/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/300fbfc0-93f0-4d9f-9439-ad854b033c33/s15.jpg)
ডিজিটেল ডেস্ক : প্রথমবাৰৰ বাবে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত আয়োজিত হোৱা পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় SCOৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ'খনত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠান প্রত্যক্ষ কৰি অভিভূত হৈ পৰে আন্তঃৰাষ্ট্ৰীয় প্রতিনিধিসকল। সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ সমূহীয়া নৃত্য, কৃষ্ণনৃত্য, বৰগীত, লোকগীত, ভোৰতাল, সত্ৰীয়া, বাগৰুম্বা, বিহু আদিকে ধৰি অসমৰ বাৰেবৰেণীয়া সাংস্কৃতিক ঐতিহ্য-পৰম্পৰাত আপ্লুত হৈ পৰা বিদেশী প্রতিনিধিসকলে অসমৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f0afb5a3-a762-46bb-8034-7368dc0b47af/8b78b6c2_e6ce_4424_92e0_d472beac3e74.jpg)
আন্তঃৰাষ্ট্ৰীয় প্রতিনিধিৰ দলটোৱে শুকুৰবাৰে বিয়লি ব্ৰহ্মপুত্ৰত নৌকা বিহাৰো কৰে। ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু মনোমোহা দৃশ্যত অভিভূত হৈ পৰা আন্তঃৰাষ্ট্ৰীয় প্রতিনিধিসকলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্ভাৱনা সম্পৰ্কত ইতিবাচক মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/84bca4ee-e22d-4e63-bc27-e9b7dc6bbdaa/bffd68ca_15e4_4385_8df3_c7153b992824.jpg)
আয়োজক চহৰ গুৱাহাটীৰ সন্দৰ্ভত সর্বানন্দ সোণোৱালে কয়, “এতিয়া ভাৰতৰ প্ৰধান চহৰসমূহৰ বাহিৰত অধিক সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'বলৈ ধৰিছে। এয়া প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীজীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা সহৃদয় দৃষ্টিভংগীৰ বাবেই সম্ভৱ হৈছে। গুৱাহাটীত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ এই গুৰুত্বপূৰ্ণ SCO আন্তঃচৰকাৰী সন্মিলনখন আয়োজনৰ জৰিয়তে অঞ্চলটোৰ পৰম্পৰাগত চিকিৎসাৰ অনুশীলনকাৰী, বিশেষজ্ঞ আৰু অনুৰাগীসকলক পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰতি নিমজ্জিত হ'বলৈ প্ৰেৰণা দিয়া হৈছে। মই নিশ্চিত যে, উত্তৰ-পূব অঞ্চলৰ জনসাধাৰণে পৰম্পৰাগত ঔষধি সামগ্ৰী প্ৰদৰ্শন কৰা এক্সপ'খন ভ্রমণ কৰি অভিজ্ঞতা লাভ কৰিব। লগতে ইয়াত অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্যসেৱা শিবিৰৰ সুবিধা ল'ব পাৰিব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c1094a2e-5f7d-43fd-8341-503967a1e96f/83789112_1187_41c8_bbd0_f4ae5824ff19.jpg)
উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় প্রতিনিধিসকলৰ সন্মাৰ্থে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত এক নৈশ ভোজৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানত অসমৰ কেবিনেট মন্ত্রীসকল- চন্দ্রমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, মন্ত্রী বিমল বড়া, অসম প্রদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী কেশব মহন্ত, মন্ত্ৰী ইউ জি ব্ৰহ্ম,মন্ত্ৰী সঞ্জয় কৃষাণ গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d610a264-db77-4fe2-9eb7-31cb87868762/83789112_1187_41c8_bbd0_f4ae5824ff19.jpg)
Also Read: ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 'হেল্থ হাইজিন আৰু নিউট্ৰিচন' শীৰ্ষক আলোচনা চক্ৰ