অৰুণাচলত আৰম্ভ হৈছে তুষাৰপাত, একাংশ অঞ্চল ভ্ৰমণ নকৰাৰ আহ্বান পৰ্যটকক

অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে তুষাৰপাত। টাৱাং, চেলা পাছ, বমডিলা, মেছুকা, আনিনি, টাকচিন আদি ঠাইত ডিচেম্বৰৰ শেষ সপ্তাহত হোৱা বৰষুণৰ লগে লগে তুষাৰপাত হৈছে।

author-image
Asomiya Pratidin
New Update
অৰুণাচলত আৰম্ভ হৈছে তুষাৰপাত, একাংশ অঞ্চল ভ্ৰমণ নকৰাৰ আহ্বান পৰ্যটকক

ডিজিটেল সংবাদ, অৰুণাচল: অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে তুষাৰপাত। টাৱাং, চেলা পাছ, বমডিলা, মেছুকা, আনিনি, টাকচিন আদি ঠাইত ডিচেম্বৰৰ শেষ সপ্তাহত হোৱা বৰষুণৰ লগে লগে তুষাৰপাত হৈছে।

Advertisment

অসমৰ পৰা নিচেই কাষতে থকা ল'ৱাৰ দিবাং ভেলী জিলাৰ মায়'ডিয়াত প্ৰায় ২ দিন পূৰ্বৰ পৰা তুষাৰপাত হ'বলৈ আৰম্ভ কৰাত পৰ্যটকৰ ভিৰ পৰিলক্ষিত হৈছে। কিন্তু মায়'ডিয়া পাছত হোৱা প্ৰৱল তুষাৰপাতৰ বাবে আনিনি অভিমুখী এখন বোজাই ভৰ্তি ট্ৰাক পথৰ মাজতে আবদ্ধ হৈ পৰাত জিলা প্ৰশাসনে বুধবাৰে আবেলিৰ পৰা সেই পথেৰে যানবাহনৰ চলাচল বন্ধ কৰি দিছে।

বৰফৰ মাজত আৱদ্ধ হৈ পৰা ট্ৰাকখন বৰফৰ বাবে যিকোনো মুহূৰ্তত পথৰ পৰা বাগৰি পৰিব পাৰে। জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত সৌম্য সৌৰভে এক নিৰ্দেশ যোগে মায়'দিয়া অভিমুখী পথটো মুকলি নকৰা পৰ্যন্ত বিশেষকৈ অসমৰ পৰ্যটকক মায়'দিয়া ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে বৰফৰ আনন্দ ল'বলৈ যোৱাৰ সময়ত পথৰ ওপৰত পৰা বৰফৰ বাবে গাড়ীৰ চকাই খোপনি হেৰুৱায় পথৰ পৰা বাগৰি পৰাৰ বহু ঘটনা পূৰ্বতে সংঘটিত হৈছে অৰুণাচল প্ৰদেশত।

আৰু পঢ়ক: ধৈৰ্যৰ আঁৰত আছে এখন সুন্দৰ পৃথিৱী...

assam snowfall arunachal pradesh