ধৈৰ্যৰ আঁৰত আছে এখন সুন্দৰ পৃথিৱী...

মনুষ্যৰ অলংকাৰ সদৃশ ধৈৰ্য আৰু চেতনা শক্তি।এই গুণেই মানুহৰ জীৱন সুখময় কৰি তোলে। জীৱন মানুহে সফল হ'বলৈ হ'লে সংগ্ৰাম কৰিবই লাগিব।
ধৈৰ্যৰ আঁৰত আছে এখন সুন্দৰ পৃথিৱী...

বৰষা শৰ্মা

মনুষ্যৰ অলংকাৰ সদৃশ ধৈৰ্য আৰু চেতনা শক্তি।এই গুণেই মানুহৰ জীৱন সুখময় কৰি তোলে। জীৱন মানুহে সফল হ'বলৈ হ'লে সংগ্ৰাম কৰিবই লাগিব। সেয়ে কোৱা হয় জীয়াই থকাৰ আন এটা নামেই সংগ্ৰাম। জীৱন নামৰ তিনিটা আখৰত সোমাই আছে এক অবিৰত যাত্ৰা। এই যাত্ৰাত থাকে দোষ-গুণ, ভাল-বেয়া, ক্ষমা আদি বহুতো।

মানুহৰ এই জীয়াই থকাৰ সংগ্ৰামখিনি ইমান সহজ নহয়। আমি নাজানো জীৱনৰ অন্তিম যাত্ৰা ক'ত।  নাজানো বাবে হয়তো জীৱনটো ভালদৰে জীয়াই থকাৰ মাদকতা প্ৰতিদিনে বৃদ্ধি পায়। আমি সপোন দেখো, সপোনবোৰে গাজলি মেলে, আৰু সেই গাজলিক এডাল বৃহৎ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব আমাৰ।

জীৱনৰ অৰ্থ আচলতে কি? হয়তো তেনে কোনো সংজ্ঞা নাই, কিন্তু সুখ-দুখ, প্ৰাপ্তি-অপ্ৰাপ্তি আদিৰ মাজেদি আমি যি সাহেসেৰে আগবাঢ়ি যাঁও সেয়াই হয়তো জীৱন।জীৱনৰ আছেনো কি? বিশ্ব ব্ৰহ্মাণ্ডৰ এই মহাশূণ্যক জীৱনৰ অস্তিত্ব বিচাৰি পোৱাতো অসম্ভৱ। তথাপিও জীৱন নামৰ এই ধাৰণা আৰু উপসনাই মানুহক লালায়িত কৰে।

জীৱন এটা আৰম্ভ হোৱাৰ লগে লগে মৃত্যু নামৰ সত্যটি লগে লগে আহে। মানৱ জীৱনত স্থায়ীত্ব একো নাথাকিলেও মানুহে এই সংগ্ৰাম সুখময় কৰাৰ চেষ্টা কৰে।

গীতাত উল্লেখ থকা মতে জীৱন কৰ্মৰে অংশ। গতিকে জীৱন এটা ভালদৰে পাৰ কৰিবলৈ মনোবল,সাহস, ধৈৰ্য, দৃঢ়তা আদিয়েই ইয়াৰ সাৰথি। জীৱনৰ কৰ্মক্ষেত্ৰত ধৈৰ্য, আৰু আন্তৰিকতাকে অগ্ৰসৰ হ'লে জয় সদা নিশ্চিত।

ধৈৰ্য অবিহনে জীৱন আধৰুৱা। ধৈৰ্য নহ'লে আমি কোনোৱে জীৱন যুঁজত আগবাঢ়িব নোৱাৰিম। কেৱল কৰ্মক্ষেত্ৰতে নহয়, সম্পৰ্কৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰতিটো খোজতেই একমাত্ৰ আহিলা যিয়ে আপোনাক এক উচিত দিশ নিৰ্ণয় কৰায়।

কিন্তু এতিয়া মানুহৰ হৈছে কি? ভোগবাদী এই দুনীয়াত অসুখী হৈ পৰিছে সকলো। ধৈৰ্য চেতনা হেৰুৱাই মানুহ অসুৰৰ দৰে হোৱাৰ উপক্ৰম।প্ৰতিযোগীতাৰ দৌৰত যেন হেৰাই হৈছে জীয়াই থকাৰ অস্তিত্ব।

