/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/13767c9e-2ef0-41a1-9d60-a54be56b8952/v17.jpg)
ডিজিটেল সংবাদ, সোণতলীঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলীৰ অন্তৰ্গত আৰিকাটিত বুধবাৰে চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ সমাজত প্ৰচলিত বাল্য বিবাহ, জন্ম নিয়ন্ত্ৰণ, শিশুৰ শিক্ষাৰ প্ৰসাৰ লগতে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ইউনুছ আলী মোল্লাহৰ পৌৰহিত্যত এই সজাগতা সভা অনুষ্ঠিত হয় ৷
আৰিকাটিস্থিত কে ডি এম হাইস্কুল প্ৰাঙ্গনত অনুষ্ঠিত হোৱা সভাত সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডাঃ কুৰবান আলী আহমেদে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে আমাৰ সমাজত এতিয়াও কন্যা সন্তানক অৱজ্ঞা কৰা হয় ৷ কন্যা সন্তান জন্ম পালে পিতৃ-মাতৃয়ে দুখ প্ৰকাশ কৰে ৷ এয়া এতি দুৰ্ভাগ্যজনক ৷ কাৰণ সাম্প্ৰতিক সময়ত মহিলাসকল পিচপৰি থকা নাই বুলি মন্তব্য কৰে ৷
ইয়াৰ উপৰিও সমাজত প্ৰচলিত বাল্য বিবাহৰ কু প্ৰভাৱ, অধিক সন্তানৰ বাবে হোৱা সমস্যা আদি সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়৷ সভাত ডাঃ তৈয়বুৰ ৰহমান, চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ মুখ্য উপদেষ্টা আব্দুছ ছামাদ, মোনছেৰ আলী মেম'ৰিয়েল একাডেমিৰ অধ্যক্ষ আব্দুছ ছালাম, আৰিকাটি উপ-স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীসকলৰ লগতে শতাধিক পুৰুষ মহিলা উপস্থিত থাকে ৷ শেষত বাল্য বিবাহৰ লগত জড়িত থকাৰ প্ৰমান পালেই দেৱানী সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লব বুলি ঐক্য মঞ্চৰ পৰা সকিয়নি প্ৰদান কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b552efb1-d16c-4c3b-932a-404228527a1d/aa123d72_2be3_419c_83fc_a356828488a2.jpg)
Also Read: সাঁচতীয়া পূঁজিৰ ১০ লক্ষাধিক টকা খৰছ কৰি নতুনকৈ নিৰ্মাণ কৰি দিলে ৰাজহুৱা নামঘৰ