ক'হিমাৰ এন ডি পি পিৰ কেন্দ্ৰীয় কাৰ্যালয় চতুৰ্দশ বিধানসভাৰ সন্দৰ্ভত বিধায়িনী দলৰ প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক

ক'হিমাৰ এন ডি পি পিৰ কেন্দ্ৰীয় কাৰ্যালয় চতুৰ্দশ বিধানসভাৰ সন্দৰ্ভত বিধায়িনী দলৰ প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল সংবাদ,ৱাখাঃ চতুৰ্দশ নাগালেণ্ড নতুন চৰকাৰ গঠনৰ সন্দৰ্ভত নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ বিধানসভা পাৰ্টি প্ৰথমখন বৈঠক কহিমাস্থিত এন ডি পি পিৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু সভাপতি চিংৱাং কন্যাকে নাগালেণ্ড বিধানসভাৰ নৱ নিৰ্বাচিত এন ডি পি পিৰ সকলো সদস্যক অভিনন্দন আৰু আদৰণি জনাই সকলো সদস্যকে জনসাধাৰণৰ বাবে অক্লান্তভাৱে কাম কৰিবলৈ আৰু ভিত্তি কৰি সমগ্ৰ প্ৰচাৰ কালত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ উৎসাহিত কৰে।

নিৰ্বাচিত সদস্যসকলেও সভাত এন ডি পি পি বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে নেইফিউ ৰিঅ’ এন ডি পি পি বিধানসভা দলৰ নেতা হিচাপে নিৰ্বাচিত কৰে। এনডিপিপি এলপিয়ে " চতুৰ্দশ বিধানসভাৰ নিজ নিজ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি এনডিপিপি আৰু নেইফিউ ৰিঅ' ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত পুনৰবাৰ নিজৰ বিশ্বাস আৰু আস্থা স্থাপন কৰাৰ বাবে নাগালেণ্ডৰ সকলো ভোটাৰক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

এনডিপিপি এলপিয়ে শান্তি আৰু উন্নয়নৰ দৃষ্টিভংগীৰে কাম কৰি নাগালেণ্ডক উৎকৃষ্ট ৰাজ্যৰ দিশে লৈ যোৱাৰ সংকল্প লয়। এনডিপিপিএলপিয়ে ইয়াৰ নেতা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ ডাঙৰীয়াক নতুন চৰকাৰ গঠনৰ বিশেষাধিকাৰ ল’বলৈ আৰু অধিক সমৰ্থন জনায়।

ক'হিমাৰ এন ডি পি পিৰ কেন্দ্ৰীয় কাৰ্যালয় চতুৰ্দশ বিধানসভাৰ সন্দৰ্ভত বিধায়িনী দলৰ প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক
অসমৰ বাৰেৰহনীয়া সংস্কৃতিত অভিভূত আন্তঃৰাষ্ট্ৰীয় প্রতিনিধি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in