/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b7815a7d-cf20-4375-8ee3-86e9d02fc86b/ap_for_web_GunFire.jpg)
প্ৰতিকী ফটো
ডিজিটেল ডেস্ক : অসম-অৰুণাচল প্ৰদেশ সীমান্তৰত সংঘটিত হয় গুলীচালনাৰ ঘটনা। অসম-অৰুণাচল সীমান্তত শেহতীয়াভাৱে হোৱা সীমাবিবাদৰ পিছত শনিবাৰে নিশা বনকৰ্মীৰ সৈতে হোৱা সংঘৰ্ষত এজন সন্দেহযুক্ত চোৰাং চিকাৰীক গুলীয়াই হত্যা কৰে বনকৰ্মীয়ে।
ঘটনাটো সংঘটিত হয় অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ চাফাপানী এলেকাত। সংঘৰ্ষত মৃত্যু হোৱা ব্যক্তিজন পুনেশ্বৰ স্বৰ্গীয়াৰী বুলি চিনাক্ত কৰা হৈছে। আনহাতে, বনকৰ্মীয়ে তেওঁৰ পৰা বিভিন্ন আপত্তিজনক সামগ্ৰী আৰু গছ কটা যন্ত্ৰ জব্দ কৰিছে।
উল্লেখ্য যে, ঘটনাস্থলীৰ পৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যই প্ৰেৰণ কৰা হৈছে।
Also Read: ককাৰ হাতৰ দিনলিপি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us