/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3027837b-542b-43a4-876f-97c1dd822b86/AP_FOR_WEB_Dinlipi.jpg)
ডিজিটেল সংবাদ, গহপুৰ : আপুনি কেতিয়াবা দিনলিপি লিখি পাইছে নে ? দিনলিপি লিখা হৈছে এক ভাল অভ্যাস। আজিৰ দিনত এই অভ্যাস যেন বহুতৰ নোহোৱা হৈ গৈছে। আনহাতে একাংশ নৱ প্ৰজন্মই নাজানে দিনলিপি কি।
পিছে গহপুৰৰ ডুবিয়াৰ অশীতিপৰ ককা শিৱনাথ ভূঞাই ২০০৩ চনৰ পৰা আজি পৰ্যন্ত লিখি আহিছে দিনলিপি। যাৰ ফলত এতিয়াও সুন্দৰহৈ আছে তেওঁৰ হাতৰ আখৰ। সজীৱ হৈ আছে পূৰ্বৰ প্ৰতিটো দিনৰ স্মৃতি। দিনলিপি লিখি অহাৰ সমান্তৰালকৈ ককাই কৰি আহিছে সাহিত্য চৰ্চাও। কবিতা, প্ৰৱন্ধ, গল্প আদি লিখি পঢ়ুৱৈৰ আদৰ বুটলিবলৈ সক্ষম হৈছে ককা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c3786e0e-3a51-459e-82b1-09c440c76fcc/Screenshot__234_.png)
পিছে গহপুৰৰ সকলোৰে পৰিচিত এই শিৱনাথ ভূঞাই পোৱা নাই সাহিত্যিক পেঞ্চন। যাৰ ফলত বৰ্তমান কিছু আৰ্থিক সমস্যাত পৰিছে ককা। সেয়েহে চৰকাৰে তেখেতক এই পেঞ্চন দি কিছু সকাহ দিব বুলি আশা ৰাখিছে তেওঁ। তেওঁৰ দিনলিপি লিখা অভ্যাসে সকলোকে উৎসাহিত কৰিছে। আনহাতে ককায়ে নৱপ্ৰজন্মক কৈ গৈছে দিনলিপি লিখাৰ উপকাৰীতাৰ কথা।
Also Read: "মা" লৈ কিমান হেঁপাহ!...