মিজোৰামত কাৰ পক্ষত নিৰ্বাচনী বতাহ...

মিজোৰামত কাৰ পক্ষত নিৰ্বাচনী বতাহ...
মিজোৰামত কাৰ পক্ষত নিৰ্বাচনী বতাহ...

লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেই ৫ ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামতো লাহে লাহে বলিছে নিৰ্বাচনী বতাহ। ৰাজ্যখনত মিজো নেশ্যনেল ফ্ৰণ্ট আছে শাসনত। যিটো দল এন ডি এৰ অংশীদাৰ। এইবাৰ মিজোৰামত বিধানসভাৰ নিৰ্বাচনৰ ফলাফল কি হ'ব পাৰে? অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

চুবুৰীয়া ৰাজ্য মিজোৰামত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। ২০১৮ বৰ্ষত ২৮ নৱেম্বৰত অনুষ্ঠিত হৈছিল ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচন। এইবাৰ নৱেম্বৰ, ডিচেম্বৰৰ ভিতৰতে দেশৰ আন ৪ খন ৰাজ্যৰ লগতে মিজোৰামতো বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।

১৩ ডিচেম্বৰ ২০২৩ ত অন্ত পৰিব চলিত মিজোৰাম বিধানসভাৰ কাৰ্যকাল। তাৰ পূৰ্বেই ৰাজ্যখনত অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন। নিৰ্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত বুজ লবলৈ ৬ ছেপ্টেম্বৰত ৩ দিনীয়া কাৰ্যসূচীৰে আইজললৈ আহিছিল দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ।

তেওঁক সংগ দিছিল দেশৰ আন দুগৰাকী নিৰ্বাচনী আয়ুক্তই। এই সময়তে নিৰ্বাচন আয়োগে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ তাৰিখ আৰু আন আইন, শৃংখলাজনিত পৰিস্থিতি পৰ্যালোচনা কৰে। আলোচনাত বহিছিল ৰাজ্যখনৰ মূল ৰাজনৈতিক দল আৰু জাতীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে।

উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়ত বিশেষ ভাৱে দৃষ্টি ৰাখিবলগীয়া হয় আয়োগে। কিয়নো দুখনকৈ বিদেশী ৰাষ্ট্ৰৰ সীমাৰ সৈতে সংলগ্ন মিজোৰাম।

ৰাজ্যখনৰ পূৱ আৰু দক্ষিণ সীমান্তত ম্যানমাৰ আৰু পশ্চিম সীমান্তত আছে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা। ড্ৰাগছ, ধন আৰু আন বে-আইনী কাৰ্যকলাপে নিৰ্বাচনী ফলাফলত যাতে বিশেষ প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লগা হয় আয়োগে।

৪০ জনীয়া মিজোৰাম বিধানসভাৰ ২০১৮ চনৰ নিৰ্বাচনত অকলেই ২৭ খন আসন লাভ কৰিছিল মিজো নেশ্যনেল ফ্ৰণ্ট চমুকৈ এম এন এফে। দলটোৱে মুঠ ২ লাখ ৩৮ হাজাৰ ১৬৮ টা ভোট লাভ কৰিছিল।

এম এন এফে লাভ কৰা ভোটৰ শতকৰা হাৰ আছিল ৩৭.৭ শতাংশ। ইফালে কংগ্ৰেছে এই নিৰ্বাচনত ১ লাখ ৮৯ হাজাৰ ৪০৪ টা ভোট লাভেৰে দ্বিতীয় স্থানত আছিল। দলটোৱে শতকৰা হাৰত মুঠ ভোটৰ ২৯.৯৮ শতাংশ লাভ কৰি দখল কৰিছিল ৫ খন আসন।

জ'ৰাম পিপলছ মোভমেণ্ট চমুকৈ জেড পি এমে এই নিৰ্বাচনত ৬ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে দলটোৱে লাভ কৰা মুঠ ভোটৰ শতকৰা হাৰ আছিল ২২.৯ শতাংশ।

বিজেপিয়ে ৫১ হাজাৰ ৮৭ টা ভোট লাভেৰে ২০১৮ৰ মিজোৰাম বিধানসভা নিৰ্বাচনত কেৱল এখন আসন লাভ কৰিছিল। দলটোৱে মুঠ ভোটৰ ৮.০৯ শতাংশ লাভ কৰিও এম এন এফৰ বুকুচাত উঠি শাসনৰ সোৱাদ লৈছিল।

২০২৩ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিজোৰামত তৎপৰ হৈছে পুনৰ বিজেপি। দলটোৰ মিজোৰামৰ সভাপতি ভানলাল মোৱাকাইয়ে অলপতে এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যখনত বিজেপি শাসনলৈ আহিলে প্ৰতিজন মিজো ভোটাৰক ৫ লাখকৈ টকা দিব বুলি ঘোষণা কৰিছে।

ইফালে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ প্ৰভাৱ মিজোৰামৰ জনতাৰ ওপৰতো পৰাত নিৰ্বাচনৰ পূৰ্বে এম এন এফৰ নেতৃত্বই এন ডি এৰ সংগ ত্যাগ কৰি অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাও নথকা নহয়। দলটোৰ বহু নেতাই মুখ্যমন্ত্ৰী জ'ৰামথাংগাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে ইতিমধ্যে।

সামাজিক মাধ্যমতো মণিপুৰৰ পৰিস্থিতিক লৈ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ স্থিতি বিজেপিৰ বিপক্ষে দেখিবলৈ পোৱা গৈছে। অৱশ্যে ৰাজ্যখনৰ নিৰ্বাচনত এম এন এফৰ নেতৃত্বই কি স্থিতি লয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

অৱশ্যে এম এন এফে ছ'চিয় ইকনমি ডেভলপমেণ্ট পলিচিৰ জৰিয়তে ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিব এই নিৰ্বাচনত। ইয়াৰ বিপৰীতে কংগ্ৰেছে নিউ লেণ্ড ইউজ পলিচিক নিৰ্বাচনৰ মুখ্য ইছ্যু কৰাৰ সম্ভাৱনা আছে।

এইখিনিতে উল্লেখনীয় যে ২০১৮ ৰ নিৰ্বাচনত ৬ খন আসনেৰে দ্বিতীয়স্থানত থকা জেড পি এমে ২৯ আগষ্টত ৰাজ্যখনৰ শক্তিশালী জাতীয় সংগঠন মাৰ পিপুলছ কনভেনশ্যনৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছে। সেই চুক্তি অনুসৰি ২০২৩ ৰ বিধানসভাৰ নিৰ্বাচনত সংগঠনটোৱে জেড পি এমক সমৰ্থন দিবলৈ সন্মতি দিছে।

এইবাৰ মিজোৰাম বিধানসভাৰ নিৰ্বাচনত নতুনকৈ ৪০ হাজাৰ ৯৩৪ জন ভোটাৰৰ নাম ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে। বিজেপিয়ে ৰাজ্যখনত তেওঁলোকৰ দখলত থকা বিধানসভা সমষ্টিৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰস্তুতি তুংগত তুলিছে।

ৰাজ্যখনৰ মূল আঞ্চলিক দল এম এন এফৰ বুকুচাত উঠি পুনৰ ক্ষমতাৰ সোৱাদ ল'বলৈ ইতিমধ্যে ব্লুপ্ৰিণ্ট ৰচিছে। কিন্তু পূৰ্বৰ দৰেই মিজোৰামত বিজেপিয়ে এইবাৰ শাসনক সোৱাদ লাভ কৰাতো সহজ হৈ থকা নাই।

মিজোৰামত কাৰ পক্ষত নিৰ্বাচনী বতাহ...
ভ্ৰাম্যমাণ থিয়েটাৰ থাকিব নাথাকিব ৰুচিশীল দৰ্শক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in