/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/0b18e996-988c-47be-adc0-7e94274d22a7/rati_bihu.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ হেঁপাহৰ ৰঙালী বিহুক লৈ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে মথুৰাপুৰতো গৃহস্থৰ ঘৰে ঘৰে এচাম চেমনীয়াই মাৰিছে চোতাল বিহু ৷ যি সময়ত হুঁচৰি দলসমূহে মঞ্চ তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ হুঁচৰি দল গঠন কৰিছে সেই সময়ত মথুৰাপুৰ কোঁৱৰ গাঁৱৰ অঞ্চলৰ এইসকল কণ কণ শিশু তথা কিশোৰ কিশোৰীয়ে সমন্বয় চেমনীয়া হুঁচৰি দল গঠন কৰি বিহুত গৃহস্থৰ চোতালত বিহু মাৰি আৰ্শীবাদ দিয়াৰ যি পৰম্পৰা সেই পৰম্পৰা অব্যাহত ৰখা দেখা গৈছে ৷
উল্লেখযোগ্য যে, বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত গছ তলৰ বিহু অথবা চোতালৰ বিহু গৈ মঞ্চ পালেগৈ । বছেৰেকৰ বিহুৰ দিনা চোতালত হুঁচৰি জুৰি গৃহস্থক আশীৰ্বাদ প্ৰদানৰ অসমীয়া সমাজৰ যি পৰম্পৰা সেইয়াও প্ৰায় এতিয়া নাইকীয়া হোৱাৰ উপক্ৰম ঘটিছে ৷ তাৰ মাজতে আধুনিকতাৰ লগত খোজ মিলাই বিহু মঞ্চত প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ এইদৰে গৃহস্থৰ চোতালে চোতালে বিহু মাৰি পূৰ্বৰ ঐতিহ্য ৰক্ষা কৰি মথুৰাপুৰ কোঁৱৰ চেমনীয়াসকলে ৷
Also Read: মৃত্যুৰ আশংকা কৰা বলজিৎ কৌৰক জীৱন্তে উদ্ধাৰ মাউন্ট অন্নপূৰ্ণাৰ পৰা