/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/531c7c08-0b8f-463b-b73c-fed57c10b8f0/goru.jpg)
Supreme Court
ডিজিটেল ডেস্কঃ অব্যাহত আছে মণিপুৰৰ হিংসা। ইয়াৰ মাজতে মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক বিশেষ নিৰ্দেশনা দিয়ে। উচ্চতম ন্যায়ালয়ে মণিপুৰৰ নাগৰিকৰ ব্যক্তিগত সম্পত্তিৰ লগতে ৰাজহুৱা সম্পত্তি সমূহৰল সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক নাগৰিকসকলৰ সুৰক্ষা তথা নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে এয়াও স্পষ্ট কৰি দিয়ে যে,আইন-শৃংখলা কাৰ্যবাহীৰ অধিকাৰ ক্ষেত্ৰত আহে । শীৰ্ষ ন্যায়ালয়ে সেনা আৰু কেন্দ্ৰীয় বাহিনী ক'ত মোতায়েন কৰিব লাগিব সেয়া সিদ্ধান্ত ল'ব নোৱাৰে।
মণিপুৰৰ হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ আবেদন দাখিল কৰা সন্দৰ্ভত অধিবক্তাসকলক সতৰ্ক কৰি ন্যায়ালয়ে কাকোৱেই উচতনিমূলক ভাষণ দিয়াৰ পৰা বিৰত থাকিবলৈ কয়।
বিভিন্ন বিষয়ত আপত্তি দৰ্শাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে কয় যে দেশৰ ৭০ বছৰতকৈ ওপৰৰ ইতিহাসত শীৰ্ষ ন্যায়ালয়ে কেতিয়াও এনে কৰা নাই। কিয়নো সেনা কাৰ্যবাহীৰ অসামৰিক নিয়ন্ত্ৰণত আছে। সেনাত নিয়ন্ত্ৰণত ৰখাতো ন্যায়ালয়ৰ কাম নহয়।
ন্যায়ালয়ে কয় যে, আমাৰ গণতন্ত্ৰৰ অন্যতম ভাল দিশ হ'ল সশস্ত্ৰ বাহিনীৰ ওপৰত অসামৰিক নিয়ন্ত্ৰণ। ইয়াক শেষ নকৰিব। আমি এয়া নকৰো। অৱশ্যে, আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰক মণিপুৰৰ জনসাধাৰণৰ জীৱন, সম্পত্তি আৰু স্বাধীনতা সুৰক্ষিত কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছো। তাৰ বাহিৰে কোনটো নিৰ্দিষ্ট বেটেলিয়ন কোন ঠাইত ৰখা হ'ব সেয়া নিৰ্ধাৰণ কৰাটো আমাৰ কাম নহয়।
উল্লেখ্য যে, মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত উচ্চতম ন্যয়ালয়ত কেইবাখনো আবেদন সন্দৰ্ভত শুনানি হৈ আছে। মণিপুৰৰ কোন অঞ্চলত কি সেনা মোতায়েন কৰিব সেই ক্ষেত্ৰতো উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰি আবেদন কৰিছে। এই সন্দৰ্ভতে ন্যায়ালয়ে এই মন্তব্য কৰে।