উত্তপ্ত নাগালেণ্ডঃ ডিমাপুৰৰ এনডিপিপিৰ প্ৰাৰ্থী মোৱাতোছিৰ বাসগৃহলৈ গুলী চালনা

উত্তপ্ত নাগালেণ্ডঃ ডিমাপুৰৰ এনডিপিপিৰ প্ৰাৰ্থী মোৱাতোছিৰ বাসগৃহলৈ গুলী চালনা

ডিজিটেল সংবাদ, বেকাজানঃ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে নাগালেণ্ডৰ নিৰ্বাচনী পৰিবেশ । শনিবাৰে সন্ধিয়া ডিমাপুৰৰ এনডিপিপিৰ প্ৰাৰ্থী মোৱাতোছিৰ বাসগৃহত বন্দুকধাৰীয়ে গুলীচালনা কৰে। এই ঘটনাক লৈ সম্প্ৰতি নাগালেণ্ডত ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে । জানিব পৰামতে শনিবাৰে সন্ধিয়া সংঘটিত হোৱা এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাত এনডিপিপিৰ প্ৰাৰ্থী মোৱাতোছিৰ ২ ডিমাপুৰ দ্বিতীয় এচিৰ বাসগৃহত কেইবাটাও গুলী নিক্ষেপ কৰা হয়।

খবৰ অনুসৰি লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ সমৰ্থকসকলে দুখন বাহনত প্ৰাৰ্থীগৰাকীৰ ঘৰত উপস্থিত হৈ প্ৰায় ৬-৭ গুলীচালনা কৰে ।এলজেপি(আৰভি) সমৰ্থকসকলে আহি এনডিপিপিৰ প্ৰাৰ্থী মোৱাটোছি লংকুমাৰৰ বাসগৃহত গুলীচালনা কৰা বুলি অভিযোগ উত্থাপন হৈছে । ঘটনা স্থলিত এখন বাহন আৰু অপৰাধস্থলীত এটা গুলীৰ খোলা উদ্ধাৰ হৈছে। এনডিপিপিৰ প্ৰাৰ্থী মোৱাটোছিৰ ঘৰৰ পৰা চিচিটিভি ফুটেজ লাভ কৰা হৈছিল যদিও এতিয়াও অপৰাধীক চিনাক্ত কৰিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে এইবাৰৰ বিধানসভা নিৰ্বাচনত ডিমাপুৰ দ্বিতীয় সমষ্টিত তিনিজন প্ৰাৰ্থী আছে ক্ৰমে মোৱাটোছি লংকুমাৰ (এনডিপিপি), এছ আমেণ্টো চিছি (কংগ্ৰেছ), আৰু ৱাই ভিখেহো আৱোমি (এলজেপি-আৰভি)। প্ৰাক নিৰ্বাচনী হিংসাত্মক ঘটনাক লৈ উদিগ্নতা প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in