ইম্ফল বিমান বন্দৰত উপস্থিত দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱাল

মণিপুৰ ভ্ৰমণত কেন্দ্ৰীয় চৰকাৰৰ প্ৰবল বাধাৰ পিছতো দেওবাৰে ইম্ফল বিমানবন্দৰত উপস্থিত দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱাল।

author-image
Asomiya Pratidin
New Update
ইম্ফল বিমান বন্দৰত উপস্থিত  দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱাল

ডিজিটেল সংবাদ, বেকাজানঃ মণিপুৰ ভ্ৰমণত কেন্দ্ৰীয় চৰকাৰৰ বাধাৰ পিছতো দেওবাৰে ইম্ফল বিমানবন্দৰত উপস্থিত দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱাল। মালিৱালে অভিযোগ কৰিছিল যে মণিপুৰ চৰকাৰে তেওঁক ৰাজ্য ভ্ৰমণ আৰু যৌন হিংসাৰ পৰা ৰক্ষা পোৱা লোকৰ সৈতে মত বিনিময় কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে।

Advertisment

উল্লেখযোগ্য যে স্বাতী মালিৱালে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন কঁপাই তোলা জনগোষ্ঠীয় হিংসাৰ মাজতে ভুক্তভোগীসকলক সহায় আগবঢ়োৱাহে প্ৰকৃত উদ্দেশ্য বুলি উল্লেখ কয়। ২১ জুলাইত মণিপুৰ চৰকাৰৰ সৈতে হোৱা যোগাযোগত মালিৱালে এটা দুখজনক ভিডিঅ’ৰ উন্মেষ ঘটাৰ পিছত সংঘাতগ্ৰস্ত ৰাজ্যখন ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

ভিডিঅ’টোত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা ঘটনাক ব্যাপক নিন্দা আৰু উদ্বেগ প্ৰকাশ কৰিছিল স্বাতীয়ে। মালিৱাল নিজৰ নিৰ্ধাৰিত ভ্ৰমণৰ কাম আগবাঢ়ি গৈ ইম্ফলত উপস্থিত হয়। ডিচিডব্লিউৰ মুৰব্বীগৰাকীয়ে হিংসাৰ বলি হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰিব আৰু ২০২৩ চনৰ ৩ মে’ত ৰাজ্যখনত হোৱা অস্থিৰতাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহ, ব্যক্তিসকলক সমৰ্থন আগবঢ়াব।

Also Read: শাওনৰ হাউৰী অনুষ্ঠানত হালোৱা ৰূপত বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰ

manipur