দিল্লীৰ শিক্ষামন্ত্ৰীলৈ চিবিআইৰ তলব, সন্মুখীন হ'ব লাগিব দিনৰ ১১ বজাত

দিল্লীৰ শিক্ষামন্ত্ৰীলৈ চিবিআইৰ তলব, সন্মুখীন হ'ব লাগিব দিনৰ ১১ বজাত

ডিজিটেল ডেস্ক : আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচোদিয়াক পুনৰ এবাৰ চিবিআইৰ তলব । সুৰা আবন্টন নীতিৰ ক্ষেত্ৰত বৃহৎ অংকৰ ধন উৎকোচ ৰূপে গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল মনীষ চিচোদিয়াৰ বিৰুদ্ধে । যাৰ ফলশ্ৰুতিতেই বিগত বৰ্ষতো অভিযান চলিছিল নেতা গৰাকীৰ বাসগৃহ, কাৰ্যালয় সকলোতে । সেই সময়ত তেওঁৰ বিৰুদ্ধে কোনো তথ্য লাভ নকৰিলেও অন্ত পৰা নাছিল তদন্তৰ ।

সেই তদন্তৰ ভিত্তিতেই পুনৰ এবাৰ চিবিআইৰ আওতালৈ মনীষ চিচোদিয়া । আজি দিনৰ ১১ বজাত চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব নেতা গৰাকী ।

অৱশ্যে এই সন্দৰ্ভত মনীষ চিচোদিয়াই মন্তব্য প্ৰদান কৰে যে, দেশৰ শীৰ্ষৰ চৰকাৰী সংস্থাসমূহ বৰ্তমান শাসনাধিষ্ঠ কেন্দ্ৰীয় চৰকাৰৰ অধীনত যাৰ বাবে বিজেপিয়ে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে বিৰোধীক ৰোধিবলৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in