/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e5accc39-4f71-405f-9368-e3db0f89405d/tenjem_2.jpg)
NSCN (IM) ৰ ৰোষত পৰা টেমজেন ইমনা আলংকৰ নিৰ্বাচনী ফলাফল পালেনে?
ডিজিটেল ডেস্কঃ নাগালেণ্ডৰ জনতাই নামানিলে এন এছ চি এন (আই এম)ৰ নিৰ্দেশ। এন এছ চি এন (আই এম)ৰ নিৰ্দেশ অমান্য কৰি ভোটদান কৰাই নহয় বিজয় কৰোৱালে নাগালেণ্ডৰ আটাইতকৈ চৰ্চিত ৰাজনৈতিক নেতাজনক।
সামাজিক মাধ্যমত নিজস্ব কৰ্ম, কাণ্ড আৰু শাৰীৰিক অৱয়বৰ বাবে চৰ্চাৰ শীৰ্ষত থকা টেমজেন ইমনা আলং পুনৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।
উল্লেখ্য যে, নাগালেণ্ডবাসীক ভাৰতীয় বুলি কোৱাৰ বাবে ক্ষোভিত হৈ পৰিছিল এন এছ চি এন (আই এম)। সেয়ে তেওঁ প্ৰতিদ্বন্দিতা কৰা আলংটাকি সমষ্টিৰ ৰাইজক ভোট নিদিবলৈ আহ্বান জনাইছিল।
যিসকলে তেওঁক ভোট দিব সেই লোকসকলক এন এছ চি এন (আই এম)ৰ সংবিধান অনুসৰি শাস্তি প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছিল। এই আহ্বানক নেওচি সমষ্টিবাসীয়ে বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙক বিজয়ী কৰোৱায়।
Also Read: Live Update: উত্তৰ পূবৰ ৩ ৰাজ্যৰ ফলাফল ঘোষণা, ত্ৰিপুৰাত বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা আৰু...
Victory to all of you! pic.twitter.com/4rcrEjQW7P
— Temjen Imna Along (@AlongImna) March 2, 2023