ঐতিহ্যমণ্ডিত উদমাৰীত অৰণ্য সুৰক্ষা সমিতিৰ গছবিহু উদযাপন

গছবিহু উপলক্ষে গছলৈ বিহুৱান আগবঢ়াই অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড০ হৰিচৰণ দাসে

author-image
Asomiya Pratidin
New Update
ঐতিহ্যমণ্ডিত উদমাৰীত অৰণ্য সুৰক্ষা সমিতিৰ গছবিহু উদযাপন

ডিজিটেল সংবাদ, বিলাসীপাৰা : বিলাসীপাৰা মহকুমাৰ ঐতিহ্যমণ্ডিত গাঁও উদমাৰীত গছবিহু উদযাপন। উদমাৰী ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু অৰণ্য সুৰক্ষা সমিতি অসম তথা বিলাসীপাৰা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত বুধবাৰে গছ বিহু অনুষ্ঠিত কৰা হয়।

Advertisment

এই উপলক্ষে উদমাৰী গাঁৱৰ নামঘৰ আৰু উদমাৰী উচ্চ মাধ্যমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰে উদমাৰী ৰঙালী বিহু উৎযাপন সমিতিৰ সভাপতি কবিকেশ পাটগিৰিয়ে।

গছবিহু উপলক্ষে গছলৈ বিহুৱান আগবঢ়াই অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড০ হৰিচৰণ দাসে। তেওঁ কয় যে "গছবিহুৰ জৰিয়তে অৰণ্য সুৰক্ষা সমিতি অসমে পৰিৱেশ সজাগতা অনাৰ চেষ্টা কৰি আহিছে। বৃক্ষৰোপণ গছবিহুৰ প্ৰধান কাৰ্যসূচী বুলি উল্লেখ কৰি তেওঁ কয় যে ব'হাগ মাহ বৃক্ষৰোপণৰ উপযুক্ত সময় সেয়েহে ব'হাগ মাহত আমি গছবিহু পাতি গছপুলি ৰোপণ কৰি অসমৰ প্ৰকৃতি, ঐতিহ্য আৰু সংস্কৃতি ৰক্ষা কৰা উচিত।"

অনুষ্ঠানত কুন্তল শৰ্মাকে ধৰি কেবাজনো সমাজকৰ্মী ,উদমাৰী উচ্চ মাধ্যমিক, মাধ্যমিক আৰু প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

Also Read: নিডফি হাউচত চিন্ময় মিছনৰ বসুধৈৱ কুটুম্বকম সন্মিলন

Bohag Bihu