শাওনৰ হাউৰী অনুষ্ঠানত হালোৱা ৰূপত বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰ

শাওনৰ হাউৰী অনুষ্ঠানত হালোৱা ৰূপত বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰ:

author-image
Asomiya Pratidin
New Update
শাওনৰ হাউৰী অনুষ্ঠানত হালোৱা ৰূপত  বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰ

ডিজিটেল সংবাদ, চৰাইদেউঃ অসমীয়া চহা গাঁৱলীয়া সমাজৰ পৰম্পৰা অনুসৰি নতুন প্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত কৰা উদ্দেশ্যে আগত ৰাখি বিধায়কৰ বিশেষ পদক্ষেপ। চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তগৰ্ত ৰহন গোহাঁই গাঁৱৰ পথাৰত বিধায়কৰ উদ্যোগত আৰু ৰহনৰ ৰাইজৰ সহযোগত সাপেখাতী মণ্ডলৰ দলীয় কাৰ্যকৰ্তাৰ প্ৰচেষ্টাত ন- ভুঁই ৰোৱা লগতে হাউৰী উৎসৱত ভাগ ল'লে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে।

Advertisment

ৰহনৰ দ' আলতীয়া শাওননৰ পথাৰত গৰুৰ হাল আৰু পাৱাৰ টিলাৰ ট্ৰেক্টৰে বিধায়ক গৰাকীয়ে কৃষকৰ লগত সমানে হালবোৱা পৰিলক্ষিত হয়। ৰোৱনী সকলৰ লগত সমানে কঠীয়া ৰুই শাওনৰ এক জীৱন্ত ছবি তুলি ধৰে। সাধাৰণ চহা কৃষকৰ কষ্ট আৰু মৰ্মবেদনাৰ লগত পৰিচিত বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে ঘুৰি আহ, চাপি আহ, বাহিৰে যা ,ভিতৰে যা বুলি গৰু হাল বাবলৈ আৰম্ভ কৰা লগে লগে উপস্থিত সকলো লোক উল্লিখিত হোৱাৰ লগতে নষ্টালজিক হৈ পৰা দেখা গ'ল।

কৃষি জীৱী অসমীয়াৰ পূৰ্বৰ হেৰাই যাবলৈ ধৰা গাঁৱৰ বাস্তৱিক জীৱনৰ সেই ছবিখন পুনৰবাৰ ঐতিহাসিক ৰহনৰ পথাৰত বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ উদ্যোগত প্ৰাণ পাই উঠিল। উক্ত ন ভুঁই ৰোৱা কাৰ্যসূচীত উপস্থিত আছিল সোণাৰি পৌৰ সভাৰ পৌৰ পতি তিলক চন্দ্ৰ নেওগ, পৌৰ আয়ুক্ত গিৰিণ গগৈ,পৌৰ আয়ুক্তা নমিতা গগৈ,জিলা পৰিষদৰ উপ-সভাপতি দিগন্ত ৰাজকোঁৱৰ, জিলা পৰিষদৰ সদস্যা পূৰবী গগৈ, চৰাইদেউ জিলা বিজেপিৰ উপ-সভানেত্ৰী দীপা মনি গগৈ আদিৰ লগতে শতাধিক কৃষক ৰাইজ।

Also Read: প্ৰজন্মৰ আলাপ...