জীৱন মানেতো প্ৰতিযোগীতা নহয়! তেন্তে মানুহবোৰ অস্তিত্বহীন কিয় হৈ পৰিছে। প্ৰাপ্তিৰ পাছত দৌৰি দৌৰি মানুহ কোনোবাখিনিত অকলশৰীয়া হৈ পৰিছে। হেৰুৱাই পেলাইছে নিজক।

সকলোফালে কেৱল ঘৃণা, বিশ্বাসঘাটকতা আদি। মানুহৰ ধৈৰ্যহীনতা বৃদ্ধি পোৱাৰ লগে লগে মানুহবোৰ বেছি অকলশৰীয়া হৈ পৰিছে। ধৈৰ্য নোহোৱাৰ ফলতে মানুহে আপোনজনক বেয়াকৈ ক'বলৈ কুণ্ঠাবোধ নকৰে। ধৈৰ্য নোহোৱাৰ বাবে কোনোবা এটা হ'বলগীয়া কামো মানুহে হেৰুৱাই পেলায়।

আমি ছ'চিয়েল মিডিয়াত লক্ষ্য কৰিলেই দেখা পাঁও যে মানুহবোৰ কিমান নিষ্ঠুৰ হৈ পৰিছে। ভালতকৈ বেয়া খবৰ বেছি। মানুহে মানুহক কথাৰে আক্ৰমণ কৰিছে। কোনোবাৰ বেয়াতো দেখি কোনোৱে সান্তনা লভিছে।

মানৱীয়তা হেৰুওৱাৰ উপক্ৰম। সেয়ে কাৰোবাৰ দুখতো একাংশই ঠাট্টা মস্কৰা কৰিবলৈ লৈছে। কাৰোবাৰ মৃত্যু, বিবাহ, সম্পৰ্ক আদিও মানুহৰ বাবে হাঁহিৰ কাৰণ হৈ পৰিছে। সেয়ে হয়তো ছ'চিয়েল মিডিয়াত পোষ্ট এটা শ্বেয়াৰ কৰাৰ আগতে মানুহৰ ভাবিবলৈ সময় নাথাকে ইয়াৰ আঁৰত থকা মানুহৰজনৰ মানসিক অৱস্থা কি হৈ পৰিব।

সকলোৰে সহ্য শক্তি একেই নহয়। সবেই সকলো কথা সহজ ভাৱে ল'ব নোৱাৰে। কিন্তু অসুস্থ প্ৰতিযোগিতাৰ যুঁজ খনত মানুহ এতিয়া আৱদ্ধ হৈ পৰিছে।

সামৰ্থ অনুসৰি বিবেকৰ বাচ-বিচাৰ কৰাৰ সলনি আত্ম জ্ঞানৰ পৰা আঁতৰি এক বিহ্বল, অচেতন প্ৰজ্ঞাই মানুহৰ জ্ঞানৰ দুৱাৰ খুলি দিব নোৱাৰে। সেই উপলব্ধি কৰিব নোৱাৰাৰ বাবেই আত্ম বিশ্লেষণ নাই ,আছে আত্মশ্লাঘা।

গতিকে এনে পৰিস্থিতিৰ মাজত ধৈৰ্য প্ৰয়োজন। জীৱনৰ ৰং সমূহ বিচাৰি উলিওৱাত ধৈৰ্যই সহায় কৰে। সেয়ে মুহুৰ্তৰ বাবে অন্যমনস্ক হৈ পৰা আমি বোৰৰ বাবে ধৈৰ্য, চেতনাই একমাত্ৰ আহিলা। ইমানৰ পাছতো আমাৰ বাবে আছে এখন সুন্দৰ পৃথিৱী। ধৈৰ্যৰ আঁৰত থকা সেই পৃথিৱী খনৰ আমি যোগ্য। সেয়ে ধৈৰ্য ধৰক , জীৱনটো উপভোগ কৰক আৰু জীৱনটোৰ বাৰে বাৰে প্ৰেমত পৰক...

আৰু পঢ়ক: উচ্ছেদিত পৰিয়ালৰ মাজত কম্বল বিতৰণ সমাজকৰ্মী জিয়াউল ইছলামৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in