ভাৰত চৰকাৰক এন এছ চি এন/জিপিআৰএন আকাটো চুমী গোটৰ সৈতে যুদ্ধবিৰতি চুক্তি আহবান চুমী ফ্ৰণ্টলাইন অৰ্গেনাইজেচনৰ

ভাৰত চৰকাৰক এন এছ চি এন/জিপিআৰএন আকাটো চুমী গোটৰ সৈতে যুদ্ধবিৰতি চুক্তি আহবান চুমী ফ্ৰণ্টলাইন অৰ্গেনাইজেচনৰ

ডিজিটেল সংবাদ, বেকাজানঃ ৱেষ্টাৰ্ণ চুমী ফ্ৰণ্টলাইন অৰ্গেনাইজেচনৰ নেতাসকলে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন/জিপিআৰএন আকাটো চুমী গোটৰ সৈতে যুদ্ধবিৰতি চুক্তি আনুষ্ঠানিক কৰাৰ বাবে ৰাজনৈতিক প্ৰচেষ্টা আৰম্ভ কৰিবলৈ ভাৰত চৰকাৰক আবেদন জনাইছে।

নাগালেণ্ডৰ চেমা জনগোষ্ঠীৰ প্ৰভাৱশালী বংশগত গাঁৱৰ মুৰব্বী মঞ্চৰ সদস্যসকলে মংগলবাৰে পশ্চিম চুমী কুকামি হোহোৰ (ডব্লিউ এছ কে এইচ) গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত সংবাদ মাধ্যমক আগত কয় যে পশ্চিম চুমী নগাসকলৰ আগশাৰীৰ নাগৰিক সমাজৰ সংগঠনসমূহে ১৮ এপ্ৰিলত হোৱাইটো গাঁৱৰ আকাটো চোফিৰ বাসগৃহত আকাটো চোফিক সাক্ষাৎ কৰে।

ডব্লিউ এছ কে এইচৰ সভাপতি এন ভিক্টো আচুমিয়ে কয় যে এই বৈঠকৰ উদ্দেশ্য আছিল আকাটো গোটক যুদ্ধ বিৰতিৰ মৰ্যাদাৰ দিয়া তাতে হ’ব পৰা দলীয় সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ শান্তি বজাই ৰখা।

তেওঁ কয়, ‘আমি ভাৰত চৰকাৰক আৰু আবেদন জনাইছো যে আকাটোৰ গোটৰ সৈতে যুদ্ধবিৰতি চুক্তি আনুষ্ঠানিকতা আৰম্ভ কৰক। আখাহুটো এৰিয়া জিবিএছ ইউনিয়নৰ সভাপতি এল কে ছুই কয় যে আকাটোৰ সৈতে বৈঠকত মিলিত হোৱা কাৰ্যত চুমি সংগঠনসমূহক অন্য নগা সম্প্ৰদায়ে ভুল বুজিব নালাগে। শ্বুৱে কয়, ‘আকাটো চোফি এজন চুমি অৰ্থাৎ চেমা জনগোষ্ঠীৰ কিন্তু মনত ৰাখিব লাগিব যে তেওঁ প্ৰতিনিধিত্ব কৰা সংগঠনটো কেৱল চুমিসকলৰ বাবেই নহয়, ই সকলো নগাৰ বাবে।

তেওঁৰ মতে, যেতিয়া চৰকাৰে আন গোটৰ সৈতে যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰিছে । কিন্তু আকাটো চুমী গোটৰ সৈতে কিয় নোৱাৰে? তেওঁ লগতে কয় যে তেওঁলোকে এই সন্দৰ্ভত দিল্লীলৈ গৈ আবেদন কৰিব। ডব্লিউ এছ কে এইচৰ উপ-সভাপতি লোভিছে আচুমীয়েও একেধৰণৰ আৱেগ প্ৰকাশ কৰি কয় যে নগা ভাই-ভনীসকলৰ মাজত ৰক্তপাত ৰোধ কৰিবলৈ আৰু ঐক্যৰ পক্ষত থিয় দিবলৈ এই বৈঠক আহ্বান কৰা হৈছে। লগতে তেওঁ কয় যে বৈঠকত ভাৰত চৰকাৰক আকাটো চোফী ফৈদক যুদ্ধবিৰতিত অন্তৰ্ভুক্ত কৰিবলৈও আহ্বান জনায়।

উল্লেখযোগ্য যে ২০২১ চনৰ নৱেম্বৰ মাহত এন এছ চি এন (ৰিফৰ্মেচন গোট)ৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত এন এছ চি এন/জি পি আৰ এন আকাটো গোটে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰা বুলি কৈছে। দুয়োপক্ষই অৱশ্যে আনুষ্ঠানিক চুক্তিত স্বাক্ষৰ হোৱা নাই ।

ভাৰত চৰকাৰক এন এছ চি এন/জিপিআৰএন আকাটো চুমী গোটৰ সৈতে যুদ্ধবিৰতি চুক্তি আহবান চুমী ফ্ৰণ্টলাইন অৰ্গেনাইজেচনৰ
মথুৰাপুৰত গৃহস্থৰ চোতালে চোতালে কণ কণ শিশুৱে মাৰিছে বিহু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in