ধূলিসাৎ বিৰোধী; বংগত বিজয় ধ্বজা মমতা বাহিনীৰ...

ধূলিসাৎ বিৰোধী; বংগত বিজয় ধ্বজা মমতা বাহিনীৰ...

ডিজিটেল ডেস্ক : নিৰ্বাচনী হিংসা অতিক্ৰম কৰি পশ্চিমবংগত পুনৰ বিজয় ধ্বজা উৰুৱালে তৃণমূল কংগ্ৰেছে (টিএমচি)। পঞ্চায়ত নিৰ্বাচনীৰ তিনিওটা স্তৰতে সংখ্যাগৰিষ্ঠতা লাভ কৰি অগ্ৰগতিত মমতা বাহিনী।

ৰাজ্যখনৰ ৩,৩১৭খন গ্ৰাম পঞ্চায়তৰ ভিতৰত ২,৫৫২খন গ্ৰাম পঞ্চায়ত, ২৩২খন পঞ্চায়ত সমিতি তথা ২০খন জিলা পৰিষদৰ ভিতৰত ১২খন আসনতেই জয় লাভ টি এম চিৰ। আনহাতে ইয়াৰ বিপৰীতে ২১২খন গ্ৰাম পঞ্চায়ত, ৭খন পঞ্চায়ত সমিতি দখলেৰে দ্বিতীয় স্থানত বিজেপি। এই নিৰ্বাচনীত বৰ্তমানলৈ কোনো জিলা পৰিষদত জয় কৰা নাই বিজেপিয়ে।

মঙলবাৰৰ পুৱাই আৰম্ভ হোৱা পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাত ৭৪,০০০ তকৈও অধিক আসন আছে। যাৰ ভিতৰত আছে ৬৩,২২৯ খন গ্ৰাম পঞ্চায়তৰ আসন, ৯,৭৩০ খন পঞ্চায়ত সমিতিৰ আসন আৰু ৯২৮ খন জিলা পৰিষদৰ আসন।

উল্লেখ্য এই নিৰ্বাচনীক লৈ সৃষ্টি হোৱা শনিবাৰৰ হিংসাত্মক ঘটনাত প্ৰায় ৪০ জন লোকৰ মৃত্যু হৈছিল। নিৰ্বাচনী জালিয়াতি, ভোটদানৰ সময়ত নিৰ্বাচনী অনিয়ম আৰু ভোটাৰ দমন দৰে একাধিক অভিযোগৰ বাবে সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ বাবে ৬৯৬ টা বুথত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। হিংসাত্মক পৰিস্থিতত এগৰাকী নিৰ্বাচনী বিষয়াও আহত হয়।

নিৰ্বাচনী হিংসা অতিক্ৰম কৰি বংগত বিৰোধীক অস্তিত্বহীন কৰিলে মমতা বাহিনীয়ে। নিৰ্বাচনীত একক সংখ্যাগৰিষ্ঠ লাভ কৰিয়েই মমতা বেনাৰ্জীয়ে সামাজিক মাধ্যমতেই ৰাজ্যবাসীক ধন্যবাদ জনাই লিখিলে- টিএমচিৰ প্ৰতি জনতাৰ মৰম আৰু সমৰ্থনৰ বাবে মই জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছো। এই নিৰ্বাচনে প্ৰমাণ কৰিলে বংগৰ জনসাধাৰণৰ বুকুত কেৱল 'টিএমচি'ৰহে স্থান।"

ধূলিসাৎ বিৰোধী; বংগত বিজয় ধ্বজা মমতা বাহিনীৰ...
নিৰ্মীয়মান অৱস্থাতেই ফাটঃ কোটিটকীয়া চিকিৎসালয় ভৱন নিৰ্মাণত দুৰ্নীতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in