তীব্ৰ প্ৰতিবাদৰ পাছতেই কেইবাখনো জিলাত বন্ধ মোবাইল ইন্টাৰনেট, জাৰি সান্ধ্য আইন...

মণিপুৰ চৰকাৰে আইন-শৃংখলা বজাই ৰাখিবলৈ ৫ দিনৰ বাবে মোবাইল ইন্টাৰনেট সেৱা স্থগিত ৰাখিছে । ৩ মে'ত ১ নিৰ্দেশনাৰ জৰিয়তে এই কথা জনায়।

author-image
Asomiya Pratidin
New Update
তীব্ৰ প্ৰতিবাদৰ পাছতেই কেইবাখনো জিলাত বন্ধ মোবাইল ইন্টাৰনেট, জাৰি সান্ধ্য আইন...

ডিজিটেল ডেস্কঃ কেইবাখনো জিলাত বন্ধ হ'ল ইন্টাৰনেট সেৱা। জনজাতীয় গোটৰ দ্বাৰা কৰা সমদলৰ পিছতেই মণিপুৰ চৰকাৰে আইন-শৃংখলা বজাই ৰাখিবলৈ ৫ দিনৰ বাবে মোবাইল ইন্টাৰনেট সেৱা স্থগিত ৰাখিছে । ৩ মে'ত ১ নিৰ্দেশনাৰ জৰিয়তে এই কথা জনায়।

Advertisment

বিভিন্ন সভা-সমিতিত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে কেইবাখনো জিলাত সান্ধ্য আইন জাৰি কৰিছে।

বুধবাৰে অনুসূচীত জনজাতি শ্ৰেণীত 'মৈতেই' সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰুদ্ধে চলিছিল প্ৰতিবাদ। ৰাজ্যখনৰ ১০ খন পাহাৰীয়া জিলাৰ ছাত্ৰ সংগঠনে আহ্বান কৰা 'আদিবাসী সংহতি মাৰ্চ'ত হাজাৰ হাজাৰ লোকে যোগদান কৰে।

মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে (এটিএছইউএম) এই সমদলৰ আহ্বান কৰিছিল। সংগঠনটোৱে কয় যে, এছ টি শ্ৰেণীক মৈতেই সম্প্ৰদায়ক অন্তৰ্ভূক্ত কৰাৰ দাবীৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰা হৈছে।

মণিপুৰৰ জনসংখ্যাৰ ৫৩% মৈতেই সম্প্ৰদায়। তেওঁলোকে দাবী কৰে যে ম্যানমাৰ আৰু বাংলাদেশীৰ অবৈদ প্ৰৱজ্ৰনৰ বাবে তেওঁলোকে যথেষ্ঠ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। নিয়ম অনুসৰি এই সম্প্ৰদায়ৰ লোক সকলে পাহাৰীয়া অঞ্চলত বাস কৰিব নোৱাৰে।

এই সম্প্ৰদায়ৰ লোক সকলক এছ টিত অন্তৰ্ভূক্ত কৰাৰ দাবীৰ বিৰোধিতা কৰে সংগঠন কেইটাই।এই প্ৰতিবাদত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। অৱশ্যে এই পৰ্যন্ত কোনো অপ্ৰীতিকৰ ঘটনাৰ বাতৰি অহা নাই।

Also Read: ১০৫ কোটি টকাৰ কেলেংকাৰীঃ কংগ্ৰেছ নেতা সহ ৫ জন গ্ৰেপ্তাৰ

manipur