কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগত আলোচনা তিপ্ৰামথাৰ

এই আলোচনাত ত্ৰিপুৰাৰ খিলঞ্জীয়া লোক সকলৰ সমস্যাৰ ওপৰত আৰু পূৰ্বে দাবী পত্ৰ দাখিল কৰাৰ ওপৰত আলোচনা কৰা হয়
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগত আলোচনা তিপ্ৰামথাৰ

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে এক আলোচনাত মিলিত হয় ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰ সদস্য প্ৰদ্যুত বিক্ৰম মানিক্য দেববৰ্মাৰ নেতৃত্বৰ ত্ৰিপ্ৰা মথা দলে । বুধবাৰে এই কথা এক সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰে ত্ৰিপ্ৰা মথা দলৰ সভাপতি প্ৰদ্যুত বিক্ৰম মানিক্য দেববৰ্মাই।

এই আলোচনাত ত্ৰিপুৰাৰ খিলঞ্জীয়া লোক সকলৰ সমস্যাৰ ওপৰত আৰু পূৰ্বে দাবী পত্ৰ দাখিল কৰাৰ ওপৰত আলোচনা কৰা হয় বুলি সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰে প্ৰদ্যুত বিক্ৰম মানিক্য দেববৰ্মাই। আলোচনা কালত গৃহ মন্ত্ৰী গৰাকী সমস্যাবোৰ সমাধান কৰাৰ সন্মতি প্ৰকাশ কৰা বুলিও দেববৰ্মাই কয় আৰু এই সমস্যাবোৰ সংবিধানৰ জৰিয়তে সমাধান কৰাটো তেওঁৰ দলৰ বিধায়ক সকলে বিছাৰিছে।

গৃহ মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোক সকলৰ সমস্যাবোৰ বুজ লোৱাৰ বাবে দুই এদিনত এজন মধ্যস্থতাকাৰী নিয়োগ কৰাৰ কথাও প্ৰকাশ কৰে বুলিও সংবাদ মেলত প্ৰকাশ কৰিছে । নাগালেণ্ডৰ দৰে এজন মধ্যস্থতাকাৰী ত্ৰিপুৰাত নিয়োগ কৰিব বুলিও কয় আৰু এনে মধ্যস্থতাৰী নিয়োগ কৰাৰ জৰিয়তে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোক সকলৰ সমস্যাবোৰ ওপৰত এক সমাধান হব বুলি আশা প্ৰকাশ কৰিছে।

ত্ৰিপুৰা চৰকাৰৰ নতুন মন্ত্ৰী সভাত ত্ৰিপ্ৰা মথা দলৰ পৰা কোনো বিধায়ক অন্তৰ্ভুক্ত নহয়, অকল ত্ৰিপুৰাৰ খিলঞ্জীয়া লোক সকলৰ সমস্যাবোৰ সাংবিধানিক সমাধান হোৱাটোকে বিছাৰে ত্ৰিপ্ৰা মথা দলে বুলিও তেওঁ কয় । এই সমস্যা ত্ৰিপুৰাৰ ১৩/ ১৪ লাখ ত্ৰিপ্ৰা সকলৰ বাবেহে। যেতিয়ালৈকে ১৩/ ১৪ লাখ ত্ৰিপ্ৰা সকলৰ সমস্যা সমাধান নহয়, তেতিয়া লৈকে চৰকাৰত নবহে বুলিও স্পষ্ট প্ৰকাশ কৰে। এই সিদ্ধান্ত কোনো লোকৰ বা দলৰ বিৰুদ্ধে নহয় বুলি উল্লেখ কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগত আলোচনা তিপ্ৰামথাৰ
চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ সজাগতা সভা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in