১০৫ কোটি টকাৰ কেলেংকাৰীঃ কংগ্ৰেছ নেতা সহ ৫ জন গ্ৰেপ্তাৰ

SCERT কেলেংকাৰী সন্দৰ্ভত ৫জনক গ্রেপ্তাৰ। বুধবাৰে কংগ্রেছ নেতা ৰাজেশ যোশীসহক ৫জনক গ্রেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে।

author-image
Asomiya Pratidin
New Update
১০৫ কোটি টকাৰ কেলেংকাৰীঃ ৬ জনক ২ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ডিজিটেল ডেস্কঃ SCERT কেলেংকাৰী সন্দৰ্ভত ৫জনক গ্রেপ্তাৰ। বুধবাৰে কংগ্রেছ নেতা ৰাজেশ যোশীসহক ৫জনক গ্রেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে। গ্রেপ্তাৰ লক্ষী নাৰায়ণ সোণোৱাল, জয় চন্দ্র লহকৰ, ৰামিজোদ্দিন আহমেদ, সাৰংগ মৰেক গ্রেপ্তাৰ। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় আটাইকেইজনক।

Advertisment

লক্ষী নাৰায়ণ সোণোৱাল এছচিইআৰটিৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক, ৰাজেশ যোশী হৈছে নিলম্বিত এছচিইআৰটিৰ ভাৰপ্ৰাপ্ত সঞ্চালক শেৱালী দেৱী শৰ্মাৰ জোৱাই আৰু আন তিনিজন এছচিইআৰটি বিষয়া।

বুধবাৰে পুৱাৰে পৰা আটাইকেইজনক লৈ জেৰা চলাইছিল মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে।

তথ্য অনুসৰি ১০৫ কোটি টকাৰ কেলেংকাৰীত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হয়। ২০১৭ চনৰ পৰা ২০২২ চনলৈ বিভিন্ন পাঠ্যক্ৰমৰ নামত পূজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত। আনহাতে শেৱালী দেৱী শৰ্মা পলাতক বুলি জানিব পৰা গৈছে।

SCERT Scam: