ভ্ৰাম্যমাণ থিয়েটাৰ থাকিব, নাথাকিব ৰুচিশীল দৰ্শক !

ভ্ৰাম্যমাণ থিয়েটাৰ থাকিব নাথাকিব ৰুচিশীল দৰ্শক !
ভ্ৰাম্যমাণ থিয়েটাৰ থাকিব নাথাকিব ৰুচিশীল দৰ্শক !

১৯৬৩ ৰ আজিৰ দিনটোতে আৰম্ভ হৈছিল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ যাত্ৰা। পৃথিৱীতে বিৰল এই ভ্ৰাম্যমাণ থিয়েটাৰে জন্মৰে পৰা এতিয়ালৈকে এই দীঘলীয়া যাত্ৰাত বহু উত্থান, পতনৰ সন্মুখীন হৈছে। জনপ্ৰিয়তাৰ সোণালী যুগত উপনীত হৈ পুনৰ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈছে। সৃষ্টি হৈছে অনেক বিতৰ্ক। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

''শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ। জয় জয়তে আপোনালোকলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছো। এই শাৰদীয় বতৰতে আপোনালোকৰ মাজলৈ মাত্ৰ তিনিটি নিশাৰ বাবে নাট পৰিবেশন কৰিবলৈ আহিছে অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ আগশাৰীৰ নাট্যদল....।''

কিছু বছৰৰ আগলৈকে অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে এই বাক্যশাৰী মাইকেৰে শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল সৰ্বশ্ৰেণীৰ নাগৰিক। এতিয়াও অসমৰ ভিন্ন প্ৰান্তত অতি কমেও ১০খন ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শন কৰি আছে।

কিন্তু এতিয়া আগৰ দৰে ভ্ৰাম্যমাণৰ নাটককলৈ সাধাৰণ মানুহৰ মাজত নাই পূৰ্বৰ সেই উৎসুকতা। তথাপিও মৰম, আশীৰ্বাদ বিচাৰি ৰাইজৰ মাজলৈ গৈছে এই ভ্ৰাম্যমাণ থিয়েটাৰসমূহ। ৰাইজেও পাৰ্যমানে সেই মৰম দি আঁকোৱালি লৈছে।

ভ্ৰাম্যাণ থিয়েটাৰৰ এক ইতিহাস আছে। সংগ্ৰাম, সংঘাতৰ মাজেৰে জনপ্ৰিয়তাৰ শীৰ্ষলৈ আৰোহণ কৰি এক সোণালী সময়ৰ মাজেৰে অতিক্ৰমী ভ্ৰাম্যমাণ থিয়েটাৰে আজিৰ পৰ্যায়ত উপনীত হৈছে। বহু উত্থান, পতনৰ সাক্ষী হৈছে ভ্ৰাম্যমাণ থিয়টাৰ।

সেয়া আছিল ১৯৬৩ চনৰ ২ অক্টোবৰৰ কথা। তেতিয়াৰ অবিভক্ত কামৰূপ জিলাৰ এখন সৰু মচলীয় চহৰৰ সমীপৰ দুই, এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা মেন্থল লাইটৰ পোহৰ পথলৈ বিচ্ছুৰিত হৈ আহিছে।

অৱশ্যে উল্লেখিত চহৰখনে তেতিয়াও চহৰৰ প্ৰকৃত ৰূপ লোৱা নাই। চহৰীয়া এক ধং ল'বলৈ আৰম্ভ কৰিছেহে মাত্ৰ। তেতিয়ালৈকে চহৰৰ ৰূপ ধাৰণ কৰিবলৈ লোৱা অঞ্চলটোলৈ বিজুলী সৰবৰাহ হোৱাই নাই।

সেই নিৰ্দিষ্ট সন্ধিয়াটোত কাষৰীয়া বিভিন্ন অঞ্চলৰ পৰা অলেখলোকে ভিৰ কৰিছেহি নিৰ্দিষ্ট ঠাইডোখৰত। ঠাইডোখৰত নিৰ্মাণ কৰি উলিওৱা হৈছে এক অস্থায়ী মঞ্চ। সকলোৰে প্ৰতীক্ষাৰ অন্ত পেলাই অচ্যুত লহকৰ আৰু সদা লহকৰৰ প্ৰযোজনাত সেই নিশা মেন্থল লাইটৰ পোহৰত আৰম্ভ হ'ল নটসূৰ্য ফণী শৰ্মাৰ দ্বাৰা ৰচিত আৰু চন্দ্ৰ চৌধুৰীৰ পৰিচালিত 'ভোগজৰা' নাটকখনৰ মঞ্চায়ন।

তেতিয়া চহৰীয়া ধং লোৱা পাঠশালাৰ হৰিমন্দিৰৰ প্ৰাংগণত সেই নিশা সূচনা হ'ল অসমৰ নাট্যজগতৰ এক নতুন ইতিহাস। সেয়া আছিল অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী 'নটৰাজ' থিয়েটাৰৰ প্ৰথমবৰ্ষৰ প্ৰথমখন নাট। ইয়াৰ পাছত তেওঁলোকে আন তিনিখন নাট উত্তম বৰুৱাৰ "জেৰেঙাৰ সতী", অতুল চন্দ্ৰ হাজৰিকাৰ "টিকেন্দ্ৰজিৎ", "হায়দৰ আলি" মঞ্চায়ন কৰে।

নটৰাজ থিয়েটাৰে সেইবাৰ হৰিমন্দিৰ প্ৰাংগণৰ অস্থায়ী মঞ্চত আধুনিক যন্ত্র, সংগীত, পােহৰ ব্যৱস্থাপনাৰে প্ৰথমবাৰৰ বাবে নাট মঞ্চস্থ কৰিছিল। সেইবাৰ প্ৰথমবৰ্ষৰ ৰংগমঞ্চখন আছিল চলন্ত।

পাঠশালাৰ পৰা আৰম্ভ হোৱা নটৰাজ নাট্যগোষ্ঠীক ভ্ৰাম্যমাণ থিয়েটাৰ হিচাপে অৱশ্যে স্বীকৃতি দিছিল ৰাধাগোবিন্দ বৰুৱাই। গুৱাহাটী টাউন ক্লাৱৰ সাহাৰ্যাথে নাট পৰিবেশনৰ বাবে নিমন্ত্ৰণ কৰি অনা নটৰাজৰ নাট পৰিবেশনৰ বিস্ময়কৰ উপস্থাপন দেখি অভিভূত হৈ পৰিছিল সিংহপুৰুষগৰাকী। সেয়ে তেওঁৱেই ইয়াক ভ্ৰাম্যমাণ থিয়েটাৰ আখ্যা দিছিল।

ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰথমে নাছিল গেলাৰীৰ ব্যৱস্থা। হৰেন দাসৰ ‘ডায়মণ্ড চাৰ্কাছ'ৰ গেলাৰীৰ ধাৰণাৰ পৰা অচ্যুত লহকৰে গেলাৰী ব্যৱস্থাটো তৃতীয় বৰ্ষৰ পৰা ভ্রাম্যমাণত আৰম্ভ কৰিছিল।

নটৰাজ থিয়েটাৰৰ সমসাময়িক 'সুৰদেৱী' থিয়েটাৰে মঞ্চ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰথম সম্পৰীক্ষা চলাইছিল। থিয়েটাৰ গোষ্ঠীটোৱে ১৯৬৬ চনত তিনিখন স্থিতিশীল মঞ্চৰ উদ্ভাৱন কৰে। কিন্তু ১৯৬৭ চনত 'মঞ্চৰূপা' থিয়েটাৰে প্ৰৱৰ্তন কৰা দুখন স্থিৰ মঞ্চৰ ধাৰণাটোৱেই বৰ্তমানেও অব্যাহত আছে।

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মৰ প্ৰংসগ উত্থাপন হ'লে অৱধাৰিত ভাৱেই আহিব কলাগুৰু, বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম। আধুনিক অসমীয়া নাট্যৰ বিকাশত বিষ্ণুপ্ৰসাদ ৰাভাই যথেষ্ট সহায় কৰিছিল। ভ্ৰাম্যমাণ থিয়েটাৰে অসমৰ নাট্য জগতত যি বিপ্লৱ সৃষ্টি কৰিলে সেই বিপ্লৱত ৰাভাই অভিনৱ বিষয়বস্তু, মঞ্চশিল্প অভিনয় কৌশলৰ প্ৰৱৰ্তনেৰে মূল আহুতি ঢালিলে। আনকি ৰাভাই সামাজিকভাৱে প্ৰাসংগিক আৰু লিংগ বৈষম্য আৰু দুৰ্নীতি আদি বিষয়ক সম্বোধন কৰা বহুতো নাটকো ৰচনা কৰিলে।

ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মৰ ঠিক ৩ বছৰৰ পাছত এই জগতখনৰ সৈতে জড়িত হৈ পৰিছিল সুধাকণ্ঠ ভূপেন হাজৰিকা। তেওঁ ১৯৬৬ চনত 'পূৰ্বজ্যোতি' থিয়েটাৰৰ সংগীত পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পাছতেই সংগীত ভ্ৰাম্যমাণ থিয়েটাৰৰ এক এৰাব নোৱাৰা অংশ হৈ পৰে।

সময়ৰ সৈতে খোজ মিলাই অসমত বহু কেইখন ভ্ৰাম্যমাণ থিয়েটাৰে জন্মলাভ কৰে। কহিনুৰ, বৰদৈচিলা, আৱাহন, সুদৰ্শন, সূৰ্য্য, ইতিহাস, ৰাজতিলক, নটসূর্য, ভাগ্যদেৱী, প্ৰাগজ্যোতিষ, সূৰুয, নয়নতৰা, বীণাপাণি, মাতৃভূমি, বৃন্দাবন, হেঙুল, চিৰঞ্জীৱ, ৰাজমুকুট, ৰুদ্ৰাক্ষ, লুইতপৰীয়া আদি উজনি, নামনিৰ ভ্ৰাম্যমাণ থিয়েটাৰে আজিও বিভিন্ন প্ৰান্তত নাট প্ৰদৰ্শন কৰিছে।

একেদৰে এসময়ত দৰ্শকৰ হৃদয়ত থিতাপি লোৱা বহু ভ্ৰাম্যমাণ থিয়েটাৰ সময়ৰ চাকনৈয়াত হেৰাই গৈছে। 'শ্ৰীমন্ত শংকৰদেৱ' থিয়েটাৰ গোষ্ঠী তাৰ জ্বলন্ত উদাহৰণ। তাৰোপৰি বড়ো, নেপালী ভাষাৰো কেইখনমান ভ্ৰাম্যমাণ থিয়েটাৰে জন্মলাভ কৰিছিল যদিও আজি তাৰ অস্তিত্ব পাবলৈ নাই।

এনে দুৰ্যোগৰ পাছতো অৱশ্যে শেহতীয়াকৈ আন কেইবাখনো নতুন থিয়েটাৰে আত্মপ্ৰকাশৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ঘোষণা কৰিছে ২০২৪-২৫ বৰ্ষৰ বাবে তেওঁলোকৰ সৈতে চুক্তিবদ্ধ হোৱা গ্লেমাৰ শিল্পী আৰু নাটকৰ নাম।

ভ্ৰাম্যমাণ থিয়েটাৰক লৈ নানান ধৰণৰ সম্পৰীক্ষা হৈছে। এই সম্পৰীক্ষাই যদি কেতিয়াবা ভ্ৰাম্যমাণ থিয়েটাৰক নতুন মাত্ৰা প্ৰদান কৰিছে, কেতিয়াবা আকৌ সেই সম্পৰীক্ষাই ভ্ৰাম্যমাণৰ ক্ষেত্ৰতখনক কলুষিত কৰিছে।

১৯৭৬ চনত ব্ৰজনাথ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি নিবেদনেৰে ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ে আৰম্ভ কৰে কহিনুৰ থিয়েটাৰ। আত্মপ্ৰকাশ কৰিয়েই কহিনুৰ থিয়েটাৰে নতুন জাগৰণ আনিবলৈ সক্ষম হৈছিল। ১৯৮০ চনত কহিনুৰৰ মঞ্চলৈ আগমণ ঘটিছিল চলচ্চিত্ৰ জগতৰৰ গ্লেমাৰৰ।

সেইবাৰ ছবি এৰি থিয়েটাৰৰ মঞ্চত প্ৰৱেশ কৰিছিল নিপন গোস্বামীয়ে। কহিনুৰ থিয়েটাৰৰ মঞ্চত বহু কেইখন ধ্ৰুপদী নাটকৰ মঞ্চায়ন হয়। শ্বেক্সপীয়েৰ ‘ক্লিওপেট্ৰা’, ‘হেমলেট’, ‘মাটিৰ গাড়ী’ (মৃচ্ছকটিকম), ‘বাঘজাল’, ‘শৰাগুৰি চাপৰি’, ‘বিষ্ণু ৰাভা’, ইংৰাজী চলচ্চিত্ৰৰ নাট্য ৰূপান্তৰ ‘বেনহুৰ’, ‘টাইটানিক’, ‘ইডিপাচ’ আদি নাটকৰ মঞ্চায়ন কৰি কহিনুৰে সাহসী পদক্ষেপ গ্ৰহণ কৰে।

এই কহিনুৰৰ মঞ্চতেই সম্পৰীক্ষা ঘটে বিভিন্ন কাৰিকৰী কৌশলৰ। কহিনুৰৰ মঞ্চত আধুনিক যি কাৰিকৰী কৌশলৰ সমাগম ঘটিল, বিভিন্ন কাৰুকাৰ্যৰে চমক সৃষ্টি কৰি দৰ্শকক আশ্চৰ্যচকিত কৰি তুলিলে। সেই সম্পৰীক্ষাই পৰৱৰ্তী সময়ত ভ্ৰাম্যমাণৰ মানদণ্ডক বহু নিম্নমুখী কৰিলে বুলি অভিযোগেৰে অভিযুক্ত।

ইয়াৰোপৰি চৌৰ্যবৃত্তিত লিপ্ত হোৱা একাংশ নাট্যকাৰে দক্ষিণ ভাৰতীয় চিনেমাৰ পৰা কাহিনী চোৰ কৰি অসমৰ ভ্ৰাম্যমাণ নাটকত ব্যৱহাৰ কৰাৰ সমান্তৰালকৈ হিন্দী চিনেমাৰ আইটেম ছঙৰ আৰ্হিত বিভিন্ন নৃত্য, গীতৰ সমাহাৰ ঘটোৱাত ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীসমূহক অধিক কাৰিকৰী কৌশলত গুৰুত্ব আৰোপ কৰিবলৈ বাধ্য কৰালে।

সময়ৰ সৈতে খোজ মিলাই এই কাৰিকৰী কৌশলৰ আগমণ যদিও এইবোৰে তাৰ সমান্তৰালকৈ নাটকত অভিনেতা, অভিনেত্ৰীৰ সাৱলীল অভিনয়, শক্তিশালী কাহিনী, সংলাপ আদিক দুৰ্বল কৰি তুলিলে। স্বকীয় বৈশিষ্টৰে পৰিপূৰ্ণ ভ্ৰাম্যমাণ থিয়েটাৰক শক্তিশালী উদ্যোগলৈ ৰূপান্তৰ কৰাৰ নামত কেৱল ব্যৱসায়িক স্বাৰ্থ আগত ৰাখি কলা আৰু শিল্পীক পণ্যলৈ ৰূপান্তৰেৰে ভ্ৰাম্যমাণ থিয়েটাৰত যি দক্ষিণ ভাৰতীয় ছবি, বলিউৰ ছবিক নকল কৰাৰ প্ৰৱণতা গঢ়লৈ উঠিল সেই প্ৰৱণতাই ধীৰে ধীৰে উদ্যোগলৈ ৰূপান্তৰ হোৱা এই শিল্পী-শিল্পৰ সংমিশ্ৰণ ক্ষেত্ৰখনক ধ্বংসৰ দিশলৈহে লৈ গ'ল।

সময়ৰ সৈতে খোজ মিলাবলৈ গৈ ভ্ৰাম্যমাণ থিয়েটাৰ এনে পৰ্যায়াত উপনীত হ'লগৈ যে আজিৰ তাৰিখত পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে একেলগে বহি ভ্ৰাম্যমাণৰ নাট উপভোগ কৰিব নোৱাৰা এক অৱস্থা। নাটকৰ মাজত পৰিবেশন কৰা নৃত্য, গীতত অভিনেত্ৰী, নৃত্যশিল্পীৰ দেহ প্ৰদৰ্শন কাৰ্যক মানি ল'ব পৰা নাই বহু নাটকবলীয়া ৰাইজে।

ভ্ৰাম্যমাণ থিয়েটাৰৰ মজিয়াত সৃষ্টি হোৱা এনে বিপৰ্যয়ৰ মাজতে আকৌ বিশ্বই সন্মুখীন হোৱা কোভিড পৰিস্থিতিয়ে ভ্ৰাম্যমাণ থিয়েটাৰক যেন মৃত্যুৰ দিশলৈহে ঠেলি পঠিয়ালে। অৱশ্যে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজন গোষ্ঠী আৰু চৰকাৰৰ সৈতে হোৱা আলোচনাই এই উদ্যোগটোক জীয়াই থকাৰ বাবে কিছু সকাহ প্ৰদানৰ উদ্দেশ্যেৰে আৰ্থিক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিলে।

কেইবাটাও থিয়েটাৰ গোষ্ঠীয়ে অসম চৰকাৰৰ পৰা ১০ লাখকৈ টকা আৰ্থিক ক্ষতিপূৰণ লাভ কৰাৰ উপৰি নাট্যকৰ্মীসকলে ৫০ হাজাৰকৈ টকা আৰ্থিক সাহায্য লাভ কৰিলে। আজিৰ গ্লেমাৰ সৰ্বস্ব ভ্ৰাম্যমাণ থিয়েটাৰত যদিও একাংশ শিল্পীয়ে প্ৰচুৰ ধন লাভ কৰিছে, কিন্তু তাৰ বিপৰীতে আন একাংশ শিল্পীৰ আৰ্থিক দুৰৱস্থাই বহু প্ৰশ্নৰে অৱতাৰণা কৰে।

ইয়াৰোপৰি ভ্ৰাম্যমাণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই আজিৰ তাৰিখত ভ্ৰাম্যমাণ থিয়েটাৰ, নাটকৰ অনুৰাগীৰ মনত আঘাত দিছে। আনহাতে সময়ৰ সৈতে ভ্ৰাম্যমাণ থিয়েটাৰৰ টিকটৰ মূল্যও বৃদ্ধি হৈছে।

একোখন ভ্ৰাম্যমাণ থিয়েটাৰে এটা নিশাৰ নাট প্ৰদৰ্শনৰ বিনিময়ত লাখৰো অধিক ঘৰত ধন লোৱাৰ বাবেই থিয়েটাৰ কমিটিবোৰে টিকটৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। যদিও অন্যান্য খৰচৰ কথা আছে তাৰ মাজতো থিয়েটাৰ গোষ্ঠীসমূহে গ্লেমাৰ আৰ্টিষ্টক অভিলেখসংখ্যক ধনেৰে চুক্তি কৰাৰ বাবেই তেওঁলোকে প্ৰতিনিশা লাখৰ ওপৰত ধন ল'বলৈ বাধ্য।

অন্যথা চুক্তি অনুসৰি শিল্পীক ধন দিব নোৱাৰে প্ৰযোজকসকলে। নাট্যবৰ্ষ শেষ হোৱাৰ সময়ত চুক্তি অনুসৰি শিল্পীক ধন দিবলৈ নোৱাৰি প্ৰযোজক পলাই যোৱাৰ উদাহৰণো বহু আছে।

সেয়েহে সেই ধন আদায় দিবলৈকে আজিৰ তাৰিখত ভ্ৰাম্যমাণৰ ৩ দিনৰ ৩খন নাটক চাবলৈ এজন দৰ্শকে ১০বাৰ ভাবিবলগীয়া এক পৰিস্থিতিৰ সূচনা হৈছে। আৰু ইয়াৰ প্ৰভাৱ ভ্ৰাম্যমাণ গোষ্ঠীৰ ওপৰত পৰাৰ সমান্তৰালকৈ ইয়াৰ সৈতে জড়িত অন্য কলা-কুশলীৰ ওপৰত পৰিছে।

সেয়া যিয়েই নহওক, অসমত এতিয়াও এনে এচাম লোক আছে যি নাটকবলীয়া। যিয়ে নাটক চাই ভাল পায়। এই লোকসকলে যিমানদূৰ পাৰি গৈ ভ্ৰাম্যমাণৰ নাটক উপভোগ কৰি নাটকৰ ভোক নিবাৰণ কৰে।

এইলোকসকলৰ বাবেই ভ্ৰাম্যমাণ থিয়েটাৰ চলি থাকিব। কিন্তু তাৰ মাজতে ভ্ৰাম্যমাণ থিয়েটাৰসমূহে আকৌ এচাম ৰুচিশীল দৰ্শক গঢ়ি তুলিব পাৰিব লাগিব। এখন ভাল চিনেমা চাবলৈ যিদৰে গাঁৱৰ পৰা আজিও মানুহ হিলদল ভাঙি চহৰৰ চিনেমা হললৈ যায় ঠিক সেইদৰে ভাল নাটক উপভোগ কৰিবলৈ এই লোকসকল থিয়টাৰৰ প্ৰেক্ষাগৃহলৈ আহিবই।

কিন্তু ইয়াৰ বাবে অধিক দায়িত্বশীল হ'ব লাগিব থিয়েটাৰ গোষ্ঠীসমূহ। যিবোৰ গঠনমূলক সমালোচনা হৈছে সেইবোৰ গ্ৰহণ কৰি ভুলবোৰ শুধৰণি কৰিবলৈ চেষ্টা কৰক। বছৰত গণ্ডা গণ্ডাই নাটক লিখি, চিৰনমস্যৰ সৃষ্টিকো বিকৃত কৰিবলৈ কুণ্ঠাবোধ নকৰা, ভ্ৰাম্যমাণত ছিণ্ডিকেট চলোৱাৰ অভিযোগেৰে অভিযুক্ত এচাম নাট্যকাৰক এই জগতখনৰ পৰা আঁতৰাই ৰাখিবলৈ পাৰ্যমানে চেষ্টা কৰক।

অন্যথা শক্তিশালী উদ্যোগলৈ ৰূপান্তৰ হ'বলৈ ধৰাৰ সময়তে বিপৰ্যয়ৰ সন্মুখীন হোৱা এই উদ্যোগটো পুনৰ মূৰ দাঙি থিয় হ'বলৈ নোৱাৰোটেই শেষ হৈ যোৱাৰ উপক্ৰম হ'ব। ভ্ৰাম্যমাণৰ মঞ্চত নাটকৰ নামত থাকিবগৈ কেৱল অৰ্ধনগ্ন নৰ্তকীৰ উদ্দাম নৃত্য। মঞ্চৰ সন্মুখত থাকিব এনে এচাম দৰ্শক যিয়ে ৰং বিৰঙি লাইটৰ পোহৰত জিলিকি উঠা অৰ্ধ নগ্ন নৰ্তকীৰ দেহৰ ভাজ দেখি কিৰিলি পাৰি উঠিব।

ভ্ৰাম্যমাণ থিয়েটাৰ থাকিব নাথাকিব ৰুচিশীল দৰ্শক !
শিক্ষকৰ চাকৰি,নাই আহৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in