে আৰক্ষীয়ে ২১৬ খন এফ আই আৰ দাখিল কৰিছে।

ইফালে বিগত কিছুদিনৰ তুলনাত মঙলবাৰে ৰাজ্যৰ পৰিস্থিতি তুলনামূলকভাৱে শান্তিপূৰ্ণ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, ‘ঘাইপথত সংঘটিত কিছুমান বিচ্ছিন্ন কাণ্ডৰ বাহিৰে হিংসা আৰু অগ্নিসংযোগৰ কোনো খবৰ পোৱা নাই। ডাঃ ৰঞ্জনে আৰু কয় যে বৰ্তমান সময়ত মাত্ৰ প্ৰায় ৪ হাজাৰ স্থানচ্যুত লোকেহে বিভিন্ন সাহাৰ্য শিবিৰত আশ্ৰয় লৈ আছে আৰু তেওঁলোকক নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু মানসিক পৰামৰ্শ দিয়া হৈছে।

ক্ষতিগ্ৰস্ত লোকসকলক সাহাৰ্য সামগ্ৰী যোগান ধৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে পৰিস্থিতিৰ উন্নতিৰ লগে লগে সান্ধ্য আইন শিথিলতাৰ সময়সীমাও ৪ৰ পৰা ৫ ঘণ্টালৈ বৃদ্ধি কৰা হৈছে। তদুপৰি গুৰুত্বপূৰ্ণ ব্যক্তি আৰু চি এছ অ’ৰ নেতাসকলৰ সৈতে নিয়মীয়াকৈ মত বিনিময় হৈ থকাৰ সময়তো ৰাজ্য চৰকাৰেও আস্থা গঢ়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে বুলি তেওঁ অৱগত কৰে।

তেওঁ জনোৱা মতে, আজি চুৰাচান্দপুৰ, কাংপকপি, টেঙনৌপাল, ইম্ফল, ননে আৰু সেনাপতি জিলাৰ পৰা মুঠ প্ৰায় ৬০০০ লোকক নিৰাপদ পথ প্ৰদান কৰা হৈছে। বৰ্তমানলৈকে ২৬ হাজাৰৰো অধিক লোকক খালি কৰোৱা হৈছে।

ইয়াৰে প্ৰায় ১৯৩০ জন লোক, মূলতঃ অন্য ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, নিৰাপদে নিজৰ ঘৰলৈ উভতি আহিছিল। সংবাদমেলত অংশগ্ৰহণ কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী বসন্তকুমাৰ সিঙে জনাইছে যে মণিপুৰ চৰকাৰে বিদ্যালয়-মহাবিদ্যালয়সমূহৰ বাবে গ্ৰীষ্মকালীন ছুটী ৪ পৰা ৩০ মে’ৰ আৰু বিশ্ববিদ্যালয়সমূহৰ বাবে ১৫ মে’ৰ পৰা ৫ জুনলৈ বঢ়াই দিয়া হৈছে।

মন্ত্ৰীগৰাকীয়ে কয় যে হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যত উপস্থিত হোৱা নিৰাপত্তাৰক্ষীয়ে শিক্ষানুষ্ঠানসমূহ দখল কৰাৰ কথা বিবেচনা কৰি গ্ৰীষ্মকালীন ছুটীৰ ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মণিপুৰত অৰ্ধসামৰিক বাহিনীৰ ৫০টাতকৈও অধিক কোম্পানী নিয়োজিত হৈ আছে বুলিও তেওঁ জনায়।

ইয়াৰ মাজতে ইম্ফলৰ বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈ থকা প্ৰায় ২৫০০ লোক আজি চুৰাচান্দপুৰত উপস্থিত হৈছে। জিলাখনৰ বিভিন্ন সাহায্য শিবিৰত থকা লোকক ইম্ফলৰ দিশে নিৰাপদ পথ দিয়া হৈছে।

এতিয়াও সাহায্য শিবিৰত থকা লোকসকলক উলিয়াই অনাৰ সুবিধাৰ বাবেও প্ৰচেষ্টা চলি আছিল। জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সম্প্ৰতি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সাহায্য কেন্দ্ৰত প্ৰায় ১৭০০ লোকক সুৰক্ষিত আশ্ৰয় শিবিৰত ৰখা হৈছে। জিলা প্ৰশাসনে সংশ্লিষ্ট সকলোকে শান্তি বজাই ৰাখিবলৈ আৰু জিলাখনত আইন-শৃংখলাৰ সমস্যাৰ সৃষ্টি কৰিব পৰা ভুল তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

সুস্থিৰ হৈছে মণিপুৰৰ পৰিস্থিতি : নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি লোৱা ২৪৭ অস্ত্ৰ উদ্ধাৰ
ঐতিহ্যমণ্ডিত উদমাৰীত অৰণ্য সুৰক্ষা সমিতিৰ গছবিহু উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in