মণিপুৰত ১১.৬৩৬ কোটি টকাৰ বাৰ্মিজ চুপাৰী আৰু কাঠ জব্দ

মণিপুৰত ১১.৬৩৬ কোটি টকাৰ বাৰ্মিজ চুপাৰী আৰু কাঠ জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ অবৈধ বাৰ্মিজ চুপাৰী সহ অন্যান্য চোৰাং সামগ্ৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে অসম ৰাইফলছে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই অসম ৰাইফলছে কামজং জিলাৰ পৰা জব্দ কৰিছে বাৰ্মিজ চুপাৰী আৰু কাঠ ভৰ্তি ১৭ খন ট্ৰাক।

অসম ৰাইফলছৰ এক সুত্ৰই সদৰি কৰা মতে, কামজঙ জিলাৰ কাঙপাত আৰু ছানকালক এলেকাত অভিযান চলাই জব্দ কৰা হয় এই চুপাৰী আৰু কাঠ ভৰ্তি ১৭ খন‌ ট্ৰাক । ট্ৰাক কেইখনৰ ১২০৫ বস্তা চুপাৰী জব্দ কৰা হয়। জব্দকৃত চুপাৰী খিনিৰ ওজন ৯৬.৪ টন আৰু ইয়াৰ মূল্য প্ৰায় ১১.৫৬৮ কোটি টকা।

আনহাতে, অবৈধ ভাবে সৰবৰাহ কৰা ৮৫০ কিউবিক ফুট মুল্যবান কাঠো জব্দ কৰা হয়। জব্দ কৰা কাঠ খিনিৰ মুল্য প্ৰায় ৬.৮ লাখ টকা । বাজেয়াপ্ত কৰা চুপাৰী আৰু কাঠৰ মুঠ মুল্য ১১.৬৩৬ কোটি টকা বুলি সদৰি কৰে অসম ৰাইফলছৰ সুত্ৰটোৱে। পিছত জব্দকৃত এই চুপাৰী আৰু কাঠ খিনি কামজঙ জিলাৰ বন বিভাগক গতাই দিয়া হয়।

মণিপুৰত ১১.৬৩৬ কোটি টকাৰ বাৰ্মিজ চুপাৰী আৰু কাঠ জব্দ
গহপুৰৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসত সাংবাদিকৰ প্ৰৱেশত বাধা আৰক্ষীৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in